নিৰাপদে পাৰ হওঁক ৰে’লপথ ! অচিৰে দেশজুৰি ৰে’ল বিভাগে নিৰ্মাণ কৰিব সুৰক্ষিত উপপথ
এই ছাবমেট্ৰ’সমূহ মাত্ৰ ১২ ঘণ্টাতে নিৰ্মাণ কৰিব পৰা যাব ৷ দৈনন্দিন জীৱনত যিসকল লোকে সঘনাই ৰে’লপথ পাৰ হ’ব লাগে, তেনে স্থানত নিৰ্মাণ কৰা হ’ব ৷

By ANI
Published : March 26, 2026 at 11:58 PM IST
নতুন দিল্লী: কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰে’লপথ সহজে পাৰ হোৱাটো সুবিধাজনক কৰি তোলাৰ লগতে দুৰ্ঘটনাৰ আশংকা হ্ৰাস কৰিবলৈ সমগ্ৰ দেশতে ছাবমেট্ৰ’ বা উপপথ নিৰ্মাণৰ নিৰ্দেশ দিছে ।
মন্ত্ৰালয়ৰ মতে, এই ছাবমেট্ৰ’সমূহ মাত্ৰ ১২ ঘণ্টাতে নিৰ্মাণ কৰিব পৰা যাব ৷ তদুপৰি এইবোৰ দৈনন্দিন জীৱনত যিসকল লোকে সঘনাই ৰে’লপথ পাৰ হ’ব লাগে, তেনে স্থানত নিৰ্মাণ কৰা হ’ব ৷ বিশেষকৈ এফালে বসতি স্থাপন আৰু আনফালে খেতিপথাৰ, বিদ্যালয়, শ্মশান বা কৰ্মস্থলীৰ দৰে অত্যাৱশ্যকীয় সা-সুবিধা থকা অঞ্চলত ইয়াক নিৰ্মাণ কৰা হ’ব ৷
ৰে’লপথ অতিক্ৰম কৰাৰ সময়ত যাতে পথচাৰীয়ে নিজৰ জীৱন বিপন্ন কৰিব নালাগে, তাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপদ বিকল্প হিচাপে এই ছাবমেট্ৰ’ৰ পৰিকল্পনা কৰা হৈছে ।
মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই ছাবমেট্ৰ’সমূহৰ ডিজাইন জনসাধাৰণৰ অনুকূল কৰি তোলাত গুৰুত্ব আৰোপ কৰা বুলি ৰে’ল মন্ত্ৰালয়ে জানিবলৈ দিয়ে ৷ যাতে মানুহে সহজে চাইকেল, মটৰ চাইকেল আৰু অন্যান্য কৰ্মস্থলীৰ প্ৰয়োজনীয় সামগ্ৰী অনায়াসে কঢ়িয়াই নিব পাৰে ।
ইয়াৰ দ্বাৰা জনসাধাৰণৰ এক বৃহৎ অংশ উপকৃত হোৱাৰ সম্ভাৱনা আছে ৷ বিশেষকৈ গ্ৰাম্য আৰু অৰ্ধনগৰীয়া অঞ্চলসমূহত, য’ত ৰে’লপথ পাৰ হোৱাটো সাধাৰণ কথা ।
মন্ত্ৰালয়ে লগতে কয় যে এই পদক্ষেপে দেশৰ এক বৃহৎ জনগণৰ বাবে আশীৰ্বাদ হিচাপে প্ৰমাণিত হ’ব ৷ কাৰণ ইয়াৰ দ্বাৰা ৰে’লপথত সংঘটিত দুৰ্ঘটনা বহু পৰিমাণে ৰোধ কৰিব পৰা যাব ।
পূৰ্বে ভাৰতীয় ৰে’ল বিভাগে ইয়াৰ যোগাযোগ আন্তঃগাঁথনি যথেষ্ট উন্নীতকৰণ আৰু একাধিক জ’নত কাভাচ স্বয়ংক্ৰিয় ৰে’ল সুৰক্ষা ব্যৱস্থা সম্প্ৰসাৰণৰ লক্ষ্যৰে প্ৰায় ১,২৩৬ কোটি টকাৰ এক বিস্তৃত প্ৰকল্পত অনুমোদন জনাইছিল বুলি ৰে’ল মন্ত্ৰালয়ে প্ৰকাশ কৰিছে ।
