ETV Bharat / bharat

নীট প্ৰত্যাশীৰ চৰম সিদ্ধান্তৰ প্ৰেক্ষাপটত চৰকাৰক দোষাৰোপ ৰাহুল গান্ধীৰ

১২ বছৰত প্ৰধানমন্ত্ৰীয়ে শিক্ষা ব্যৱস্থাক যিমানখিনি ধ্বংস কৰিছে তাৰ মূল্য যুৱ প্ৰজন্মই ভৰিব লগা হৈছে বুলি ৰাহুল গান্ধীৰ অভিযোগ ।

Congress leader Rahul Gandhi
নীট প্ৰত্যাশীৰ চৰম সিদ্ধান্তক লৈ চৰকাৰক দোষাৰোপ ৰাহুল গান্ধীৰ (IANS)
author img

By ETV Bharat Assamese Team

Published : June 4, 2026 at 2:06 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : নীটৰ প্ৰশ্নকাকত ফাদিলক লৈ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদো অব্যাহত আছে । তাৰ মাজতে দেশত এক শোকাৱহ ঘটনা সংঘটিত হৈছে ।

প্ৰশ্নকাকত ফাদিল আৰু নীট-ইউজিৰ অনিয়মৰ খবৰ পোহৰলৈ অহা পিছতে মধ্যপ্ৰদেশৰ মৌগঞ্জ জিলাৰ এগৰাকী নীট প্ৰত্যাশী শিক্ষাৰ্থীয়ে চৰম সিদ্ধান্ত গ্ৰহণ কৰিছে । এই ঘটনাৰ পিছতে পুনৰ চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধী ।

বৃহস্পতিবাৰে কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰি কয় যে বিগত ১২ বছৰত প্ৰধানমন্ত্ৰীয়ে শিক্ষা ব্যৱস্থাক যিমানখিনি ধ্বংস কৰিছে তাৰ মূল্য এটা সম্পূৰ্ণ প্ৰজন্মৰ যুৱক-যুৱতীয়ে ভৰিব লগা হৈছে ।

নীটৰ প্ৰস্তুতি চলাই থকা শিক্ষাৰ্থীগৰাকীয়ে চৰম সিদ্ধান্ত লোৱাৰ পিছত ৰাহুল গান্ধীয়ে কৈছে, "চিকিৎসক হৈ নিজৰ দেশ আৰু সমাজৰ সেৱা কৰাৰ আকাংক্ষা আছিল ছোৱালীজনীৰ । তেওঁৰ পিতৃ এজন কৃষক । কন্যাৰ চিকিৎসক হোৱাৰ সপোন পূৰণৰ বাবে তেওঁ কিষাণ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে ৩ লাখ টকাৰ ঋণো লৈছিল । তেওঁ আনকি নাগপুৰত ৰান্ধনীৰ চাকৰিতো সোমাইছিল, যাতে তেওঁৰ কন্যাই তাত কোচিং ল'ব পাৰে । এজন পিতৃয়ে যিমান পাৰে সকলো কৰিলে । তাৰ পিছত নীটৰ প্ৰশ্নকাকত ফাদিল হ'ল । পৰীক্ষা বাতিল হ'ল । সেই অনিশ্চয়তাৰ মাজতে ছোৱালীজনী আমাক চিৰদিনৰ বাবে এৰি থৈ গ'ল ।"

ৰাহুল গান্ধীয়ে লগতে অভিযোগ কৰে যে তেওঁৰ (ছাত্ৰী) মৃত্যু চৰম সিদ্ধান্ত নাছিল - প্ৰধানমন্ত্ৰী মোদীৰ দিনত দুৰ্নীতিগ্ৰস্ত আৰু দুৰ্বল ব্যৱস্থাৰ পৰিণতি । গান্ধীয়ে লগতে কয়, "আৰু ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া ? আজিও তেওঁ নিজৰ পদত দৃঢ়তাৰে বহি আছে । একেই পুৰণি কমিটী । একেই পুৰণি বদলিৰ ব্যৱস্থা । একে পুৰণি তদন্তৰ ব্যৱস্থা । সংস্কাৰ নাই; ন্যায় নাই ।"

ৰাহুল গান্ধীয়ে লগতে প্ৰধানমন্ত্ৰীক উদ্দেশ্যি কয়, "মোডী ডাঙৰীয়া, ক্ষমতা স্থায়ী নহয় - আহে আৰু যায় । কিন্তু আপুনি ১২ বছৰত শিক্ষা ব্যৱস্থাক যিমানখিনি ধ্বংস কৰিছে, তাৰ মূল্য ভাৰতৰ এটা সম্পূৰ্ণ যুৱ প্ৰজন্মই ভৰিব লগা হৈছে ।"

উল্লেখ্য যে যোৱা ৩ মে'ত প্ৰায় ২৩ লাখ পৰীক্ষাৰ্থীৰ বাবে অনুষ্ঠিত হোৱা নীট (ইউজি) ২০২৬ৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি নিশ্চিত হোৱাৰ পিছতে ১২ মে'ত পৰীক্ষা বাতিলৰ ঘোষণা কৰা হয় । চৰকাৰে চিবিআইক তদন্তৰ দায়িত্ব দিয়ে । ইয়াৰ পিছত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীয়ে পুনৰ পৰীক্ষা ২১ জুনত অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰে ।

লগতে পঢ়ক :

নীটৰ প্ৰশ্নকাকত ফাদিল প্ৰসংগত প্ৰধানমন্ত্ৰীৰ নীৰৱতাক লৈ প্ৰশ্ন কংগ্ৰেছৰ