ETV Bharat / bharat

ঘৰৰ আৰাম ত্যাগ কৰি গৰাকীৰ পৰা বিদায় লৈ ইহঁত ওলাইছে দেশৰ প্ৰহৰী হ’বলৈ

যুদ্ধক্ষেত্ৰৰ পৰা বহু দূৰত উত্তৰ কৰ্ণাটকৰ এটা দম্পতীয়ে বহু যত্ন আৰু অনুশাসনৰ মাজেৰে ডাঙৰ-দীঘল কৰি আহিছে কুকুৰৰ পোৱালি ৷ সেই পোৱালিবোৰে দিয়ে দেশৰ পহৰা ৷

Belgian Malinois Dogs
ভাট দম্পতীয়ে দেশৰ বাবে চি আৰ পি এফৰ হাতত গতাই দিছে কুকুৰ পোৱালি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 9, 2026 at 1:52 PM IST

5 Min Read
Choose ETV Bharat

কাৰৱাৰ (কৰ্ণাটক) : বেলজিয়ান মেলিন’ইছ, এটা বিশেষ প্ৰজাতিৰ কুকুৰ ৷ এটা পৰিয়ালৰ ঘৰত আছে এই প্ৰজাতিৰ কুকুৰৰ পোৱালি ৷ আমি উল্লেখ কৰা এই পৰিয়ালটোৰ লগত শেহতীয়াকৈ আছে প্ৰায় ৭৫ দিনীয়া এই কুকুৰৰ পোৱালিকেইটা ৷ আন কুকুৰৰ পোৱালিবোৰৰ দৰে ইঁহতেও ইফালে সিফালে দৌৰি-ঢাপলি থাকে ৷ গৰাকীৰ মাত-কথা সম্পূৰ্ণ বুজি পায় বেলজিয়ান মেলিন’ইছ ৷ গৰাকীয়ে মাতিলেই য’তেই নাথাকক কিয় সিঁহত দৌৰি গুচি আহে ৷

এই মৰম লগা বেলজিয়ান মেলিন’ এতিয়া সকলোৰে অতি প্ৰিয় হৈ পৰিছে ৷ অতি আনন্দৰ কথা এই যে ৭৫ দিনীয়া বেলজিয়ান মেলিন’ নিৰ্বাচিত হৈছে ভাৰতৰ নিৰাপত্তা বাহিনীক সেৱা আগবঢ়াবলৈ ৷ কেৱল বেলজিয়ান মেলিন’ইছ নহয় তাৰ লগত জন্ম হোৱা আন কেবাটাও প্ৰজাতিৰ পোৱালিয়ে ভাৰতৰ নিৰাপত্তা বাহিনীত যোগদান কৰিব ৷

আমি উল্লেখ কৰা এই পৰিয়ালটো কৰ্ণাটকৰ অংকোলাৰ বাবিকেৰী গাঁৱৰ বাসিন্দা ৷ তেওঁলোক হ’ল ৰাঘবেন্দ্ৰ ভাট আৰু ৰাজেশ্বৰী ভাট ৷ তেওঁলোকে কুকুৰক পৰিয়ালৰ একোজন সদস্য হিচাপে পোহপাল কৰে ৷ তেওঁলোকৰ মাথোঁ এটাই ডাঙৰ উদ্দেশ্য - দেশৰ সেৱাৰ বাবে কুকুৰকেইটাক তৈয়াৰ কৰা ৷

Belgian Malinois Dogs
ভাট দম্পতীয়ে দেশৰ বাবে চি আৰ পি এফৰ হাতত গতাই দিছে কুকুৰ পোৱালি (ETV Bharat)

শেহতীয়াকৈ দম্পতীটোৱে ডাঙৰ-দীঘল কৰা ৯টা বেলজিয়ান শ্বেফাৰ্ড মেলিন’ইছৰ পোৱালি আনুষ্ঠানিকভাৱে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীত (Central Reserve Police Force চমুকৈ CRPF) অন্তৰ্ভুক্ত কৰা হৈছে । বেংগালুৰুৰ কনকাপুৰা ৰোডৰ চি আৰ পি এফ কুকুৰ প্ৰশিক্ষণ কেন্দ্ৰত তেওঁলোকে কুকুৰ পোৱালিকেইটা গতাই দিয়ে ।

জানিব পৰা মতে, শেহতীয়াকৈ দম্পতীটোৱে গতাই দিয়া ৯টা বেলজিয়ান শ্বেফাৰ্ড মেলিন’ইছ কুকুৰ পোৱালিৰ ভিতৰত চাৰিটাক চি আৰ পি এফৰ অভিযানৰ বাবে পোনপটীয়াকৈ নিয়োগ কৰা হ’ব, আনহাতে একেটা সুবিধাতে উন্নত প্ৰশিক্ষণ সমাপ্ত কৰি পাঁচটাই পশ্চিম বংগ আৰক্ষীত যোগদান কৰিব ।

ভাট দম্পতীটোৰ বাবে সেয়া আছিল এক মিশ্ৰিত অনুভূতিৰ এক মুহূৰ্ত ৷ কাৰণ পৰিয়ালৰ সদস্যকেইটাক একেবাৰে নিজৰ পৰা আঁতৰ কৰাৰ অনুভৱ ৷ আনহাতে, তেওঁলোকে নিজকে গৌৰৱবোধ কৰে যে তেওঁলোকৰ ঘৰৰ সদস্যই দেশসেৱাৰ কামত বৰ্তি হ’ব ৷

