ক্ষোভত ফাটি পৰিছে ৰাইজ;বলিউডৰ 'বাদশ্বাহ' শ্বাহৰুখ খানক সনা হৈছে ক'লা ৰং, দিয়া হৈছে সকীয়নি
শ্বাহৰুখ খানৰ বিৰুদ্ধে তীৰ্থ নগৰী মথুৰাত কেইবাটাও হিন্দুত্ববাদী সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিলে । অভিনেতাজনক সকীয়নিও প্ৰদান কৰিলে প্ৰতিবাদকাৰীয়ে ।

Published : January 2, 2026 at 10:31 AM IST
মথুৰা (উত্তৰ প্ৰদেশ) : বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে সকলোৱে অৱগত । অস্থিৰতাৰ মাজত থকা দেশখনত ভাৰত বিৰোধী শক্তিৰ উত্থানৰ সমান্তৰালকৈ সংখ্যালঘু হিন্দুৰ ওপৰত নিৰন্তৰ আক্ৰমণ অব্যাহত আছে । শেহতীয়াকৈ কেইবাগৰাকী হিন্দু লোকক নৃশংসভাৱে হত্যা কৰা হৈছে । এনে পৰিস্থিতিত ভাৰততো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বাংলাদেশৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে । এনেবোৰ পৰিস্থিতিৰ মাজতো আই পি এলত বাংলাদেশী খেলুৱৈ অন্তৰ্ভুক্ত হোৱাক লৈ তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে ।
শ্বাহৰুখ খানৰ কে কে আৰ দলে বাংলাদেশী খেলুৱৈ মুস্তাফিজুৰ ৰহমানক কেইবা কোটি টকাত ক্ৰয় কৰাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে হিন্দুত্ববাদী সংগঠনসমূহে । ঠায়ে ঠায়ে প্ৰতিবাদো হৈছে । বৃহস্পতিবাৰে সৰ্বভাৰতীয় হিন্দু মহাসভা আৰু হিন্দু সংগঠনে অভিনেতা শ্বাহৰুখ খানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । শ্বাহৰুখ খানৰ ফটোত ক'লা ৰং সানি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনকেইটাই । তেওঁলোকে সকীয়াই দিছে যে যদি বাংলাদেশী ক্ৰিকেটাৰে আই পি এলৰ বাবে ভাৰতলৈ আহে তেন্তে তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব । শ্বাহৰুখ খানৰ বাসগৃহলৈ গৈ প্ৰতিবাদ কৰাৰো হুংকাৰ দিছে সংগঠনসমূহে ।
এই সন্দৰ্ভত সৰ্বভাৰতীয় হিন্দু মহাসভাৰ জিলা সভানেত্ৰী মীৰা ৰাথোৰে এক বিস্ফোৰক মন্তব্য কৰে । তেওঁ কয়, "যিয়ে শ্বাহৰুখ খানৰ জিভা কাটি আনিব পাৰিব তেওঁক ১ লাখ টকাৰ পুৰস্কাৰ দিয়া হ'ব । শ্বাহৰুখ খানে এক ঘৃণনীয় কাম কৰিছে । আই পি এলৰ খেলত বাংলাদেশী ক্ৰিকেটাৰক উৎসাহিত কৰা হৈছে । শ্বাহৰুখ খানৰ ভাৰতৰ প্ৰতি প্ৰেম নাই ।"
ভাৰতত থকাৰ অধিকাৰ নাই :
মীৰা ৰাথোৰে লগতে কয়, "তেওঁ সদায় পাকিস্তান আৰু বাংলাদেশৰ প্ৰশংসা কৰি আহিছে । এনে অভিনেতাৰ ভাৰতত থকাৰ কোনো অধিকাৰ নাই । বাংলাদেশত হিন্দুক হত্যা কৰা হৈছে আৰু শ্বাহৰুখ খানে বাংলাদেশৰ লোকসকলক উৎসাহিত কৰি আছে । আজি আমি শ্বাহৰুখ খানৰ পোষ্টাৰত ক'লা ৰং সানি প্ৰতিবাদ কৰিছোঁ ।"

ভাৰতৰ প্ৰতি ভালপোৱা নাই :
ইফালে সাধু দীনেশ শৰ্মাই কয়, "অভিনেতা শ্বাহৰুখ খানৰ ভাৰতৰ প্ৰতি কেতিয়াও কোনো প্ৰেম নাছিল । তেওঁ সদায় পাকিস্তান আৰু বাংলাদেশক কোটি কোটি টকাৰ সাহায্য দি আহিছে । ভাৰতত ক্ৰিকেটাৰৰ অভাৱ নাই । শ্বাহৰুখ খানে ভাৰতত থাকি টকা উপাৰ্জন কৰে, কিন্তু তেওঁ পাকিস্তান আৰু বাংলাদেশক সহায় কৰে ।"
শ্বাহৰুখ খানৰ সম্পত্তি জব্দ কৰিব লাগে :
প্ৰতিবাদকাৰীয়ে লগতে কয়, "বাংলাদেশত হিন্দুসকলক হত্যা কৰা হৈছে । তথাপিও শ্বাহৰুখ খানে বাংলাদেশক সহায় কৰি আছে । ভাৰতৰ প্ৰতি তেওঁৰ কোনো প্ৰেম নাই । আমি কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছো যে শ্বাহৰুখ খানৰ সম্পত্তি জব্দ কৰি বাংলাদেশলৈ বিতাড়িত কৰিব লাগে । আমি হিন্দুত্ববাদী সংগঠনে শ্বাহৰুখ খানক সকীয়াই দিওঁ যে যদি বাংলাদেশী ক্ৰিকেটাৰ ভাৰতলৈ আহে তেন্তে আমি বৃহৎ আন্দোলন গঢ়ি তুলিম । আমি শ্বাহৰুখ খানৰ ঘৰো ঘেৰাও কৰিম ।"

