কলকাতাৰ চিকিৎসকলৈ মৃত্যুৰ ভাবুকি পত্ৰ: গ্ৰেপ্তাৰ অসমৰ বাসিন্দা
নিজৰ বৃক্ক বিক্ৰী কৰাৰ পৰিকল্পনা বাস্তৱায়িত নোহোৱাত তেওঁ ক্ষন্তেকতে ধন সংগ্ৰহৰ বাবে এক অপৰাধৰ পথ বাছি লয় ।

Published : June 2, 2026 at 3:13 PM IST
কলকাতা: মূৰৰ ওপৰত ঋণৰ পাহাৰ । ব্যৱসায়িক লোকচানৰ পিছত আৰ্থিক সংকট ইমানেই জটিল পৰ্যায়ত উপনীত হ’ল যে ইয়াৰ পৰা সকাহ বিচাৰি হাহাকাৰ কৰিবলগা হয় । আনকি নিজৰ বৃক্ক বিক্ৰী কৰাৰ কথাও চিন্তা কৰে । কিন্তু সকলো পৰিকল্পনা যেতিয়া বাস্তৱায়িত কৰিব নোৱাৰিলে, তেতিয়া তেওঁ ক্ষন্তেকতে ধন সংগ্ৰহৰ বাবে এক অপৰাধৰ পথ বাছি লয় ।
এয়া হৈছে কলকাতাত বাস কৰা অসমৰ এগৰাকী বাসিন্দাৰ শেহতীয়া জীৱন পৰিক্ৰমা । এই জীৱন চক্ৰত সোমাই তেওঁ হাবুডুবু খাই অৱশেষত অপৰাধ জগতত প্ৰৱেশ কৰে । ইয়াৰে অংশ হিচাপে কলকাতাৰ কেইবাজনো বিশিষ্ট চিকিৎসকলৈ ভাবুকি পত্ৰ প্ৰেৰণ কৰি বৃহৎ পৰিমাণৰ ধন দাবীৰ ষড়যন্ত্ৰ ৰচনা কৰে । ব্যক্তিগৰাকী হৈছে অসমৰ বাসিন্দা শিৱতোষ দেৱৰয় । অৱশেষত কলকাতা আৰক্ষীৰ তদন্তত তেওঁৰ পৰিকল্পনা বিফল হয় । ডাক বিভাগৰ পৰা পোৱা সূত্ৰৰ জৰিয়তে আৰক্ষীয়ে অভিযুক্তক বিচাৰি উলিয়াবলৈ সক্ষম হয় । দেওবাৰে অভিযুক্তক লামডিঙৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।
এজন আৰক্ষী বিষয়াই জনোৱা মতে, "আমি ডাকঘৰৰ পৰা সংগ্ৰহ কৰা কাৰিকৰী তথ্য, চিচিটিভি ফুটেজ আৰু লীডৰ তথ্য বিশ্লেষণৰ জৰিয়তে আমাৰ তদন্ত আগবঢ়াই অভিযুক্তক চিনাক্ত কৰিবলৈ সক্ষম হৈছিলোঁ । তেওঁক জেৰাৰ পিছত আৰু অধিক গুৰুত্বপূৰ্ণ তথ্য ওলাব পাৰে ।"
ঘটনাৰ বিৱৰণী মতে, চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা সমগ্ৰ কলকাতাৰ বিভিন্ন চিকিৎসালয় আৰু চিকিৎসকৰ ক্লিনিকলৈ ধাৰাবাহিকভাৱে ভাবুকিমূলক পত্ৰ আহিবলৈ আৰম্ভ কৰে । অভিযোগ কৰা হৈছে যে এই পত্ৰবোৰত ভয় দেখুৱাই ধন আদায় কৰাৰ চেষ্টা কৰা হৈছিল । বিষয়টো পোহৰলৈ অহাৰ লগে লগে চিকিৎসকসকলৰ মাজত ব্যাপক উদ্বিগ্নতাৰ সৃষ্টি কৰে । আনহাতে, এই বিষয়ে একাধিক অভিযোগ লাভ কৰাৰ পিছতে কলকাতা আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ।
তদন্তকাৰীয়ে প্ৰথমে বিভিন্ন চিকিৎসালয়, ডাকঘৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ পৰা চিচিটিভিৰ ফুটেজ সংগ্ৰহ কৰে । এশ ঘণ্টাৰো অধিক সংগৃহীত ফুটেজ পৰীক্ষা কৰি থাকোঁতে তেওঁলোকে এক গুৰুত্বপূৰ্ণ তথ্য লাভ কৰে: বিভিন্ন স্থানৰ পৰা সংগ্ৰহ কৰা ভিডিঅ’ ৰেকৰ্ডিঙত এজন মুখা পিন্ধা ব্যক্তিক বাৰে বাৰে দেখা যায় । তেওঁৰ গতিবিধি আৰু উপস্থিতিৰ সময় বিশ্লেষণ কৰি আৰক্ষী নিশ্চিত হয় যে একেজন ব্যক্তিয়েই একাধিক কাণ্ডৰ সৈতে জড়িত হোৱাৰ সম্ভাৱনা আছে ।
