পৰিচয়বিহীন মৃতকক সসন্মানেৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা এগৰাকী মহিলা
এতিয়ালৈকে প্ৰায় ২০০ ৰো অধিক মৃতদেহৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিছে পুষ্পলতা সিঙে ।

Published : December 17, 2025 at 2:38 PM IST
গোৰখপুৰ(উত্তৰ প্ৰদেশ): সনাতন ৰীতি অনুসৰি মৃতকক সন্মানেৰে জনোৱা হয় অন্তিম বিদায় । মৃত্যুৰ পিছত সন্মানজনকভাৱে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাটো অতীতৰে পৰা চলি আহিছে । এনে সনাতন ৰীতিৰ পিছতো সকলোৰে ইমান সৌভাগ্য নহয় যে তেওঁৰ এনে কৰিবলৈ আন কোনোবা আছে । প্ৰতিনিয়ত এনে বহু লোকৰ মৃত্য়ু হয় যিসকলৰ পাৰ্থিৱ শৰীৰৰ দাবী কৰিবলৈ কোনোৱেই নাথাকে ।
আমি এনে এগৰাকী মহিলাৰ বিষয়ে উল্লেখ কৰিব খুজিছো যিগৰাকীয়ে কোনোৱে নিজৰ বুলি দাবী নকৰা মৃতদেহৰ সসন্মানে শেষকৃত্য় সম্পন্ন কৰে । তেওঁৰ নাম পুষ্পলতা সিং । এই মহিলাগৰাকীয়ে এতিয়ালৈকে প্ৰায় ২০০ ৰো অধিক এনে মৃতদেহৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিছে । তেওঁৰ ঘৰ উত্তৰ প্ৰদেশৰ গোৰখপুৰত । পুষ্পলতাই কোনোৱে দাবী নকৰা মৃতদেহৰ অন্তিম ৰীতি-নীতি পালন কৰাৰ দায়িত্ব নিজৰ ওপৰত লৈছে । তেওঁ বিগত দুবছৰত হিন্দু আৰু মুছলমানকে ধৰি ২০০ৰো অধিক মৃতদেহৰ অন্ত্যেষ্টিক্ৰিয়া কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।
এই সন্দৰ্ভত পুষ্পলতা সিঙে কয়, "যিসকলৰ কোনো নাই তেওঁলোকক অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰাৰ বাবে ভগৱানে মোক বাচি লোৱা বাবে শান্তি লাভ কৰিছো । কেতিয়াবা এদিনতে চাৰি-পাঁচটা মৃতদেহৰ শেষ ৰীতি-নীতি সম্পন্ন কৰিবলগীয়া হয় ।" মহিলা হোৱা সত্বেও পুষ্পলতাই দিনে-নিশাই কাম কৰি দাবী নকৰা মৃতদেহৰ একমাত্ৰ ৰক্ষক হিচাপে মৰ্যাদাপূৰ্ণ বিদায় দি আহিছে ।

উল্লেখ্য় যে ৪৫ বছৰীয়া শিক্ষয়িত্ৰী পুষ্পলতা সিঙে প্ৰাণীবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে। এম এড আৰু নেট যোগ্যতাও তেওঁ অৰ্জন কৰিছে । এইগৰাকী মহিলা শৈক্ষিক কাম-কাজৰ লগতে বহু বছৰ ধৰি সমাজসেৱাৰ লগতো জড়িত হৈ আছে । আইনী আনুষ্ঠানিকতাৰ পিছত আৰক্ষীয়ে এনে মৃতদেহবোৰ তেওঁৰ হাতত গতাই দিয়ে । তাৰ পিছত পুষ্পলতাই মৃতদেহটো দাহনৰ বাবে সাজু কৰে । তেওঁ ৰাপ্তী নদীৰ পাৰত অৱস্থিত শ্মশানলৈ নি শেষকৃত্য় সম্পন্ন কৰে ।
