ETV Bharat / bharat

খামেইনীৰ মৃত্যুৰ পিছতে জম্মু-কাশ্মীৰত আমেৰিকা-ইজৰাইলৰ বিৰুদ্ধে প্ৰতিবাদ

খামেইনীৰ মৃত্যুৰ পিছতে জম্মু-কাশ্মীৰত প্ৰতিবাদ । আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন ।

Protesters gathered at Ghanta Ghar in Lalchowk in Srinagar on Sunday and mourned the killing of Khamenei
খামেইনীৰ মৃত্যুৰ পিছতে জম্মু-কাশ্মীৰত প্ৰতিবাদ (PTI)
author img

By Mir Farhat Maqbool

Published : March 1, 2026 at 4:31 PM IST

3 Min Read
Choose ETV Bharat

শ্ৰীনগৰ : ইজৰাইল আৰু আমেৰিকাৰ আক্ৰমণত ইৰাণৰ শীৰ্ষ নেতা আয়াতুল্লাহ আলী খামেইনীৰ মৃত্যুৱে বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । নেতাজনৰ মৃত্যুত বিভিন্ন দেশত শোকৰ ছাঁ পৰাও দেখা গৈছে । বিশেষকৈ ছিয়া বসতিপূৰ্ণ অঞ্চল বা দেশত এনে দৃশ্য দেখা গৈছে । জম্মু-কাশ্মীৰৰ গ্ৰীষ্মকালীন ৰাজধানী শ্ৰীনগৰকে ধৰি সমগ্ৰ কাশ্মীৰ আৰু অন্যান্য ছিয়া জনবসতিপূৰ্ণ অঞ্চলতো একে পৰিৱেশে বিৰাজ কৰিছে । ৰাজপথলৈ ওলাই আহি লোকসকলে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে ।

দেওবাৰে শ্ৰীনগৰৰ লালচকৰ ঘণ্টা ঘৰত শতাধিক প্ৰতিবাদকাৰীয়ে সমবেত হৈ খামেইনীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । পুলৱামা, বুডগাম আদি জিলাতো প্ৰতিবাদৰ সূত্ৰপাত ঘটে । লোকসকলে খামেইনীৰ ফটো প্ৰদৰ্শন কৰি আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে শ্ল'গান দিয়া দেখা গৈছে ।

People protest against the alleged killing of Iranian Supreme Leader Ayatollah Ali Khamenei in a reported US-Israel strike, in Srinagar, Sunday, Mar. 1, 2026
খামেইনীৰ মৃত্যুৰ পিছতে জম্মু-কাশ্মীৰত প্ৰতিবাদ (PTI)

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে ৮৬ বছৰীয়া নেতাগৰাকীক হত্যা কৰা বুলি ঘোষণা কৰাৰ কেইঘণ্টামানৰ পাছতে দেওবাৰে পুৱাই ইৰাণৰ চৰকাৰী টিভিয়ে খামেইনীৰ মৃত্যু নিশ্চিত কৰে । ইৰাণৰ চৰকাৰী টেলিভিছন আৰু চৰকাৰী সংবাদ সংস্থাই খামেইনীৰ মৃত্যুৰ বাতৰি প্ৰকাশ কৰিছে ।

ৰাষ্ট্ৰীয় টেলিভিছনত পুৱা ৫:০০ বজাতে (৭ বজাত IST) খামেইনীৰ মৃত্যুৰ কথা ঘোষণা কৰা হয় । চেনেলটোৱে শোকৰ চিন হিচাপে ক'লা বেনাৰেৰে আৰ্কাইভ ছবি সম্প্ৰচাৰ কৰে । ১৯৮৯ চনৰ পৰাই খামেইনী ইৰাণৰ সৰ্বোচ্চ নেতা আছিল ।

Protesters gathered in Srinagar on Sunday and mourned the killing of Khamenei
খামেইনীৰ মৃত্যুত শ্ৰীনগৰত শোকৰ ছাঁ (ETV Bharat)