এই সন্দৰ্ভত ৰাঘবেন্দ্ৰই কয়, "প্ৰতিবাৰেই কুকুৰ পোৱালিবোৰ যোৱাৰ সময়ত ঘৰটো খালী যেন লাগে । কিন্তু উদ্দেশ্যৰ কথা ভাবিলে আমি বুজি পাওঁ আৰু পুনৰ আন এটা লট ডাঙৰ-দীঘল কৰিবলৈ লওঁ ।"

আজি ২৫ বছৰতকৈও অধিক সময় ধৰি ৰাঘবেন্দ্ৰ আৰু ৰাজেশ্বৰীয়ে বহু যত্ন আৰু অনুশাসনৰ মাজেৰে কুকুৰ পালন কৰি আহিছে ৷ ২০২৩ চনত তেওঁলোকে অসম ৰাইফলছত ১৭টা কুকুৰৰ পোৱালি যোগান ধৰিছিল, ২০২৪ চনত দুটা কুকুৰ পোৱালিয়ে চি আৰ পি এফত যোগদান কৰিছিল । এই পৰ্যন্ত তেওঁলোকে সমগ্ৰ দেশৰ বিভিন্ন আৰক্ষী আৰু প্ৰতিৰক্ষা বাহিনীক প্ৰায় ৪৫টা কুকুৰ যোগান ধৰিছে ।

Belgian Malinois Dogs
বেলজিয়ান মেলিন’ইছ ওলাইছে দেশৰ প্ৰহৰী হ’বলৈ (ETV Bharat)

মহিলা আৰু শিশু কল্যাণ বিভাগত কৰ্মৰত ৰাঘবেন্দ্ৰ ভাটে এই প্ৰশিক্ষণক দায়িত্ব হিচাপে গ্ৰহণ কৰে । তেওঁ কয়, ‘‘হয়তো আমি দেশৰ সেৱা এইদৰেই কৰো, আমাৰ ফালৰ পৰা এটা সৰু প্ৰচেষ্টা ।’’

আৰক্ষী আৰু সামৰিক কুকুৰ ইউনিটত নিৰ্বাচন কিছু কঠিন হয় । বিশেষজ্ঞ বিষয়াসকলে বিভিন্ন পৰিমাপত কুকুৰকেইটাৰ মূল্যায়ন কৰে । প্ৰথমে মাতৃৰ স্বাস্থ্য আৰু বংশ, তাৰ পিছত জন্মৰ ইতিহাস, ওজন, উচ্চতা আৰু শেষত স্বভাৱ, সজাগতা, বুদ্ধিমত্তাৰ উপৰিও শাৰীৰিক বিকাশ আদি চোৱাচিতা কৰা হয় ।

‘ক্লিয়া’ আৰু ‘টিনি’ৰ জন্ম হোৱা ৭৫ দিনীয়া কুকুৰ পোৱালিকেইটাই ভাল নম্বৰেৰে এই পৰীক্ষাসমূহত উত্তীৰ্ণ হৈ ৰাষ্ট্ৰীয় প্ৰশিক্ষণ কেন্দ্ৰৰ বাবে নিৰ্বাচিত হয় । অৱশ্যে এই পৰীক্ষাবোৰত অতি কম সংখ্যক কুকুৰ পোৱালিহে উত্তীৰ্ণ হয় ৷

  • বেলজিয়ান মেলিন'ইছ কিয় ?

বেলজিয়ান শ্বেফাৰ্ড মেলিন’ইছক বিশ্বৰ অভিজাত নিৰাপত্তা বাহিনীৰ ভিতৰত আটাইতকৈ বিশ্বাসযোগ্য জাতৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয় । চোকা চোৰাংচোৱা, অত্যন্ত সংবেদনশীলতা, সহনশীলতা আৰু আনুগত্যৰ বাবে পৰিচিত এই জাতটোক উচ্চ বিপদজনক সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ উপৰিও বিস্ফোৰক আৰু নিচাযুক্ত দ্ৰব্য ধৰা পেলোৱা, জংঘল আৰু বিদ্ৰোহ বিৰোধী অভিযানৰ বাবেও বহুলভাৱে ব্যৱহাৰ কৰা হয় । এই জাতটোৱে আন্তঃৰাষ্ট্ৰীয় বাহিনীৰ দ্বাৰা বৃহৎ সন্ত্ৰাসবাদ বিৰোধী অভিযানত ভালদৰে কাম কৰাৰ সুনাম আছে আৰু আজি, ভাৰততো ইহঁতে কেনাইন ইউনিটৰ মেৰুদণ্ড গঠন কৰে ।

বেলজিয়ান মেলিন'ইছৰ উপৰিও ভাট পৰিয়ালে জাৰ্মান শ্বেফাৰ্ড, ডবাৰমেন, লেব্ৰাডৰ, বক্সাৰ, গ্ৰেট ডেন, আৰু মুডহল হাউণ্ড আৰু তিব্বতী মাষ্টিফৰ দৰে থলুৱা কুকুৰ পালন কৰে ৷

ৰাজেশ্বৰীয়ে কয়, "আমি সিঁহতক নিজৰ শিশু দৰেই ডাঙৰ-দীঘল কৰো । সেয়ে যেতিয়া আমি সিঁহতক গতাই দিওঁ সেয়া আমাৰ বাবে সহজ কথা নহয় ৷ কিন্তু আমাৰ একমাত্ৰ সান্ত্বনা হ'ল সিঁহতে সশস্ত্ৰ বাহিনীৰ অংশ হ'ব । এই কথা ভাবিলে আমি গৌৰৱ অনুভৱ কৰো ।"

লগতে পৰঢ়ক : ১২ হাজাৰ গছৰ এজোপাও কাটিব নোৱাৰিব : উন্নয়ন আৰু পৰিৱেশৰ মাজৰ যুঁজখনত অৱশেষত সেউজীয়াই জয়ী হ'ল