ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোদীলৈ ‘গাৰ্ডিয়ান অৱ দ্য ব্লু হৰাইজন’ সন্মান

সোমবাৰে ছিচেলছৰ ৰাষ্ট্ৰীয় দিৱসৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠান ৷ অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব ৷

MODI VISIT SEYCHELLES
ছিচেলছৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মিনিয়ে প্ৰধানমন্ত্ৰী মোদীক গাৰ্ডিয়ান অৱ দ্য ব্লু হৰাইজন সন্মান প্ৰদান কৰাৰ মুহূৰ্তত (X@narendramodi)
author img

By ETV Bharat Assamese Team

Published : June 28, 2026 at 5:00 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী: ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আন এক সন্মান ৷ প্ৰধানমন্ত্ৰীগৰাকীলৈ এই সন্মান আগবঢ়াইছে ছিচেলছে নামৰ এখন চুবুৰীয়া সামুদ্ৰিক দেশে ৷ দেওবাৰে ছিচেলছ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাষ্ট্ৰপতিৰ দ্বাৰা প্ৰদান কৰা দেশখনৰ বিশেষ সন্মান ‘গাৰ্ডিয়ান অৱ দ্য ব্লু হৰাইজন’ৰে সন্মানিত কৰা হয় ।

প্ৰধানমন্ত্ৰী মোদীয়ে তিনিদিনীয়া ছিচেলছ ভ্ৰমণৰ সময়তে দেশখনে এই সন্মান আগবঢ়ায় ৷ উল্লেখ্য যে, সোমবাৰে ছিচেলছৰ ৰাষ্ট্ৰীয় দিৱস আৰু প্ৰধানমন্ত্ৰী মোদী এই দিৱসৰ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব ৷

ছিলেচছে দিয়া এই সন্মান গ্ৰহণৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷ এই সন্মান জলবায়ু পৰিৱৰ্তনৰ দৰে প্ৰত্যাহ্বানৰ সৈতে যুঁজি থকা আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে পৰিৱেশ সুৰক্ষাৰ দায়িত্ব বুজি পোৱা প্ৰতিখন দেশলৈ প্ৰধানমন্ত্ৰীয়ে এই সন্মান উৎসৰ্গা কৰে ।

সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰীগৰাকীয়ে এনেদৰে উল্লেখ কৰে, ‘‘ছিচেলছৰ জনসাধাৰণ আৰু চৰকাৰৰ লগতে ৰাষ্ট্ৰপতি হাৰ্মিনিয়ে মোক ‘গাৰ্ডিয়ান অৱ দ্য ব্লু হৰাইজন’ অৰ্থাৎ ‘নীল দিগন্তৰ অভিভাৱক’ উপাধিৰে সন্মান জনোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছো ।’’

প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে, ‘‘বিনম্ৰতাৰে মই এই সন্মান গ্ৰহণ কৰিছো আৰু জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বানৰ সৈতে দৰে সমস্যাসমূহৰ সৈতে যুঁজি থকা আৰু পৰিৱেশ সুৰক্ষাক ভৱিষ্যত প্ৰজন্মৰ প্ৰতি দায়িত্ব হিচাপে গ্ৰহণ কৰা প্ৰতিখন দেশৰ বাবে উৎসৰ্গা কৰিছো । এয়া এক জটিল প্ৰত্যাহ্বান, যিটো আমি একেলগে সন্মুখীন হৈ সমাধান কৰিব লাগিব ।’’

MODI VISIT SEYCHELLES
চুবুৰীয়া দেশ ছিচেলছৰ ৰাষ্ট্ৰপতি তথা শীৰ্ষ বিষয়াসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদী (X@narendramodi)