এই অনুমোদনসমূহে তিনিটা পৃথক প্ৰস্তাৱক সামৰি লৈছে ৷ সেইকেইটা ক্ৰমে দুটা মধ্য আৰু পশ্চিম ৰে’ল বিভাগৰ অপটিকেল ফাইবাৰ আৰু মাটিৰ তাঁৰৰ আন্তঃগাঁথনিৰ সৈতে জড়িত আৰু এটা দক্ষিণ ৰে’ল বিভাগৰ উচ্চ ব্যৱহাৰৰ পথত কৱচ ব্যৱস্থা নিয়োগৰ সৈতে জড়িত ।
৬২৩.৬৩ কোটি টকা ব্যয়সাপেক্ষে কেন্দ্ৰীয় ৰে’ল বিভাগে লাভ কৰিছে উন্নত ফাইবাৰ নেটৱৰ্ক । কেন্দ্ৰীয় ৰে’ল বিভাগে নিজৰ পৰিসৰত ইয়াৰ পাঁচটা বিভাগ যেনে – ছোলাপুৰ, নাগপুৰ, পুনে, ভূছাৱল আৰু মুম্বাইক সামৰি এক শক্তিশালী, দ্বৈত ৰে’লপথৰ যোগাযোগ ব্যৱস্থা সৃষ্টিৰ বাবে দুটা পৰিপূৰক কামত অনুমোদন জনাইছে ।
প্ৰথমে ছোলাপুৰ, নাগপুৰ, পুনে আৰু ভূছাৱল সংমণ্ডলক সামৰি বৰ্তমানৰ ২৫ কিল’ৱাট বৈদ্যুতিক ট্ৰেকচন লাইনৰ ২,২৫০.৬৮ কোটি কিলোমিটাৰত অ’ পি জি ডব্লিউ(৯৬ ফাইবাৰ) নামৰ বিশেষ ধৰণৰ কম্প’জিট অভাৰহেড তাঁৰ স্থাপন কৰা হ’ব । এই তাঁৰে একেলগে দুটা কাম কৰে : ই ট্ৰেকচন ছিষ্টেমৰ বাবে ভূমিভাগৰ সুৰক্ষামূলক তাঁৰ হিচাপে কাম কৰে আৰু যোগাযোগৰ বাবে অপটিকেল ফাইবাৰো কঢ়িয়াই লৈ ফুৰে । যিহেতু ই বৰ্তমানৰ ট্ৰেকচন টাৱাৰত চলি থাকে, গতিকে নতুন অসামৰিক আন্তঃগাঁথনিৰ প্ৰয়োজন নাই । ইয়াৰ ব্যয়ৰ পৰিমাণ হৈছে ২৩৮.৯৩৬৩ কোটি টকা ।
দ্বিতীয়তে, পাঁচটা বিভাগ যেনে – ছোলাপুৰ, পুনে, নাগপুৰ, ভূছাৱল আৰু মুম্বাইত ৰে’লপথৰ এটা ফালে ভূমিভাগৰ তলৰ অপটিকেল ফাইবাৰ কেবল(২ x ৪৮ ফাইবাৰ) স্থাপন কৰা হ’ব, যাৰ ব্যয় হ’ব ২,৬৭৩.২১ কোটি টকা ।
আনফালে OPGW ৰ সৈতে সংযুক্ত কৰিলে, ই প্ৰতিটো পথত দুটা স্বতন্ত্ৰ ফাইবাৰ পথৰ সৃষ্টি কৰিব ৷ যাতে এটা পথত বিসংগতি হ’লেও যোগাযোগৰ পৰিসৰ কাৰ্যক্ষম হৈ থকাটো নিশ্চিত হয় । ইয়াৰ ব্যয়ৰ পৰিমাণ ৩৮৪.৬৮৮৭ কোটি টকা ।
অতিৰিক্ত ফাইবাৰ ক্ষমতাও ডাৰ্ক ফাইবাৰ হিচাপে লিজত দিয়া হ’ব, যাৰ ফলত ভাৰতীয় ৰে’ল বিভাগে ৰাজহ লাভ কৰিব । দক্ষিণ ৰে’ল বিভাগত ৩১০.১৮ কোটি টকা ব্য়য়ৰে নিৰ্মাণ কৰা কৱচ সুৰক্ষা ব্যৱস্থা ৫৪৮ কিলোমিটাৰলৈ সম্প্ৰসাৰিত ৷
লগতে পঢ়ক: বন্দে ভাৰত শ্লীপাৰ ৰে’লত যাত্ৰীক বগা ৰঙৰ পৰিৱৰ্তে ৰঙীণ কম্বল-বিচনা চাদৰ

