ৰাষ্ট্ৰপতি ভৱনত পদ্ম বঁটা অনুষ্ঠান, উত্তৰ-পূবৰ চাৰিগৰাকীৰ লগতে ৬৬লৈ পদ্ম সন্মান
২০২৬ বৰ্ষত ৰাষ্ট্ৰপতিয়ে ৫ টা পদ্ম বিভূষণ, ১৩ টা পদ্মভূষণ আৰু ১১৩ টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ ১৩১ টা পদ্ম বঁটা প্ৰদানৰ অনুমোদন জনাইছিল ।

Published : May 25, 2026 at 11:34 AM IST
নতুন দিল্লী: ৰাষ্ট্ৰপতি ভৱনৰ গণতন্ত্ৰ মণ্ডপত সোমবাৰে অনুষ্ঠিত হ’বলগীয়া ২০২৬ বৰ্ষৰ প্ৰথমটো অসামৰিক বিনিয়োগ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৬৬ টা পদ্ম বঁটা প্ৰদান কৰিব । উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি আন কেবাজনো অতিথিয়ে অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠানৰ সময়ত ৰাষ্ট্ৰপতিয়ে দুটা পদ্ম বিভূষণ, ৬ টা পদ্মভূষণ আৰু ৫৮ টা পদ্মশ্ৰী বঁটা প্ৰদান কৰিব ।
২০২৬ বৰ্ষৰ বাবে ৰাষ্ট্ৰপতিয়ে ৫ টা পদ্ম বিভূষণ, ১৩ টা পদ্মভূষণ আৰু ১১৩ টা পদ্মশ্ৰী বঁটাকে ধৰি মুঠ ১৩১ টা পদ্ম বঁটা প্ৰদানৰ অনুমোদন জনাইছে । বাকী পদ্ম বঁটাপ্ৰাপকসকলক পৰৱৰ্তী পৰ্যায়ত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়টো অনুষ্ঠানত বঁটা প্ৰদান কৰা হ’ব বুলি সূত্ৰই প্ৰকাশ কৰিছে । প্ৰতি বছৰে গণৰাজ্য দিৱস উপলক্ষে এই বঁটা ঘোষণা কৰা হয় ।
The President of India, Smt. Droupadi Murmu will present Padma Vibhushan, Padma Bhushan and Padma Shri Awards for the year 2026 at the Civil Investiture Ceremony-I to be held at Rashtrapati Bhavan on 25th May 2026.@rashtrapatibhvn #PeoplesPadma #PadmaAwards2026 pic.twitter.com/AEGjLjVrQx
— PIB - Ministry of Home Affairs (@PIBHomeAffairs) May 17, 2026
এই আকাংক্ষিত অসামৰিক সন্মান বিভিন্ন ক্ষেত্ৰত দিয়া হয় ৷ ইয়াৰ ভিতৰত শিল্প, সমাজ সেৱা, জনসংযোগ, বিজ্ঞান আৰু অভিযান্ত্ৰিক ক্ষেত্ৰ, বাণিজ্য আৰু উদ্যোগ, চিকিৎসা, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া, অসামৰিক সেৱা আদি অন্যতম । ব্যতিক্ৰমী আৰু বিশেষ সেৱাৰ বাবে পদ্ম বিভূষণ আৰু উচ্চ পৰ্যায়ৰ বিশিষ্ট সেৱাৰ বাবে পদ্মভূষণ আৰু যিকোনো ক্ষেত্ৰত বিশেষ সেৱাৰ বাবে পদ্মশ্ৰী বঁটা প্ৰদান কৰা হয় ।
সাধাৰণ ভাৰতীয় নাগৰিকে অসাধাৰণ অৱদান আগবঢ়োৱাৰ ক্ষেত্ৰত তেওঁলোকক স্বীকৃতি তথা অনুপ্ৰেৰণা প্ৰদাৰ নীতিক অব্যাহত ৰাখি এই বঁটা প্ৰদান কৰা হয়৷ এইবাৰৰ পদ্ম বঁটাত ভাৰত উপমহাদেশৰ দীঘ-বাণী সামৰি ৪৫ গৰাকী অখ্যাত নায়কৰ এক বিস্তৃত বৰ্ণালী অন্তৰ্ভুক্ত কৰা হৈছে বুলি সূত্ৰসমূহে প্ৰকাশ কৰিছে ।
উত্তৰ পূৰ্বাঞ্চলৰ চাৰিগৰাকী বিশিষ্ট ব্যক্তিয়ে আজি ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰিব পদ্ম সন্মান ৷ এই চাৰিগৰাকী ব্যক্তিৰ বিষয়ে চমুকৈ জানো আহক-
হৰিচৰণ শইকীয়া: অসমৰ সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে নিৰলস সাধনা কৰি অহা হৰিচৰণ শইকীয়ালৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে ৷ লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ গোঁসাইপুখুৰী নিবাসী সত্ৰীয়া সংস্কৃতিৰ সাধক ৯৬ বছৰীয়া হৰিচৰণ শইকীয়া ৷