‘‘সূৰ্যই নিজৰ বাটত পৃথিৱীখনক অধিক সেউজীয়া আৰু বহনক্ষম কৰি তুলিবলৈ প্ৰয়োজনীয় যি কাম, সেয়া কৰিবলৈ সাজু হৈ থাকে । এই কথা আমাৰ বিভিন্ন ঘৰুৱা নীতিতো প্ৰতিফলিত হৈছে ৷ বহনক্ষম ভৱিষ্যতৰ বাবে গ্ৰহণ কৰা দৃষ্টিভংগী আৰু আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট আৰু দুৰ্যোগ স্থিতিস্থাপক আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁটৰ দৰে বিশ্বব্যাপী পদক্ষেপত এই কথা স্পষ্টভাৱে প্ৰতিফলিত হৈছে ৷’’ এই বুলি প্ৰধানমন্ত্ৰী মোদীয়ে কয় ৷

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে ছিচেলছৰ ৰাষ্ট্ৰপতি পেট্ৰিক হাৰ্মিনিৰ সৈতে এক বৈঠকত মিলিত হয় আৰু দুয়োখন ৰাষ্ট্ৰৰ মাজৰ সহযোগিতাৰ প্ৰতিটো দিশ পৰ্যালোচনা কৰে । আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ পাৰস্পৰিক স্বাৰ্থৰ ওপৰতো নেতাদ্বয়ে আলোচনা কৰে । শনিবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে ছিচেলছত উপস্থিত হোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ষ্টেট হাউছত আনুষ্ঠানিকভাৱে ‘গাৰ্ড অৱ অনাৰ’ প্ৰদান কৰা হয় আৰু ৰাষ্ট্ৰপতি হাৰ্মিনিয়ে তেওঁক আদৰণি জনায় ।

দুয়োগৰাকী নেতাৰ মাজত প্ৰতিনিধি পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয় ৷ প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠকত উপস্থিত থকা ভাৰতীয় প্ৰতিনিধি দলটোত আছিল বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, বৈদেশিক সচিব বিক্ৰম মিশ্ৰী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী মুখপাত্ৰ ৰণধীৰ জয়ছোৱাল আদি ৷

আনহাতে, ছিচেলছৰ প্ৰতিনিধি দলটোত আছিল উপ-ৰাষ্ট্ৰপতি ভিনচেণ্ট মেৰিটন, মীন, কৃষিমন্ত্ৰী ৱালেছ কচগ্ৰ’, বৈদেশিক পৰিক্ৰমা আৰু প্ৰব্ৰজনকাৰী মন্ত্ৰী বেৰী ফ’ৰে আৰু বিত্ত, অৰ্থনৈতিক পৰিকল্পনা, বাণিজ্য আৰু বিনিয়োগ মন্ত্ৰী পিয়েৰ লাপ’ৰ্ট আদিৰ লগতে বহুকেইগৰাকী শীৰ্ষ বিষয়া ।

উল্লেখ্য যে, সোমবাৰে ছিচেলছৰ ৰাষ্ট্ৰীয় দিৱসৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিব । প্ৰধানমন্ত্ৰীগৰাকীয়ে ছিচেলছৰ ৰাষ্ট্ৰীয় বিধানসভাত ভাষণ প্ৰদান কৰাৰ লগতে প্ৰবাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময় কৰিব ।

ভাৰত আৰু ছিচেলছে ঐতিহাসিক, সাংস্কৃতিক আৰু জনসাধাৰণৰ মাজত ভাগ-বতৰা কৰা সম্পৰ্ক দীৰ্ঘদিনীয়া অংশীদাৰিত্বৰ অংশ । ভাৰত মহাসাগৰীয় অঞ্চলৰ মূল সামুদ্ৰিক প্ৰতিবেশী দেশ হিচাপে ছিচেলছে ভাৰতৰ ‘ভিজন SAGAR’ (অঞ্চলটোৰ সকলোৰে বাবে সুৰক্ষা আৰু বৃদ্ধি) আৰু ‘গ্ল’বেল ছাউথ’ৰ প্ৰতি থকা দায়বদ্ধতাৰ মাজত সুকীয়া স্থান দখল কৰিছে ।

লগতে পঢ়ক: 'মন কী বাত'ত পূৰ্ণিমা দেৱী বৰ্মনক প্ৰশংসা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