ETV Bharat / bharat

লোহাৰ ৰডেৰে মৰিয়াই ভাঙি পেলোৱা হৈছিল এঞ্জেলৰ মেৰুদণ্ড, পেটত ঘপিয়াইছিল দাৰে

এঞ্জেল চাকমাৰ মৰণোত্তৰ প্ৰতিবেদন ওলাল ৷ মেৰুদণ্ডৰ C2, C3 আৰু C5 অংশ সম্পূৰ্ণ ভাঙি গৈছিল । ইমপ্লাণ্ট কৰা হৈছিল C2 আৰু C3 অংশ ।

Angel Chakma
এঞ্জেল চাকমা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 11, 2026 at 7:55 AM IST

3 Min Read
Choose ETV Bharat

ডেৰাডুন (উত্তৰাখণ্ড): কিমান নৃশংসভাৱে হত্যা কৰা হৈছিল উত্তৰাখণ্ডৰ ডেৰাডুনত অধ্যয়নৰত ত্ৰিপুৰাৰ ছাত্ৰ এঞ্জেল চাকমাক ! শেহতীয়াকৈ প্ৰকাশ পাইছে এঞ্জেল চাকমাৰ হত্যাকাণ্ডৰ বিশদ মৰণোত্তৰ প্ৰতিবেদন । মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত এঞ্জেল চাকমাক নৃশংসভাৱে আক্ৰমণ কৰা বুলি জানিব উল্লেখ কৰা হৈছে । বৰ্ণ বৈষম্যৰ বলি হৈ মৃত্য়ুক আকোৱালি লোৱা এঞ্জেলক লোহাৰ ৰড আৰু দাৰে আক্ৰমণ কৰি ডিঙি আৰু মেৰুদণ্ডত গুৰুতৰভাৱে আঘাত কৰা হৈছিল । যাৰ ফলত তেওঁৰ মেৰুদণ্ড ভাঙি যায় বুলি কোৱা হৈছে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ।

মন কৰিবলগীয়া যে ত্ৰিপুৰাৰ ২৪ বছৰীয়া ছাত্ৰ এঞ্জেল চাকমাৰ হত্যাত জড়িত ছয় অভিযুক্তৰ ভিতৰত ৫ জনক এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা হৈছে । এঞ্জেল চাকমাক নিৰ্মমভাৱে ছুৰীৰে আঘাত কৰা নেপালী যুৱক যাগ্যৰাজ অৱস্থী এতিয়াও পলাতক হৈ আছে । পলাতক অভিযুক্ত যাগ্যৰাজ অৱস্থীৰ সন্ধান দিওতাৰ বাবে এক লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে উত্তৰাখণ্ড আৰক্ষীয়ে ।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ সবিশেষ:

মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি এঞ্জেল চাকমাৰ ডিঙিৰ সোঁফালে ১২.৫ চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ ঘাঁ হৈছিল, যাৰ বাবে ১৩টা চিলাইৰ প্ৰয়োজন হৈছিল । পেটৰ তলৰ অংশত ৩ চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ ঘাঁ পোৱা গৈছে, য’ত তিনিটা চিলাইৰ প্ৰয়োজন হৈছিল । সোঁ কান্ধতো ১ চেণ্টিমিটাৰ ঘাঁ হোৱা বুলি জানিব পৰা গৈছে । এঞ্জেলৰ মেৰুদণ্ডও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল । এঞ্জেলৰ মেৰুদণ্ডৰ C2, C3 আৰু C5 অংশ সম্পূৰ্ণ ভাঙি গৈছিল বুলি প্ৰতিবেদনত কোৱা হয় । চিকিৎসাৰ সময়ত C2 আৰু C3 অংশটোত ইমপ্লাণ্ট কৰা হৈছিল ।

কি হৈছিল ঘটনাটো:

২০২৫ চনৰ ৯ ডিচেম্বৰৰ সন্ধিয়া ডেৰাডুনত ৬ অভিযুক্তই জন্মদিন উদযাপন কৰিবলৈ সমবেত হৈছিল । পূৰ্বৰে পৰাই এঞ্জেল চাকমা আৰু তেওঁৰ ভায়েকো সেই ঠাইত উপস্থিত আছিল । যেতিয়া এই দলটোৱে আনন্দত আত্মহাৰা হৈ চিঞৰ-বাখৰ আৰম্ভ কৰি এঞ্জেলহঁতক উদ্দেশ্যি কিছুমান বৰ্ণ বৈষম্যমূলক মন্তব্য নিক্ষেপ কৰিবলৈ আৰম্ভ কৰিলে তেতিয়াই দুয়োপক্ষৰ মাজত তৰ্কৰ সূচনা হয় আৰু পিছলৈ ই এক কাজিয়ালৈ পৰিণত হয় ।

ইফালে অভিযুক্তৰ এজনে এঞ্জেলক লাঠিৰে আক্ৰমণ কৰাৰ বিপৰীতে আন এজনে ওচৰৰ কণীৰ গাড়ী এখনৰ পৰা ছুৰী এখন আনি ছাত্ৰজনক আক্ৰমণ কৰি পলায়ন কৰে । ইয়াৰ পিছতে এঞ্জেলৰ ভাতৃয়ে আহত এঞ্জেল চাকমাক এখন ই-ৰিক্সাত তুলি ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায় । তাত কেইবাদিনো চিকিৎসা কৰা হৈছিল যদিও ২৬ ডিচেম্বৰৰ পুৱা তেওঁৰ মৃত্যু হয় ।

ইতিমধ্যে উত্তৰাখণ্ড চৰকাৰে এঞ্জেল চাকমাৰ পৰিয়ালক ৪ লাখ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়াইছে । ইপিনে এছ আই টিৰ চি অ’ ভাস্কৰ শ্বাহে কয়, "মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ত্ৰিপুৰাৰ ছাত্ৰ এঞ্জেল চাকমাৰ মৃত্যুৰ কাৰণ মূৰত হোৱা আঘাত বুলি প্ৰকাশ পাইছে । তদন্তত এই কথাও পোহৰলৈ আহিছে যে এজন অভিযুক্তই তেওঁৰ মূৰত লোহাৰে আঘাত কৰিছিল, আনহাতে আনজনে তেওঁৰ পেটৰ তলৰ অংশত দাৰে আক্ৰমণ কৰিছিল, যাৰ ফলত এঞ্জেলৰ মৃত্যু হৈছিল ।"

লগতে পঢ়ক: হাতে হাতে মম জ্বলাই এঞ্জেল হত্যাৰ ন্যায় বিচাৰি ডেৰাডুনৰ ৰাজপথত উত্তৰ-পূবৰ শিক্ষাৰ্থী