ETV Bharat / bharat

দিল্লী পালেহি পুটিন, বিমানবন্দৰত 'বন্ধু'ক সাবটি ধৰি আদৰণি জনালে প্ৰধানমন্ত্ৰী মোদীয়ে

দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন । পুটিনৰ এই ভাৰত ভ্ৰমণে বাণিজ্য, বিনিয়োগ, প্ৰতিৰক্ষা আৰু অৰ্থনীতিত উত্থান ঘটাব বুলি আশা কৰা হৈছে ।

Putin in india
ভাৰতত উপস্থিত পুটিন (ANI)
author img

By ETV Bharat Assamese Team

Published : December 4, 2025 at 7:58 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : আজি (বৃহস্পতিবাৰ) সন্ধিয়া দুদিনীয়া ভাৰত ভ্ৰমণৰ বাবে নতুন দিল্লীৰ পালাম বিমানবন্দৰত অৱতৰণ কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে । ৰাছিয়াৰ ৰাষ্ট্ৰপতি বিমানবন্দৰত উপস্থিত হোৱাৰ পূৰ্বেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উক্ত স্থানত উপস্থিত হৈ তেওঁক আদৰণি জনায় ।

তাৰ পাচতে দুয়োৱে ইজনে সিজনক আলিংগন কৰে । পৰৱৰ্তী সময়ত একেখন বাহনতে বহি দুই বন্ধু-পুটিন আৰু মোদীয়ে নিৰ্দিষ্ট স্থান অভিমুখে ৰাওনা হয় ।

আজি প্ৰধানমন্ত্ৰী মোদীয়ে পুটিনৰ বাবে ব্যক্তিগত ভোজৰ আয়োজন কৰিছে । সম্ভৱতঃ হায়দৰাবাদ হাউছত (Hyderabad House) দুয়োগৰাকী নেতাই এক আলোচনাত মিলিত হ’ব।

২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ বাবে ভাৰতলৈ আহিছে পুটিন । তেওঁৰ সৈতে ৰাছিয়াৰ এটা প্ৰতিনিধি দলে বাণিজ্য, প্ৰতিৰক্ষা, প্ৰযুক্তি আৰু সংস্কৃতিৰ ক্ষেত্ৰত সহযোগিতাৰ ওপৰত আলোচনা কৰিব ।

৫ ডিচেম্বৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ’ব । তেওঁ ৰাজঘাটত মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে এক আলোচনাতো মিলিত হ’ব ।

Putin in india
একেখন গাড়ীতে পুটিন-মোদী (ANI)

ইয়াৰ পিছতে দুয়োগৰাকী নেতাই সংবাদ মাধ্যমক সম্বোধন কৰি কিছু মন্তব্য প্ৰকাশ কৰিব । ইয়াৰ পিছতে তেওঁলোকে ফেডাৰেচন অৱ ইণ্ডিয়ান চেম্বাৰ্ছ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ (Federation of Indian Chambers of Commerce and Industry) সৈতে এক ব্যৱসায়িক বৈঠকত অংশগ্ৰহণ কৰিব ।

জানিব পৰা মতে, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও পুটিনৰ বিদায়ৰ পূৰ্বে এক ভোজৰ আয়োজন কৰাৰ কথা আছে ।

উল্লেখ্য যে, ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছত এইটোৱেই ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ প্ৰথম ভাৰত ভ্ৰমণ । ২০২১ চনৰ ৬ ডিচেম্বৰত ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ২১ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ইয়াত উপস্থিত হৈছিল ।

লগতে পঢ়ক : সমগ্ৰ দিল্লীত 'পুটিনজ্বৰ' ! মানুহতো বাদেই পৰুৱাও নিষিদ্ধ ৰাষ্ট্ৰীয় ৰাজধানীত