ETV Bharat / bharat

ৰে’ল বিভাগত চাকৰি : ৪,০৯৮ টা কাৰিকৰী পদৰ নিযুক্তি প্ৰক্ৰিয়াত অনুমোদন

বিভাগটোত ৮৪৫ টা স্থায়ী পদ পূৰণৰ যো-জা চলিছে ৷ অন্যান্য শাখাত ৪৭০ টা আৰু ৪৫০ টা পদকে ধৰি মুঠ ৯২০ টা পদ খালী আছে ৷

RAILWAY MINISTRY RECRUITMENT
প্ৰতিনিধিত্বমূলক ছবি (IANS)
author img

By ETV Bharat Assamese Team

Published : July 8, 2026 at 7:50 AM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: নিবনুৱাসকলৰ বাবে সুখবৰ ৷ ৰে’ল বিভাগত দীৰ্ঘদিনে খালী হৈ থকা একাংশ পদত নিযুক্তিৰ বাবে সেউজ সংকেত ভাৰতীয় ৰে’ল মন্ত্ৰালয়ৰ ৷ বিভাগটোত সুৰক্ষাৰ দিশটো শক্তিশালী কৰাৰ লগতে কাৰ্যকৰী দক্ষতা বৃদ্ধিৰ বাবে দেশৰ বিভিন্ন ৰে’ল মণ্ডলত সম্প্ৰতি খালী হৈ থকা ৪,০৯৮ জন কাৰিকৰী কৰ্মীৰ নিযুক্তিত ৰে’ল মন্ত্ৰালয়ে অনুমোদন জনাইছে ।

বিভাগটোৰ বিষয়াসকলে মন্ত্ৰালয়ে ৩৫টা কাৰিকৰী শিতানত খালী পদ পূৰণ কৰাৰ সিদ্ধান্ত লোৱাৰ কথা জানিবলৈ দিয়ে ৷ ইয়াৰে একাংশ পদ কাৰ্যকৰী সুৰক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷ এই পদসমূহৰ জৰিয়তে কনিষ্ঠ অভিযন্তা, ডিপো সামগ্ৰীৰ অধীক্ষকৰ লগতে ৰাসায়নিক আৰু ধাতুবিজ্ঞানৰ সহায়ক নিযুক্তি দিয়া হ’ব ৷

শেহতীয়াকৈ প্ৰতিটো ৰে’ল মণ্ডলৰ সাধাৰণ পৰিচালকসকলক উদ্দেশ্যি মন্ত্ৰালয়ে এক বিজ্ঞপ্তি প্ৰকাশ কৰিছে ৷ ইয়াৰ জৰিয়তে কোৱা হৈছে যে তেওঁলোকে এইচআৰএমএছৰ জৰিয়তে মণ্ডলসমূহে চিহ্নিত কৰা খালী পদসমূহৰ মূল্যায়ন কৰিছে আৰু সেই মূল্যায়নৰ ভিত্তিতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰাৰ নিৰ্দেশ দিছে ।

মন্ত্ৰালয়ে ৰে’ল বিভাগৰ নিযুক্তি ব’ৰ্ড(আৰআৰবি) বেংগালুৰুৰ মুৰব্বীৰ সৈতে আলোচনা কৰি এক সময়সীমা নিৰ্ধাৰণ কৰিছে ৷ যাৰ মতে ন’ডেল আৰআৰবি সমূহে চলিত বৰ্ষৰ ২১ জুলাইৰ পৰা কেন্দ্ৰীভূত নিয়োগ অধিসূচনা(চিইএন) জাৰি কৰিব ।

খালী পদৰ চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ সময়ত অনুসূচিত জাতি, অনুসূচিত জনজাতি, অ’বিচি আৰু ইডব্লিউএছ শিতানৰ বাবে নিৰ্ধাৰিত সংৰক্ষণ নীতিসমূহ মানি চলাটো আৱশ্যক ৷ তদুপৰি প্ৰয়োজনীয় সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈও মণ্ডল ৰে’ল বিভাগক নিৰ্দেশ দিয়া হৈছে ।

