ETV Bharat / bharat

ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহুৰ সৈতে মোদীৰ বাৰ্তালাপ; সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ়তাৰে যুঁজাৰ সংকল্প

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আগন্তুক বছৰত ভাৰত-ইজৰাইল কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে দুয়োৱে আলোচনা কৰে ।

PM MODI SPEAKS TO NETANYAHU
বেঞ্জামিন নেতান্যাহুৰ সৈতে প্ৰধানমন্ত্ৰী মোদী ফাইল ফটো (IANS)
author img

By ETV Bharat Assamese Team

Published : January 7, 2026 at 7:39 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে এক টেলিফোনিক বাৰ্তালাপত মিলিত হয় । এই বাৰ্তালাপত দুয়োগৰাকী নেতাই দ্বিপাক্ষিক কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে ।

দুয়োগৰাকী নেতাই আঞ্চলিক পৰিস্থিতি সন্দৰ্ভতো আলোচনা কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজাৰ বাবে পুনৰ দৃঢ় সংকল্প গ্ৰহণ কৰে ।

আলোচনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে X পোষ্টত লিখিছে, "মোৰ বন্ধু প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে কথা পাতি তেওঁক আৰু ইজৰাইলৰ জনসাধাৰণক নৱবৰ্ষৰ শুভেচ্ছা জনাবলৈ পাই আনন্দিত হৈছোঁ । আমি আগন্তুক বছৰত ভাৰত-ইজৰাইল কৌশলগত অংশীদাৰিত্বক আৰু অধিক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰোঁ ।"

তেওঁ লগতে কয়, "আমি আঞ্চলিক পৰিস্থিতিৰ ওপৰতো মত বিনিময় কৰোঁ আৰু অধিক দৃঢ়তাৰে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আমাৰ সংকল্প পুনৰ দৃঢ় কৰোঁ ।"

উল্লেখ্য যে শেহতীয়াকৈ ভাৰত আৰু ইজৰাইলে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰি তুলিছে । গাজাত ইজৰাইলৰ কাৰ্যক বিশ্বজুৰি গৰিহণা দিয়াৰ মাজতে নতুন দিল্লীয়ে নেতান্যাহু আৰু তেওঁৰ চৰকাৰক সম্পূৰ্ণ সমৰ্থন দেখুৱাইছে ।

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীযুষ গোৱেলে নৱেম্বৰ মাহত ইজৰাইল ভ্ৰমণ কৰিছিল আৰু ভাৰত-ইজৰাইলৰ কৌশলগত আৰু অৰ্থনৈতিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ লক্ষ্যৰে ধাৰাবাহিকভাৱে উচ্চ পৰ্যায়ৰ যোগাযোগ ৰক্ষা কৰি আহিছে ।

ইয়াৰ এমাহৰ পাছত ২০২৫ চনৰ ১৭ ডিচেম্বৰত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে জেৰুজালেমত নেতান্যাহুক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী মোদীৰ হৈ উষ্ম শুভেচ্ছা জনায় । প্ৰযুক্তি, অৰ্থনীতি, দক্ষতা আৰু প্ৰতিভা, সংযোগ আৰু নিৰাপত্তাকে ধৰি কেইবাটাও খণ্ডত ভাৰত আৰু ইজৰাইলৰ মাজত সহযোগিতা বৃদ্ধিৰ বিষয়ে আলোচনা কৰে ।

জয়শংকৰে ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হাৰ্জোগকো সাক্ষাৎ কৰে । এই বৈঠকত দুয়োপক্ষই ভাৰত-ইজৰাইলৰ কৌশলগত অংশীদাৰিত্ব আৰু ইয়াৰ অবিৰত অগ্ৰগতিৰ পৰ্যালোচনা কৰে ।

আনহাতে, ইয়াৰ পূৰ্বে ১০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী মোদীয়ে নেতান্যাহুৰ পৰা টেলিফোন লাভ কৰে আৰু দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত মত বিনিময় কৰে । আলোচনাৰ সময়ত দুয়োগৰাকী নেতাই ভাৰত-ইজৰাইল কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে আৰু সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ দৃষ্টিভংগী পুনৰবাৰ উল্লেখ কৰে ।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে জাৰি কৰা প্ৰেছ বিবৃতি অনুসৰি, "প্ৰধানমন্ত্ৰী মোদীয়ে অঞ্চলটোত ন্যায়সংগত আৰু স্থায়ী শান্তিৰ দিশত কৰা প্ৰচেষ্টাৰ প্ৰতি ভাৰতৰ সমৰ্থন পুনৰ দৃঢ় কৰিছে ।”

উল্লেখ্য যে দুয়োগৰাকী নেতাই ভাৰত-ইজৰাইল কৌশলগত অংশীদাৰিত্বৰ গতি অব্যাহত থকাত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে পাৰস্পৰিক লাভালাভৰ বাবে এই সম্পৰ্কসমূহ অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে ।

লগতে পঢ়ক :আমেৰিকান শুল্ক সন্দৰ্ভত ট্ৰাম্পৰ নতুন ভাষ্য: নতুন শুল্কত সুখী নহয় প্ৰধানমন্ত্ৰী মোদী
লগতে পঢ়ক :হিজাব পৰিহিত মহিলাই কিনিব নোৱাৰিব সোণ ! কোন ৰাজ্যত, কাৰ এই নিৰ্দেশনা ?