ETV Bharat / bharat

লাঠি-ইটাৰে আৰক্ষীক আক্ৰমণ; চকুত ঢালিলে জলকীয়াৰ গুড়ি

কৰ্তব্যৰত আৰক্ষীৰ ওপৰত একাংশ লোকৰ আক্ৰমণ । কিশোৰক আটক । পলাতক ঘটনাৰ আন অভিযুক্ত ।

Delhi Police attack
দিল্লীত কৰ্তব্যৰত আৰক্ষীক আক্ৰমণ একাংশ লোকৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : August 23, 2026 at 5:35 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : দিল্লীৰ ভলস্বা ডেইৰী থানাৰ অন্তৰ্গত মুকুন্দপুৰৰ জনতা বিহাৰত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । যান-বাহনৰ তালাচী চলাই থকাৰ সময়ত একাংশ লোকে আৰক্ষীৰ ওপৰত আক্ৰমণ কৰে । অভিযোগ অনুসৰি, আক্ৰমণকাৰীয়ে আৰক্ষীৰ চকুৰ জলকীয়াৰ গুড়ি ছটিয়ায় । লগতে আৰক্ষীক লাঠি আৰু ইটাৰেও আক্ৰমণ কৰে । এই ঘটনা ৩ গৰাকী আৰক্ষী কৰ্মী আহত হয় ।

ইফালে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে এজন কিশোৰক আটক কৰিছে । অৱশ্যে মূল অভিযুক্তসকল বৰ্তমানো পলাতক হৈ আছে । পলাতক আক্ৰমণকাৰীসকলক বিচাৰি আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰিছে ।

আৰক্ষীয়ে জনোৱা মতে ২২ আগষ্টৰ বিয়লি প্ৰায় ৩ বজাত ভলস্বা ডেইৰী থানাৰ হেড কনিষ্টবল দীনেশ আৰু ৰাজেশৰ নেতৃত্বত এটা দলে মুকুন্দপুৰ অঞ্চলৰ জনতা বিহাৰত তালাচী চলাই আছিল । সেই সময়ত এখন মটৰ চাইকেল উদ্ধাৰ হয়, য'ত বৈধ নথি-পত্ৰ নাছিল । দিল্লী আৰক্ষীৰ আইনৰ অধীনত মটৰ চাইকেলখন থানাত জমা দি আৰক্ষীৰ দলটো পুনৰ বিটলৈ উভতি যায় ।

প্ৰায় ৩.৩০ বজাত মটৰ চাইকেলৰ মালিক আৰু তেওঁৰ পৰিয়ালৰ একাংশ লোক তাত উপস্থিত হয় । আৰক্ষীৰ বিৰুদ্ধে তেওঁলোকে প্ৰতিবাদ আৰম্ভ কৰে । প্ৰথমে তৰ্ক-বিতৰ্ক আৰু কিছু সময়ৰ ভিতৰতে বিষয়টো কাজিয়াত পৰিণত হয় । অভিযোগ অনুসৰি অভিযুক্তই আৰক্ষীৰ চকুত জলকীয়াৰ গুড়ি ছটিয়াই আৰু ইটা-লাঠিৰে আক্ৰমণ কৰে ।

এই ঘটনাৰ খবৰ পাই সেই স্থানত উপস্থিত হোৱা টিনু নামৰ আন এগৰাকী হেড কনিষ্টবলকো লোকসকলে আক্ৰমণৰ লক্ষ্য কৰি লয় । ঘটনাত তিনিওগৰাকী আৰক্ষী আঘাতপ্ৰাপ্ত হয় । তেওঁলোকক ততালিকে চিকিৎসালয় লৈ প্ৰেৰণ কৰা হয় । সম্প্ৰতি পৰিস্থিতিত নিয়ন্ত্ৰণত আছে বুলি জানিব পৰা গৈছে । ইফালে স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা ১৭ বছৰীয়া এগৰাকী কিশোৰক আটক কৰিবলৈ সক্ষম হয় ।

ঘটনা সন্দৰ্ভত উপ আৰক্ষী আয়ুক্ত ভি হৰেশ্বৰ স্বামীয়ে কয় যে কৰ্তব্যৰত অৱস্থাত আৰক্ষীৰ আক্ৰমণ কৰা চৰকাৰী কামত বাধা দিয়াসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । এই বিষয়ত বিএনএছৰ বিভিন্ন ধাৰাৰ অধীনত ৫৩৭/২৬ নম্বৰত ভলস্বা ডেইৰী থানাত গোচৰ ৰুজু কৰা হৈছে ।

আৰক্ষীৰ মতে পলাতক মূল অভিযুক্ত সুনীল ওৰফে পংকজ অঞ্চলটোৰ অন্যতম দাগী অপৰাধী আৰু ইতিমধ্যে তেওঁৰ বিৰুদ্ধে এনডিপিএছ আইনৰ অধীনত দুটা আৰু গুৰুতৰ অপৰাধৰ সৈতে জড়িত গোচৰকে ধৰি ৫ টা অপৰাধমূলক গোচৰ ৰুজু হৈ আছে । আৰক্ষীৰ দলটোৱে আন অভিযুক্তসকলকো গ্ৰেপ্তাৰ কৰিবলৈ অভিযান চলাই আছে । এই ঘটনাৰ এটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । যাক লৈ বিভিন্ন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :

অন্ধ্ৰপ্ৰদেশ-মণিপুৰৰ শিক্ষাৰ্থীৰ মাজত সংঘাত; মুখ্যমন্ত্ৰীৰ হস্তক্ষেপত পৰিস্থিতি নিয়ন্ত্ৰণ