টেচি গাবিন: অৰুণাচল প্ৰদেশৰ এগৰাকী অৱসৰপ্ৰাপ্ত স্থপতিবিদ (Architect) তথা সমাজ কৰ্মী টেচি গাবিনক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হ’ব ৷ ৰাজ্যখনৰ গড়কাপ্তানী বিভাগত আগবঢ়োৱা অনবদ্য সেৱাৰ বাবে তেওঁলৈ এই সন্মান আগবঢ়োৱা হৈছে ৷
अरुणाचल प्रदेश के श्री तेची गुबिन को समाज सेवा के क्षेत्र में पद्म श्री से सम्मानित किया जाएगा। #PeoplesPadma #PadmaAwards2026@HMOIndia@PadmaAwards pic.twitter.com/yK9KZUY3Ke
— PIB - Ministry of Home Affairs (@PIBHomeAffairs) May 22, 2026
গাবিনে পেছাগত লোকসেৱা, নেতৃত্বৰ ভূমিকা আৰু দেশজুৰি জনজাতিসমূহৰ সামগ্ৰিক উন্নয়নৰ বাবে জীৱন উচৰ্গা কৰে ৷ ডঞি-প’ল’ সম্পৰ্কীয় বিশ্বাস আৰু থলুৱা পৰম্পৰাৰ প্ৰচাৰ তথা প্ৰসাৰৰ হকেও তেওঁ কাম কৰি গৈছে ৷
য়ুমনাম যাত্ৰা সিং: মণিপুৰৰ এগৰাকী কিংবদন্তি শিল্পীলৈও আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান ৷ বিশেষকৈ নাট-সংকীৰ্তন সাধানাই তেওঁ জীৱনৰ মূল উদ্দেশ্য হিচাপে গণ্য কৰি আহিছে ৷ মণিপুৰী কলা-সংস্কৃতিৰ প্ৰতি আগবঢ়োৱা বৰঙণিৰ বাবে তেওঁলৈ স্বীকৃতি স্বৰূপে পদ্মশ্ৰী আগবঢ়োৱা হৈছে ৷
হলী ৱাৰ: মেঘালয়ৰ পৰিৱেশবিদ হলী ৱাৰে পূব খাছি পাহাৰৰ ঐতিহ্যপূৰ্ণ ‘লিভিং ৰুট ব্ৰীজ’ৰ দ্বাৰা খাচীয়াসকলৰ পৰম্পৰাগত জৈৱিক বয়ন শিল্প ৰক্ষাৰ বাবে পাঁচ দশকৰো অধিক সময় ধৰি কাম কৰি আহিছে ।
Shri Hally War, a respected environmentalist from Meghalaya, will be awarded the Padma Shri for his over five decades of work preserving the Khasi tradition of bio-weaving by nurturing the iconic Living Root Bridges in the East Khasi Hills.
— PIB - Ministry of Home Affairs (@PIBHomeAffairs) May 24, 2026
Through this rare practice, he has… pic.twitter.com/MJRgggtZ2A
এই বিৰল প্ৰথাৰ জৰিয়তে তেওঁ দুৰ্গম অঞ্চলসমূহক সংযোগ কৰাত সহায় কৰিছে, পৰিৱেশ ভাৰসাম্য শক্তিশালী কৰিছে আৰু বহনক্ষম জীৱন-যাপনৰ প্ৰসাৰ ঘটাইছে । তেওঁৰ পৰিৱেশৰ কামৰ বাহিৰেও তেওঁ স্থানীয় জনগোষ্ঠীসমূহক এই জীৱন্ত ঐতিহ্যক আগুৱাই নিয়াৰ ক্ষেত্ৰত পথ প্ৰদৰ্শন কৰিছে, বহনক্ষম পৰ্যটনক সমৰ্থন কৰিছে আৰু পৰম্পৰাগত জ্ঞান ভৱিষ্যত প্ৰজন্মলৈ প্ৰেৰণ কৰাটো নিশ্চিত কৰিছে । তেওঁৰ আজীৱন সমৰ্পণ মানুহ আৰু প্ৰকৃতিৰ মাজত সমন্বয়ৰ এক শক্তিশালী উদাহৰণ হিচাপে থিয় দিছে ।
পদ্ম সন্মান লাভ কৰা প্ৰত্যেকেই অশেষ দুখ-কষ্ট-ত্যাগ স্বীকাৰ কৰি কেৱল নিজৰ নিৰ্বাচিত ক্ষেত্ৰত উৎকৃষ্ট হোৱাই নহয়, সামগ্ৰিকভাৱে সমাজৰ সেৱা কৰিবলৈ আগবাঢ়িছে বুলি সূত্ৰই কয় । ইয়াৰ ভিতৰত প্ৰান্তীয় আৰু দলিত সম্প্ৰদায়ৰ ব্যক্তি, জনজাতি, দূৰৱৰ্তী আৰু কঠিন ভূখণ্ডৰ ব্যক্তিও আছে বুলি তেওঁলোকে লগতে কয় ।
স্বাস্থ্যসেৱা, শিক্ষা, জীৱিকা, অনাময়, বহনক্ষমতা ইত্যাদিৰ প্ৰসাৰৰ বাবে কাম কৰি প্ৰতিবন্ধী, মহিলা, শিশু, দলিত আৰু আদিবাসীসকলৰ সেৱাত সমগ্ৰ জীৱন উৎসৰ্গা কৰা লোকলৈও এই সন্মান আগবঢ়োৱা হৈছে ।
লগতে পঢ়ক: জনতাৰ মূৰত মাধমাৰ: পুনৰ প্ৰতি লিটাৰ পেট্ৰ’লত ২.৬১ টকা আৰু ডিজেলত ২.৭১ টকাকৈ মূল্যবৃদ্ধি