পূৰ্বে মন্ত্ৰালয়ৰ অনুমোদনৰ ভিত্তিতে কাৰিকৰী দিশত ৬,৫৬৫ গৰাকী টেকনিচিয়ান নিযুক্তিৰ বাবে অধিসূচনা জাৰি কৰা হৈছিল । ইয়াৰ ভিতৰত চিগনেল টেকনিচিয়ানৰ গ্ৰেড-১ ৰ বাবে ৩২৩ টা আৰু গ্ৰেড-৩ ৰ টেকনিচিয়ানৰ বাবে ৬,২৪২ টা পদৰ বিজ্ঞাপন জাৰি কৰা হৈছিল ৷

ৰে’ল বিভাগৰ বিভিন্ন ইউনিয়নে মন্ত্ৰালয়ৰ এই সিদ্ধান্তত সন্তুষ্টি প্ৰকাশ কৰে ৷ তেওঁলোকে কয় যে ইয়াৰ ফলত বিভাগৰ কাৰ্যকৰী দক্ষতা বৃদ্ধি পোৱাৰ লগতে কামৰ বোজা বহু পৰিমাণে হ্ৰাস পাব ।

সৰ্বভাৰতীয় ৰে’লৱেমেন ফেডাৰেছনৰ সাধাৰণ সম্পাদক শিৱগোপাল মিশ্ৰই কয়, ‘‘লাখ লাখ যাত্ৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে খালী পদ পূৰণ কৰাটো অতি গুৰুত্বপূৰ্ণ । ৰে'ল মন্ত্ৰালয়ৰ এই সিদ্ধান্তক মই আদৰণি জনাইছো আৰু আশা কৰিছো যে তেওঁলোকে সুৰক্ষাৰ ওপৰত গুৰুত্ব দিব ।’’

ভাৰতীয় ৰে’ল বিভাগৰ এছএণ্ডটি মেইণ্টেইনাৰ্ছ ইউনিয়নৰ সাধাৰণ সম্পাদক আলোক চন্দ্ৰ প্ৰকাশে কয়, ‘‘চিগনেল আৰু টেলিকম কৰ্মচাৰীৰ দেশজোৰা প্ৰতিবাদৰ পিছত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । ৰে’ল মন্ত্ৰালয়ে আমাৰ প্ৰতিবাদক গুৰুত্ব দি দীৰ্ঘদিনে খালী হৈ থকা সুৰক্ষা সম্পৰ্কীয় পদসমূহ পূৰণ কৰাৰ সিদ্ধান্ত লোৱাত মই আনন্দিত ।’’

মন্ত্ৰালয়ৰ বিজ্ঞাপন অনুসৰি ১৯৭ গৰাকী কনিষ্ঠ অভিযন্তা(চিগনেল) আৰু ৭৯ গৰাকী কনিষ্ঠ অভিযন্তা(টেলিকমিউনিকেশ্যন) নিযুক্তিৰ নিৰ্দেশ দিয়া হৈছে ।

প্ৰকাশে লগতে কয়, ‘‘মন্ত্ৰালয়ে কেৱল পৰ্যায়ক্ৰমে খালী হোৱা সুৰক্ষা সম্পৰ্কীয় শ্ৰেণীৰ সকলো পদ পূৰণ কৰাই নহয়, বৰং ৰে’ল নেটৱৰ্ক আৰু ইয়াৰ আন্তঃগাঁথনিৰ বৃহৎ পৰিসৰৰ সম্প্ৰসাৰণৰ পৰা উদ্ভৱ হোৱা প্ৰয়োজনীয়তা পূৰণৰ বাবে নতুন পদৰ সৃষ্টি কৰিব বুলি আশা কৰিছো ।’’

লগতে পঢ়ক: ৱায়ানাডৰ ভূমিস্খলনত বহিঃৰাজ্যৰ তিনি শ্ৰমিকৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোকপ্ৰকাশ