ETV Bharat / bharat

কেজৰিৱালক দোষমুক্ত ঘোষণা, কংগ্ৰেছে ক'লেঃ "পূৰ্ব পৰিকল্পিত কাহিনী..."

কেজৰিৱালক দোষমুক্ত কৰাৰ পিছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছে । বিজেপিক 'ইচ্ছাধাৰী নাগ' আখ্যা ।

Predictable script, action against BJP's convenient 'allies' will vanish:Cong
কেজৰিৱালক দোষমুক্ত ঘোষণা কৰা প্ৰসংগত কংগ্ৰেছ (ETV Bharat Assam)
author img

By PTI

Published : February 27, 2026 at 5:17 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: দিল্লীৰ এখন আদালতে প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সুৰা কেলেংকাৰী গোচৰত দোষমুক্ত ঘোষণা কৰাৰ পাছত শুকুৰবাৰে কংগ্ৰেছে কয় যে এয়া বিজেপিৰ 'পূৰ্ব পৰিকল্পিত ৰণনীতি আছিল' ।

গুজৰাট আৰু পঞ্জাৱৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আম আদমি পাৰ্টী আৰু অন্য দলৰ বিৰুদ্ধে ল'ব লগা কাৰ্যপন্থা সমাপ্ত হ'ব । বিজেপিক 'মোট সলোৱা, ইচ্ছাধাৰী নাগ'- আখ্যা দিলে কংগ্ৰেছে।

বিৰোধী দলে বিজেপি আৰু আম আদমি পাৰ্টীৰ ওপৰত এই প্ৰতিক্ৰিয়া তেতিয়া প্ৰকাশ কৰে যেতিয়া দিল্লীৰ এখন আদালতে কেজৰিৱাল আৰু প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াসহ আন ২১ জনক দোষমুক্ত ঘোষণা কৰে আৰু ইয়াত উদ্দেশ্যপ্ৰণোদিত বা অপৰাধজনিত কাৰ্য লাভ কৰা নাছিল । এই গোচৰত ক্লিন চিট দিয়াসকলৰ ভিতৰত আছে তেলেংগানা জাগৰুথিৰ সভাপতি কে কবিতা ।

এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ মিডিয়া তথা প্ৰচাৰ বিভাগৰ মুৰব্বী পৱন খেড়াই কয়,"বিজেপি কোনো ৰাজনৈতিক দল নহয় । ই মোট সলোৱা ইচ্ছাধাৰী নাগ । এই দলটোৱে যিকোনো লক্ষ্যৰ বাবে যিকোনো পৰ্যায়লৈ নামিব পাৰে । যাৰ লক্ষ্য হৈছে-কংগ্ৰেছক পৰাস্ত কৰা-ভাৰতক কংগ্ৰেছমুক্ত কৰা ।" খেড়াই X ত এটা প'ষ্টত লিখে,"১২ বছৰলৈকে তেওঁলোকে TMCত বিহ ঢালিলে, আৰু এতিয়া ? নৰেন্দ্ৰ মোদীয়ে নিজেই ইয়াৰ প্ৰশংসা কৰি আছে-সন্মানৰ বাবে নহয়, বৰঞ্চ কংগ্ৰেছৰ ওপৰত এক তীব্ৰ প্ৰহাৰ কৰাৰ বাবেহে ।"

কংগ্ৰেছ নেতাগৰাকীয়ে কয়,"নিৰ্বাচন আহি আছে । সেয়ে পাণ্ডুলিপি আগৰেপৰাই তৈয়াৰ কৰি ৰাখিছে । কংগ্ৰেছ নেতাপ বিৰুদ্ধে গোচৰ আচৰিতভাৱে তীব্ৰ হ'ব-তামিলনাডুত নিৰ্বাচন অনুষ্ঠিত হ'ব, সেয়ে পি চিদাম্বৰমক পুনৰ চৰ্চালৈ আনিছে । একেদৰে গুজৰাট আৰু পঞ্জাৱ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আম আদমি পাৰ্টী আৰু অন্য লোকৰ মাজত তেওঁলোকৰ সুবিধাজনক সহযোগিতাৰ বিৰুদ্ধে মনে মনে সমাপ্ত হ'ব ।"

খেড়াই আৰু কয়,"এয়া বিজেপিৰ ৰণনীতি, প্ৰতিশোধক শাসন হিচাপে আৰু এজেঞ্চীসমূহক নিৰ্বাচনী হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰে ।"

লগতে পঢ়ক: সুৰা কেলেংকাৰী গোচৰত অৰবিন্দ কেজৰিৱাল আৰু মনীষ ছিছোদিয়াক দোষমুক্ত ঘোষণা আদালতৰ

এটা ব্যতিক্ৰমী বেংক, য'ত টকাৰ পৰিৱৰ্তে জমা থোৱা হয় সময়