মহিলাগৰাকীয়ে নিজেই মৃতদেহটো চিতালৈ নি জ্বলোৱাকে ধৰি সকলো কাম কৰে । এই কামৰ বাবেই তেওঁ মানুহৰ মাজত ‘আম্মা’ (মা) নামেৰে পৰিচিত । এনে সেৱাৰ বাবে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দীবেন পেটেলে ২০২৪ চনত তেওঁক আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত সম্বৰ্ধনা জ্ঞাপন কৰে ।
এই সন্দৰ্ভত পুষ্পলতাই কয় যে প্ৰায় তিনি বছৰ পূৰ্বে তেওঁ এজন বৃদ্ধ মানুহক ৰাস্তাত পৰি থকা দেখিছিল । পুষ্পলতাই তেওঁৰ চিকিৎসাৰ ব্যৱস্থা কৰিলে । প্ৰায় এবছৰ চিকিৎসাৰ অন্তত লোকজনৰ মৃত্যু হোৱাত তেওঁৰ শেষকৃত্য় ৰীতি-নীতি মতেই সম্পন্ন কৰে । এই সময়তে তেওঁ কোনোৱে দাবী নকৰা মৃতদেহৰ অন্ত্যেষ্টিক্ৰিয়া কৰাৰ অভিযান আৰম্ভ কৰে । তেওঁ মাত্ৰী আঞ্চল নামৰ এটা সংগঠন পঞ্জীয়ন কৰে যাতে অন্ত্যেষ্টিক্ৰিয়া কৰাৰ এই প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে বৈধ হ’ব পাৰে।
সনাতন ৰীতি অনুসৰি পুষ্পলতাই কয় যে তেওঁ চিতাভষ্ম সংগ্ৰহ কৰি বাৰাণসীৰ গংগাত বিসৰ্জন দি আহিছে । বছৰত এবাৰ তেওঁলোকৰ বাবে সামূহিক ভোজৰ আয়োজন কৰে যাতে তেওঁলোকৰ আত্মাই শান্তি লাভ কৰে । যদি কোনোবাই নিজৰ আত্মীয়ৰ বিষয়ে পিছত জানিব পাৰে তেতিয়া তেওঁলোকে পুষ্পলতাৰ পৰা চিতাভষ্ম সংগ্ৰহ কৰিব পাৰে ।
২০২৫ চনত তেওঁ মুঠ ২১৪টা এনে মৃতদেহৰ শেষকৃত্য় সম্পন্ন কৰিছে । ইয়াৰে প্ৰায় ১০০টা মৃতদেহ মুছলমান সম্প্ৰদায়ৰ আছিল । পুষ্পলতাই জীৱিত অৱস্থাতে নিজৰ শৰীৰ আৰু অংগ দান কৰাৰ প্ৰতিশ্ৰুতি দিছে ।
"মই নোহোৱাৰ পিছত যদি মোৰ শৰীৰ আৰু অংগসমূহৰ সহায়ত কাৰোবাৰ জীৱন ৰক্ষা কৰিব পৰা যায় তেন্তে বৰ ভাল হ'ব । মোৰ পিতৃ-মাতৃ জীয়াই থকা নাই; কিন্তু তেওঁলোক জীয়াই থকাৰ সময়তো মোৰ সিদ্ধান্তত কোনেও আপত্তি কৰা নাছিল ।"
তেওঁ বছৰত দাতব্য কামো কৰে । তেওঁ কম্বল বিতৰণ, দৰিদ্ৰসকলৰ বাবে সামূহিক খাদ্য আৰু থেলাছেমিয়া ৰোগীৰ বাবে ৰক্তদান শিবিৰৰ আয়োজন কৰে । "আম্মা থালি" নামৰ এটা অনুষ্ঠানৰ জৰিয়তে ভোকাতুৰসকলৰ বাবে তেওঁ খাদ্যৰ যোগান ধৰে । তেওঁৰ দলত এতিয়া প্ৰায় ৫ হাজাৰ সদস্য আছে যদিও মাত্ৰ ৩৫ৰ পৰা ৪০ জনহে সক্ৰিয়ভাৱে জড়িত হৈ আছে বুলি কয় ।

