ETV Bharat / bharat

প্ৰট'কল ভংগ কৰি ৰাজপথতে গাড়ীৰ পৰা নামিল ৰাষ্ট্ৰপতি, সাক্ষাৎ কৰিলে জনতাক

প্ৰট'কলৰ কথা নাভাবি হঠাতে নিজৰ গাড়ী ৰখাব দি নামি আহি জনসমাগমৰ ওচৰ পায়গৈ ৰাষ্ট্ৰপতি মুৰ্মু ।

President Murmu broke protocol
প্ৰট'কল ভংগ কৰি ৰাজপথতে গাড়ীৰ পৰা নামিল ৰাষ্ট্ৰপতি (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : December 29, 2025 at 7:33 PM IST

2 Min Read
Choose ETV Bharat

সেৰাইকেলা (ঝাৰখণ্ড) : ঝাৰখণ্ড ভ্ৰমণত থকা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নিজৰ সৰলতাৰে পুনৰ এবাৰ ৰাইজৰ মন মুহিলে । প্ৰট'কল ভংগ কৰি তেওঁ মাজ ৰাস্তাতে গাড়ীৰ পৰা নামি উপস্থিত ৰাইজক সাক্ষাৎ কৰে । ৰাষ্ট্ৰপতিৰ এই কাৰ্যই তাত উপস্থিত থকা সকলোৰে হৃদয় জয় কৰে ।

ঝাৰখণ্ড ভ্ৰমণৰ দ্বিতীয়দিনা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এন আই টি (ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠান) জামছেদপুৰৰ ১৫ সংখ্যক দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিবলৈ সেৰাইকেলাত উপস্থিত হয় । দীক্ষান্ত সমাৰোহত অংশগ্ৰহণৰ পিছত তেওঁ উভতি আহিছিল । আনহাতে, সেই সময়ত ৰাষ্ট্ৰপতিগৰাকীৰ সামান্যতম হ'লেও দৰ্শন পাবলৈ সুৰক্ষা বেষ্টনীৰে ভৰা বেৰিকেডৰ কাষত স্থানীয় সাধাৰণ জনতাই ভিৰ কৰিছিল । যেতিয়া ৰাষ্ট্ৰপতিৰ কনভয়টো সেৰাইকেলাৰ আকাশবাণী চ'কত উপস্থিত হয় তেতিয়া জনসাধাৰণৰ উৎসাহ প্ৰত্যক্ষ কৰি তেওঁ নিজকে আৰু বাধা দি ৰাখিব নোৱাৰিলে ।

প্ৰট'কল ভংগ কৰি ৰাজপথতে গাড়ীৰ পৰা নামিল ৰাষ্ট্ৰপতি (ETV Bharat)

প্ৰট'কলৰ কথা নাভাবি তেওঁ হঠাতে নিজৰ গাড়ী ৰখাবলৈ নিৰ্দেশ দিয়ে আৰু গাড়ীৰ পৰা নামি আহি জনসমাগমৰ ওচৰ পায়গৈ । ইফালে হঠাতে ৰাষ্ট্ৰপতিক নিজৰ মাজত দেখি ৰাইজৰ উৎসাহ দুগুণ বৃদ্ধি পায় । লগে লগে বেৰিকেডৰ বাহিৰৰ পৰা "ভাৰত মাতা কী জয়" ধ্বনিৰে ৰাষ্ট্ৰপতি মুৰ্মুক স্বাগতম জনায় ।

President Murmu broke protocol
প্ৰট'কল ভংগ কৰি ৰাজপথতে গাড়ীৰ পৰা নামিল ৰাষ্ট্ৰপতি (ETV Bharat)

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে হাতযোৰ কৰি প্ৰণাম কৰি ৰাইজৰ অভিবাদন গ্ৰহণ কৰে আৰু তেওঁলোকৰ সৈতে আন্তৰিকতাৰে সাক্ষাৎ কৰে । ইয়াৰ পিছত খৰকাই দলঙৰ ফালে যোৱা পথতো তেওঁ ৰাইজৰ মাজলৈ যায় আৰু অভিবাদন গ্ৰহণ কৰে । অৱশ্যে এই সময়ছোৱাত সুৰক্ষাকৰ্মীৰ বাবে পৰিস্থিতি যথেষ্ট প্ৰত্যাহ্বানজনক আছিল । কিন্তু ৰাষ্ট্ৰপতিৰ ৰাইজৰ প্ৰতি এই মৰমে সেৰাইকেলা আৰু জামছেদপুৰৰ ৰাইজৰ বাবে এই দিনটোক ঐতিহাসিক কৰি তোলে ।

লগতে পঢ়ক :য’ত বিদেশী আছিল তাত আজি বিশাল প্ৰকল্প হৈছে: বটদ্ৰৱা প্ৰকল্প মুকলি কৰি অমিত শ্বাহ
লগতে পঢ়ক :শ্বহীদ স্মাৰক ক্ষেত্রত শ্ৰদ্ধাঞ্জলি গৃহমন্ত্ৰী অমিত শ্বাহৰ