ETV Bharat / bharat

বংগৰ প্ৰসিদ্ধ কবি জয় গোস্বামীক মাতিলে 'ছাৰ'ৰ শুনানিলৈ : কন্যাই ক'লে- এয়া ৰাজনৈতিক সন্ত্ৰাসবাদ

"হয়তো ৰবীন্দ্ৰনাথ ঠাকুৰ জীয়াই থকা হ’লে তেওঁকো শুনানিৰ বাবে মাতিলেহেঁতেন ।" ক্ষুব্ধ শিক্ষা মন্ত্ৰী ৷

Poet Joy Goswami
কবি জয় গোস্বামী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 1, 2026 at 8:13 AM IST

3 Min Read
Choose ETV Bharat

কলকাতা: পশ্চিম বংগৰ প্ৰখ্যাত বাঙালী কবি জয় গোস্বামীক নিৰ্বাচনী তালিকাৰ চলি থকা বিশেষ নিবিড় পুনৰীক্ষণ (SIR)ৰ সন্দৰ্ভত নিৰ্বাচন আয়োগে শুনানিৰ বাবে মাতিছে ৷ এই কথা প্ৰকাশ কৰিছে কবিগৰাকীৰ কন্যা দেবোত্ৰীয়ে ।

সাহিত্য অকাডেমী বঁটা বিজয়ী কবি গোস্বামীৰ শেহতীয়াকৈ অস্ত্ৰোপচাৰ কৰা হৈছে আৰু তেওঁ বৰ্তমান অসুস্থ বুলি জানিবলৈ দিয়ে কন্যাই । ৭৪ বছৰীয়া পিতৃক ২ জানুৱাৰীত এছ আই আৰ শুনানিৰ বাবে হাজিৰ হ’বলৈ কোৱা হৈছে ।

দেবোত্ৰীয়ে কয় যে পৰিয়ালৰ সকলো সদস্যই সময়মতে গণনা প্ৰ-পত্ৰ যথাযথভাৱে পূৰণ কৰি জমা দিছে । ২০০২ চনৰ তালিকাত নাম নথকাৰ বাবে তেওঁ আৰু তেওঁৰ পিতৃ দুয়োজনেই ‘আনমেপড’ ভোটাৰ বুলিও কয় তেওঁ ।

"মোৰ দেউতাৰ পৰা কিছু তথ্য আৰু নথি-পত্ৰ বিচৰা হৈছে । তেওঁৰ বৰ্তমানৰ স্বাস্থ্যৰ অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি শুনানিত উপস্থিত থকাটো সম্ভৱ যেন নালাগে । শুনানিৰ দিনা প্ৰয়োজনীয় নথি-পত্ৰ আৰু তথ্য লৈ যাম ।" কন্যা দেবোত্ৰীয়ে কয় ৷ অৱশ্যে বিগত কেইবাবছৰ ধৰি নিয়মীয়াকৈ ভোটদান কৰি আহিছে গোস্বামীয়ে ৷

কবিৰ কন্যাৰ মতে এয়া “ৰাজনৈতিক সন্ত্ৰাসবাদৰ বাহিৰে একো নহয় ।” কবি পৰিয়ালৰ ঘনিষ্ঠ সূত্ৰই জনোৱা মতে, এছ আই আৰৰ শুনানিৰ সন্দৰ্ভত ইতিমধ্যে নিৰ্বাচন আয়োগে জয় গোস্বামীৰ পত্নীৰ সৈতে যোগাযোগ কৰিছে । লগতে জানিব পৰা মতে, বিষয়টোৰ তদন্ত হ’ব বুলি পৰিয়ালটোক আশ্বাস দিয়া হৈছে ।

দেবোত্ৰীয়ে আৰু কয়, "মোৰ দেউতাৰ হাতত ২০০২ চনৰ নথি-পত্ৰ নাই। তেওঁ ২০২৪ চনতো ভোটদান কৰিছিল । যদি মই ছোৱালীৰ দৃষ্টিকোণৰ পৰা চাওঁ তেন্তে মই ক'ম যে মোৰ দেউতা এজন বৃদ্ধ, শেহতীয়াকৈ তেওঁৰ অস্ত্ৰোপচাৰ কৰা হৈছে । মোৰ দেউতাৰ বাহিৰেও আন বহু বৃদ্ধ লোকো আছে যিসকলে শাৰীৰিক সমস্যাৰে শাৰী পাতি থিয় হৈ আছে । তেওঁলোককো কোৱা হ'ব নেকি যে তেওঁলোকে প্ৰমাণ কৰিব লাগিব ভাৰতীয় নাগৰিক বুলি । মোৰ দৰে কাৰ্যালয়লৈ যোৱা লোকসকলে আমাৰ সকলো কাম বন্ধ কৰি শাৰী পাতি থিয় হোৱাটো সম্ভৱনে ?"

তেওঁ লগতে আৰু কয়, "মোৰ দেউতাই ২ জানুৱাৰীত এছ আই আৰৰ শুনানিত উপস্থিত থাকিব নোৱাৰিব বুলি কোৱা হৈছিল । আমি পিছৰ তাৰিখ বিচাৰিছো । ডাক্তৰে অনুমতি দিলে তেওঁ যাব, নহ'লে নাযাব ।"

আনহাতে এই প্ৰসংগত নিৰ্বাচন আয়োগৰ এগৰাকী বিষয়াই কয় যে তেওঁলোকে গোস্বামীৰ পৰিয়ালৰ সৈতে ফোনযোগে কথা পাতিছে আৰু সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিছে । পশ্চিম বংগত এছ আই আৰ প্ৰক্ৰিয়াৰ অংশ হিচাপে অনুষ্ঠিত হোৱা শুনানিৰ সময়ত বৃদ্ধ ভোটাৰ শাৰীত থিয় হৈ অসুস্থ হৈ পৰাৰ অভিযোগ উত্থাপন হোৱাৰ সময়তে এই ঘটনা সংঘটিত হৈছে ।

উল্লেখ্য যে প’ল পেনেলে জাননী জাৰি কৰিছে যে ৮৫ বছৰৰ ওপৰৰ ভোটাৰ বা গুৰুতৰভাৱে অসুস্থ ভোটাৰক তেওঁলোকৰ বাসগৃহত শুনানি গ্ৰহণ কৰা হ’ব । ইফালে, টি এম চিৰ নেতা তথা ৰাজ্যৰ শিক্ষামন্ত্ৰী ব্ৰত্য বসুৱে কয়, "বছৰ বছৰ ধৰি বংগত ভোটদান কৰি অহা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত এজন অগ্ৰণী কবি হিচাপে পৰিচিত জয় গোস্বামীৰ দৰে কবিক শুনানিৰ বাবে মাতিব পৰাটো কল্পনাৰ বাহিৰত । কোনে জানে ৰবীন্দ্ৰনাথ ঠাকুৰ জীয়াই থকা হ’লে হয়তো তেওঁলোকে তেওঁকো শুনানিৰ বাবে মাতিলেহেঁতেন ।"

লগতে পঢ়ক: কুঁৱলী কিছু কমিলেও কমা নাই শীতৰ প্ৰকোপ: আগন্তুক কেইটা দিনৰ বতৰ কেনে থাকিব