ETV Bharat / bharat

এগৰাকী আৰক্ষী বিষয়াৰ মহানুভৱতা; দাৰিদ্ৰ্যপীড়িত পৰিয়ালৰ দুই ভগ্নীৰ অভিভাৱক হৈ পাতি দিলে বিয়া

এগৰাকী আৰক্ষী বিষয়া আৰু তেওঁৰ পত্নীয়ে নিজৰ ঘৰত সম্পূৰ্ণ নিজৰ খৰচত দুগৰাকী অনাথ ভগ্নীৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত কৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰিছে ।

Rajasthan SHO wedding Sisters
এগৰাকী আৰক্ষী বিষয়াৰ মহানুভৱতা; দাৰিদ্ৰ্যপীড়িত পৰিয়ালৰ দুই ভগ্নীৰ অভিভাৱক হৈ পাতি দিলে বিয়া (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 9, 2026 at 8:40 PM IST

4 Min Read
Choose ETV Bharat

আলৱাৰ (ৰাজস্থান) : সাধাৰণতে মানুহৰ মনত এটা ধাৰণা গঢ় লৈ উঠে যে আৰক্ষীৰ লোকসকল বৰ কঠিন হৃদয়ৰ আৰু তেওঁলোকে মানুহৰ লগত ৰূঢ় আচৰণ কৰে । কিন্তু কৰ্তব্যৰ তাগিদাত কঠোৰ হ'বলৈ বাধ্য হোৱা বহু আৰক্ষীৰ খাকী পোছাকৰ তলত থকা হৃদয়খনো যে বৰ আলসুৱা, মৰমীয়াল আৰু মহানুভৱতাৰে ভৰি থাকে তাৰ বিভিন্ন উদাহৰণ বিভিন্ন সময়ত লাভ কৰা যায় । এগৰাকী আৰক্ষী বিষয়াৰ তেনে এক মহানুভৱতাৰ কাহিনী শেহতীয়াভাৱে পোহৰলৈ আহিছে ।

কৰ্তব্যৰ ঊৰ্ধ্বত মমতাৰ এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰি ৰাজস্থানৰ আলৱাৰ জিলাৰ এগৰাকী আৰক্ষী বিষয়াই এনে এটা কাম কৰিছে যিটো কাম হয়তো আপোনাৰ-মোৰ দৰে বহুতেই কৰিবলৈ কেতিয়াও নাভাবিব পাৰে । তেওঁ এনে এগৰাকী জীৱন সংগ্ৰামত যুঁজি থকা শ্ৰমিকৰ বাবে এক ডাঙৰ সহায়ৰ হাত হৈ পৰে যিয়ে তেওঁৰ দুগৰাকী কন্যাক কেতিয়াও বিয়া দিব নোৱাৰিব বুলি চিন্তাৰ সাগৰত বুৰ গৈ আছিল ।

ৰাজগড়ৰ পাড়ৱা গাঁৱৰ পৰিয়ালটোৱে বছৰ বছৰ ধৰি অতি কষ্টৰ মাজেৰে দিন অতিবাহিত কৰি আহিছিল । দুগৰাকী কন্যা পাঁচ বছৰ পূৰ্বে মাতৃহাৰা হৈছিল আৰু পিতৃ মহেশ শৰ্মাৰ হাতত পৰিয়ালটো ভৰণ-পোষণৰ দায়িত্ব এৰি থৈ গৈছিল । পিতৃয়ে দিনহাজিৰা কৰি কোনোমতে সংসাৰৰ বোজা বহন কৰি দিন অতিবাহিত কৰিছিল । কিন্তু দুয়োগৰাকী কন্যাৰ বিয়া একেলগে ঠিক হৈ থকাৰ বাবে বিবাহ অনুষ্ঠানৰ আয়োজন কৰাৰ চিন্তাই তেওঁৰ চকুৰ টোপনি কাঢ়ি নিছিল । বিয়াৰ বোজা কেনেদৰে বহন কৰিব সেই কথা চিন্তা কৰি বহু উজাগৰী নিশা পাৰ কৰিছিল ।

ইফালে পৰিয়ালটোৰ এই উদ্বেগৰ বিষয়ে জানিবলৈ পাৰি বৰ্তমান জামৱা ৰামগড়ত কৰ্মৰত আৰক্ষী বিষয়া ভগৱান সাহায় মীনাই এক অসাধাৰণ কাম সম্পন্ন কৰিবলৈ আগবাঢ়ি আহে । তেওঁ স্বেচ্ছাই বিয়াৰ সমগ্ৰ খৰচ বহন কৰাৰ লগতে বিবাহ অনুষ্ঠানৰ বাবে নিজৰ ঘৰৰ দুৱাৰো মুকলি কৰি দিয়ে ।