ইয়াৰ পিছতে কাৰিকৰী তদন্ত আৰম্ভ কৰা হয় । তদন্তকাৰীয়ে মোবাইল ফোন কলৰ সবিশেষ, অৱস্থিতিৰ তথ্য আৰু অন্যান্য ডিজিটেল ফুটপ্ৰিণ্ট বিশ্লেষণ কৰিবলৈ আৰম্ভ কৰে । এই প্ৰক্ৰিয়াৰ সময়ত আন এটা উল্লেখযোগ্য তথ্য ওলাই আহে । সেয়া হৈছে কলকাতাৰ সাধাৰণ ডাকঘৰৰ (জিপিঅ’) পৰা একাধিক ভাবুকিমূলক পত্ৰ প্ৰেৰণ কৰা হৈছিল ।
জিপিঅ’ৰ পৰা প্ৰেৰণ কৰা পত্ৰসমূহৰ সন্দৰ্ভত তথ্য সংগ্ৰহ কৰি তদন্তকাৰীয়ে সন্দেহজনক লোকজনৰ গতিবিধি পুনৰ চিত্ৰায়ন কৰিবলৈ সক্ষম হয় । লাহে লাহে তদন্তৰ গতিপথ ৰাজ্যখনৰ সীমাৰ বাহিৰ ওলাই অসমলৈ বিস্তৃত হৈ পৰে । অৱশেষত অসমতে শিৱতোষ দেৱৰয়ৰ নামটো ওলাই পৰে । পৰ্যাপ্ত প্ৰমাণ গোটাই লোৱাৰ পিছত কলকাতা আৰক্ষীৰ এটা দলে অসমলৈ গৈ লামডিঙৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে । সম্প্ৰতি তেওঁক ট্ৰেনজিট ৰিমাণ্ডত কলকাতালৈ অনাৰ প্ৰক্ৰিয়া চলি আছে । আৰক্ষীৰ সূত্ৰ অনুসৰি, তেওঁক কলকাতালৈ অনাৰ পিছত তেওঁক বিতং জেৰা কৰা হ’ব ।
প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে এটা সময়ত শিৱতোষ হোটেল ব্যৱসায়ৰ সৈতে জড়িত আছিল । কিন্তু তেওঁৰ ব্যৱসায়ত যথেষ্ট আৰ্থিক লোকচানৰ সন্মুখীন হোৱাৰ বাবে তেওঁ ঋণত পোত খাই পৰে । বৰ্ধিত ঋণৰ হেঁচা ক্ৰমান্বয়ে বাঢ়ি যোৱাৰ লগে লগে তেওঁ নতুন ব্যৱসায় আৰম্ভ কৰাৰ পৰিকল্পনা কৰে । এই উদ্দেশ্য পূৰণৰ বাবেই তেওঁ জীৱনৰ নতুন আৰম্ভণি কৰিবলৈ কলকাতালৈ যোৱাৰ কথা চিন্তা কৰে ।
অৱশ্যে ইয়াৰ বাবে তেওঁৰ পৰ্যাপ্ত মূলধন নাছিল । তদন্তত দেখা গৈছে যে এই সময়ছোৱাত তেওঁ আনকি ধন সংগ্ৰহৰ বাবে নিজৰ এটা বৃক্ক বিক্ৰী কৰাৰ কথাও চিন্তা কৰে । তেওঁৰ বিশ্বাস আছিল যে বৃক্ক বিক্ৰী কৰিলে হয়তো প্ৰায় ১৫ লাখ টকা আহিব পাৰে । সেই ধনখিনি ব্যৱহাৰ কৰি ঋণ পৰিশোধ কৰি তেওঁ পুনৰ ব্যৱসায় আৰম্ভ কৰাৰ সপোন ৰচে । কিন্তু যেতিয়া এই পৰিকল্পনা বাস্তৱায়িত নহ’ল, তেতিয়া তেওঁ দ্ৰুতভাৱে ধন সংগ্ৰহৰ বিকল্প পথ বিচাৰিবলৈ ধৰে ।
তদন্তকাৰীয়ে বৰ্তমান এই দিশটো পৰীক্ষা কৰি আছে যে এই সমগ্ৰ কাণ্ডটো ৰূপায়ণ কৰাত শিৱতোষে নিজৰ মগজুৰে কাম কৰিছিল নে তেওঁৰ আন কোনো সহযোগী আছিল ? ভাবুকি পত্ৰৰ খচৰা প্ৰস্তুত কৰা বা প্ৰেৰণ কৰাত তেওঁক কোনোবাই সহায় কৰিছিল নেকি সেই বিষয়েও তদন্ত কৰি আছে । ইয়াৰ উপৰি তেওঁলোকে এই কাণ্ডৰ সৈতে জড়িত কোনো বিত্তীয় লেনদেন সংঘটিত হৈছে নেকি সেইটোও তন্নতন্নকৈ পৰীক্ষা কৰিব ।