ইফালে জম্মু-কাশ্মীৰত যাতে প্ৰতিবাদৰ সময়ত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা নহয় তাৰ বাবে অঞ্চলসমূহত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী নিয়োজিত কৰাৰ লগতে হাই এলাৰ্ট জাৰি কৰা হৈছে বুলি জানিব পৰা গৈছে । ইফালে মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই ৰাইজক শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আৰু অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে ।

খামেইনীৰ হত্যাকে ধৰি ইৰাণত হোৱা আক্ৰমণ সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰি ওমৰ আব্দুল্লাই এক্সৰ এটা পোষ্টত লিখিছে, "মই সকলো সম্প্ৰদায়ক শান্ত হৈ থাকিবলৈ, শান্তিৰক্ষা কৰিবলৈ আৰু উত্তেজনা বা অশান্তিৰ সৃষ্টি কৰিব পৰা যিকোনো কাৰ্যৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছোঁ । আমি এইটোও নিশ্চিত কৰিব লাগিব যে জম্মু-কাশ্মীৰত শোকস্তব্ধ লোকসকলক শান্তিপূৰ্ণভাৱে শোক প্ৰকাশ কৰিবলৈ দিয়া হওক । আৰক্ষী আৰু প্ৰশাসনে সংযম আৰু বল বা নিষেধাজ্ঞামূলক ব্যৱস্থা ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক ।"

ইৰাণত আবদ্ধ হৈ থকা কাশ্মীৰৰ ছাত্ৰ-ছাত্ৰী আৰু অন্যান্য লোকসকল সন্দৰ্ভত তেওঁ কয় যে তেওঁৰ চৰকাৰে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সৈতে যোগাযোগত আছে । কাশ্মীৰৰ জ্যেষ্ঠ ধৰ্মীয় নেতা মিৰৱাইজ উমৰ ফাৰুকেও ইৰাণৰ সৰ্বোচ্চ নেতাৰ মৃত্যুত শোক প্ৰকাশ কৰি সোমবাৰে শান্তিপূৰ্ণ বন্ধৰ আহ্বান জনাইছে ।

Protesters gathered in Srinagar on Sunday and mourned the killing of Khamenei
খামেইনীৰ মৃত্যুৰ পিছতে জম্মু-কাশ্মীৰত প্ৰতিবাদ (ETV Bharat)

মিৰৱাইজে এক্সৰ পোষ্টত লিখিছে, "আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ চৈয়দ আলী খামেইনীক মুছলমান বিশ্বক জোকাৰি যোৱা নৃশংস হত্যাৰ বাবে গভীৰভাৱে দুখিত আৰু ক্ষুব্ধ হৈছোঁ ।"

পিপলছ ডেম'ক্ৰেটিক পাৰ্টীৰ সভানেত্ৰী মেহবুবা মুফতিয়েও খামেইনীৰ মৃত্যুক লৈ মিৰৱাইজ উমৰৰ বন্ধৰ আহ্বানক সমৰ্থন জনাইছে । ইফালে ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেইনীৰ সন্মানত ১ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া সকলো ৰাজনৈতিক কাৰ্যসূচী পিছুৱাই দিছে জম্মু-কাশ্মীৰ প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ।

এক বিবৃতিত দলটোৱে কয় যে ইৰাণৰ নেতাগৰাকীৰ ওপৰত কৰা নৃশংস বিমান আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে এই আক্ৰমণক আমেৰিকা আৰু ইজৰাইলৰ অমানৱীয়, বৰ্বৰ আৰু কাপুৰুষৰ কাৰ্য বুলি অভিহিত কৰিছে ।

লগতে পঢ়ক : ইৰাণত আক্ৰমণ ; ভাৰতীয় দূতাৱাসৰ সুৰক্ষা নিৰ্দেশাৱলী আৰু হেল্পলাইন নম্বৰ মুকলি