পত্নী মুস্কান মীনাৰ সৈতে আৰক্ষী বিষয়াজনে তেওঁলোকৰ বাসগৃহটোক দুই ভগ্নী-কইনাৰ 'মাতৃগৃহ'লৈ ৰূপান্তৰ কৰে । ইয়াৰ পৰাই দুগৰাকী কইনাৰ বিয়া সম্পূৰ্ণ কৰি শহুৰেকৰ ঘৰলৈ পঠিওৱা হয় । আনহাতে, দম্পতীহালে বিয়াৰ প্ৰতিটো আচাৰ-ব্যৱহাৰ আৰু ৰীতি-নীতি পৰম্পৰা অনুসৰি সম্পন্ন কৰে ।

এই পদক্ষেপ গ্ৰহণৰ আঁৰৰ উদ্দেশ্যৰ বিষয়ে উল্লেখ কৰি মীনাই কয়, "যদি এটা সৰু প্ৰচেষ্টাই এটা পৰিয়ালৰ মুখত হাঁহি বিৰিঙাব পাৰে, তেন্তে ইয়াতকৈ ডাঙৰ সুখ আৰু একোৱেই নাই ।"

গাঁওবাসীয়ে কয় যে বিষয়াজনৰ এটা পদক্ষেপে দৰিদ্ৰতাৰ সৈতে যুঁজি তাৰ পৰা পৰিত্ৰাণৰ বাবে চেষ্টা কৰি থকা পৰিয়ালটোক এক আৱেগিক সহায় আগবঢ়াইছিল । আনহাতে, ওচৰ-পাজৰৰ অঞ্চলৰ বাসিন্দাসকলেও এক বৃহৎ পৰিয়ালৰ সদস্যৰ দৰে বিবাহ উদযাপনত যোগদান কৰাৰ লগতে বিয়াৰ প্ৰস্তুতি আৰু ইয়াৰ ব্যৱস্থা কৰাত সহায়ৰ হাত আগবঢ়ায় ।

এগৰাকী স্থানীয় বাসিন্দা যোগেন্দ্ৰ পাৰীকে জনোৱা মতে, বিয়াৰ ব্যৱস্থা কৰিবলৈ সংগ্ৰাম কৰি থকা মহেশ শৰ্মাই এটা সময়ত গাঁওবাসীৰ সৈতে আৰক্ষী বিষয়া মীনাৰ কাষ চাপে । ইফালে পৰিয়ালটোৰ আৰ্থিক অৱস্থাৰ বিষয়ে জানিব পাৰি বিষয়াজনে লগে লগে গাঁওবাসীক বিয়াৰ প্ৰস্তুতি আৰম্ভ কৰিবলৈ কয় আৰু সকলো ধৰণৰ খৰচ তেওঁ বহন কৰিব বুলি আশ্বাস দিয়ে ।

আনকি মীনা আৰু তেওঁৰ পত্নীয়ে জ্যেষ্ঠ কন্যাগৰাকীৰ কন্যাদানো কৰে ৷ আনহাতে, কনিষ্ঠ ভগ্নীৰ কন্যাদান তেওঁৰ খুড়াক আৰু পেহীয়েকে কৰে ।

ইফালে দুয়োগৰাকী কইনাক বিদায় দি দৰা ঘৰলৈ উলিয়াই দিয়াৰ সময়ত শৰ্মা পৰিয়াল আৰু মীনাৰ পৰিয়ালৰ মাজত হোৱা প্ৰেমৰ আদান-প্ৰদানে এক আৱেগিক পৰিৱেশৰ সৃষ্টি কৰে আৰু সকলোৱে চকুলো টুকি ন-কইনাক বিদায় জনায় । গাঁওবাসীয়ে কয় যে মাতৃৰ সহায় অবিহনে ডাঙৰ-দীঘল হোৱা কইনা দুগৰাকী অৱশেষত এনেদৰে সকলোৰে মৰমত নিজৰ নতুন ঘৰলৈ ৰাওনা হয় । পৰিয়ালটোৰ আটাইতকৈ কঠিন মুহূৰ্তত কাষত থিয় দিয়া বাবে কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁলোকৰ পিতৃয়ে আৰক্ষী বিষয়াগৰাকীৰ কাষত থিয় হৈ একেলগে নিজ কন্যাক আশীৰ্বাদ দিয়ে । তেওঁ কয়, "আৰক্ষী ছাৰে আমাক সমৰ্থন নকৰিলে মোৰ বাবে তেওঁলোকৰ বিবাহ সম্পন্ন কৰাটো সম্ভৱ নহ’লহেঁতেন ।"

লগতে পঢ়ক :থলুৱা বীজৰ বৈচিত্ৰ্য সংৰক্ষণৰ পদক্ষেপ : নাগালেণ্ডৰ খনমাত বীজ বেংক আৰু সমূহীয়া শিকন কেন্দ্ৰ মুকলি
লগতে পঢ়ক :বিশ্ব গাধ দিৱস বিশেষ: ৮ মে'ত কিয় পালন কৰা হয় এই বিশেষ দিন ?