ETV Bharat / bharat

ৰাষ্ট্ৰপতি মুৰ্মুৰ অনুমোদন : ৩৭ গৰাকীলৈ বৃদ্ধি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা

উচ্চতম ন্যায়ালয়ৰ কামৰ বোজা আৰু বিচাৰধীন গোচৰৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।

SUPREME COURT JUDGE STRENGTH
উচ্চতম ন্যায়ালয়ৰ ফাইল ফটো (ANI)
author img

By ETV Bharat Assamese Team

Published : May 17, 2026 at 10:53 AM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : এতিয়াৰে পৰা কোনো লোকে উচ্চতম ন্যায়ালয়ৰ দুৱাৰমুখত ন্যায়ৰ বাবে দীৰ্ঘসময় ধৰি অপেক্ষা কৰিব নালাগে ৷ কিয়নো ন্যায়ালয়ে বৃদ্ধি কৰিছে ন্যায়াধীশৰ সংখ্যা ৷

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা বৃদ্ধিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অনুমোদন ৷ কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে দেওবাৰে কেন্দ্ৰীয় কেবিনেটে উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্তত অনুমোদন জনোৱা বুলি জানিবলৈ দিয়ে ৷ এতিয়াৰে পৰা দেশৰ সৰ্বোচ্চ আদালতখনত ন্যায়াধীশৰ সংখ্যা হ’ব ৩৭ গৰাকী ৷ পূৰ্বে মুখ্য ন্যায়াধীশকে ধৰি ৩৪ গৰাকী ন্যায়াধীশে বিচাৰৰ দায়িত্ব পালন কৰিছিল ৷

এক্সত প্ৰকাশিত এটা পোষ্টত মন্ত্ৰী মেঘৱালে কয়, ‘‘ৰাষ্ট্ৰপতিগৰাকীয়ে উচ্চতম ন্যায়ালয়ৰ(ন্যায়াধীশৰ সংখ্যা) সংশোধনী অধ্যাদেশ, ২০২৬ জাৰি কৰি উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ শক্তি ৩৩ গৰাকীৰ পৰা ৩৭ গৰাকীলৈ বৃদ্ধি কৰিছে ৷’’ অৱশ্যে দেশৰ মুখ্য ন্যায়াধীশ এই সংশোধনীৰ আওতাত নপৰে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যা ৪ গৰাকীলৈ বৃদ্ধি কৰাৰ বাবে উচ্চতম ন্যায়ালয়(ন্যায়াধীশৰ সংখ্যা) আইন, ১৯৫৬ সংশোধন কৰিবলৈ সংসদত উত্থাপন কৰা উচ্চতম ন্যায়ালয়(ন্যায়াধীশৰ সংখ্যা) সংশোধনী বিধেয়ক, ২০২৬ ৰ প্ৰস্তাৱত অনুমোদন জনাইছিল ৷

উচ্চতম ন্যায়ালয়ত ক্ৰমাৎ বৃদ্ধি পোৱা কামৰ বোজা আৰু গোচৰৰ সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছে বুলি চৰকাৰে মতপোষণ কৰে । ন্যায়িক ক্ষমতা বৃদ্ধি কৰিলেহে ক্ষীপ্ৰতাৰে গোচৰ নিষ্পত্তি কৰিব কৰাৰ লগতে ন্যায়ালয়ৰ কাৰ্যক্ষমতা বৃদ্ধি পাব বুলি আশা কৰা হৈছে ।

প্ৰথমে ১৯৫৬ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা বৃদ্ধিৰ বাবে এখন আইন প্ৰণয়ন কৰা হৈছিল । তেতিয়াৰ পৰা ন্যায়পালিকাৰ ওপৰত বৃদ্ধি পোৱা দাবীৰ লগত সংগতি ৰাখি ন্যায়াধীশৰ অনুমোদিত শক্তি কেইবাবাৰো সংশোধন কৰা হৈছে ।

শেষবাৰৰ বাবে ২০১৯ চনত উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰা হৈছিল ৷ সংসদে উচ্চতম ন্যায়ালয়(ন্যায়াধীশৰ সংখ্যা) সংশোধনী আইন, ২০১৯ ৰ জৰিয়তে ভাৰতৰ মুখ্য ন্যায়াধীশক বাদ দি ন্যায়াধীশৰ সংখ্যা ৩০ গৰাকীৰ পৰা ৩৩ গৰাকীলৈ বৃদ্ধি কৰাৰ বাবে আইনখন সংশোধন কৰিছিল ।

শেহতীয়া সংশোধনী অনুসৰি, এতিয়াৰে পৰা ভাৰতৰ মুখ্য ন্যায়াধীশকে ধৰি দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত থকা ন্যায়াধীশৰ মুঠ সংখ্যা হ’ব ৩৮ গৰাকী । এই সিদ্ধান্ত সমগ্ৰ দেশতে ন্যায়িক আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে সময়োপযোগী ন্যায়ৰ সুবিধা বৃদ্ধিৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে গ্ৰহণ কৰা গৈছে । এই সিদ্ধান্তক আইনী সমাজে আদৰণি জনাইছে ৷ উচ্চতম ন্যায়ালয়ত ক্ৰমাৎ বৃদ্ধি পোৱা গোচৰৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি এয়া সময়োপযোগী সিদ্ধান্ত বুলি তেওঁলোকে অভিহিত কৰিছে ।

লগতে পঢ়ক: ভাৰত, নেডাৰলেণ্ডৰ সম্পৰ্ক বৰ্তমান অংশীদাৰিত্ব পৰ্যায়লৈ উন্নীত হৈছে: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী