ETV Bharat / bharat

বিকশিত ভাৰত ২০৪৭: নিটি আয়োগৰ বৈঠকত কেন্দ্ৰ-ৰাজ্যৰ সামূহিক প্ৰচেষ্টাৰ পোষকতা প্ৰধানমন্ত্ৰীৰ

নিটি আয়োগৰ একাদশ পৰিচালনা পৰিষদৰ বৈঠকত বিকশিত ভাৰত @২০৪৭ৰ বাবে সৰ্বাংগীন মানৱ উন্নয়ন শীৰ্ষক বিষয়বস্তুৰ ওপৰত আলোচনা কৰা হয় ।

NITI Aayog Governing Council
প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত নতুন দিল্লীত নিটি আয়োগৰ বৈঠক (ANI)
author img

By ANI

Published : June 11, 2026 at 8:05 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বৃহস্পতিবাৰে নতুন দিল্লীত অনুষ্ঠিত হয় নিটি আয়োগৰ একাদশ পৰিচালনা পৰিষদৰ বৈঠক । ৰাষ্ট্ৰপতি ভৱন সাংস্কৃতিক কেন্দ্ৰত আয়োজিত এই বৈঠকত "বিকশিত ভাৰত @২০৪৭ৰ বাবে সৰ্বাংগীন মানৱ উন্নয়ন" শীৰ্ষক বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ।

নিটি আয়োগৰ মতে এই বৈঠকত সৰ্বাংগীন মানৱ বিকাশ, ভৱিষ্যতৰ বাবে সাজু দক্ষতা আৰু মানৱ মূলধন, উৎপাদনশীল নিয়োগ আৰু উদ্যোগীকৰণ, স্বাস্থ্য আৰু সকলোৰে বাবে সমতা আৰু মৰ্যাদা নিশ্চিত কৰা ৪ টা মূল স্তম্ভৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । এই আলোচনাই ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰতৰ সপোন দিঠকত পৰিণত হোৱাৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাব বুলি আশা কৰা হৈছে ।

বৈঠকত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে নিটি আয়োগে সহযোগিতাৰ মঞ্চ হিচাপে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে । যাৰ ফলত ৰাজ্যসমূহে মত বিনিময় আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ দিশত একেলগে কাম কৰিবলৈ সক্ষম হয় ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "সহযোগিতা, আলোচনা আৰু ভাগ-বাটোৱাৰাই ৰাজ্যসমূহৰ মাজত পাৰস্পৰিক কাৰ্যকলাপৰ পথ প্ৰদৰ্শন কৰিব লাগে ।" প্ৰধানমন্ত্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে যে কেন্দ্ৰ আৰু ৰাজ্যসমূহৰ সামূহিক প্ৰচেষ্টাই এখন উন্নত দেশৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

তেওঁ উল্লেখ কৰে, "বৰ্তমান বিশ্বই অনিশ্চয়তা আৰু অস্থিৰতাৰ মাজেৰে সময় পাৰ কৰিছে । তথাপিও ভাৰতে আত্মবিশ্বাস আৰু দৃঢ়তাৰে নিজৰ বৃদ্ধিৰ গতিপথত আগবাঢ়িছে । সমবায় ফেডাৰেলিজমৰ মনোভাৱৰ দ্বাৰা পৰিচালিত হৈ আমি ভাৰতৰ উন্নয়ন যাত্ৰাক ত্বৰান্বিত কৰাৰ বাবে একেলগে কাম কৰি আছোঁ ।"

বিশ্ব বাণিজ্য সম্পৰ্কত প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে বৃদ্ধি আৰু ৰপ্তানিৰ নতুন সুযোগ সৃষ্টিৰ বাবে বহু দেশৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰিছে । এই চুক্তিসমূহে লঘু, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ বাবে এক উল্লেখযোগ্য সুযোগ প্ৰদান কৰে, যাৰ ফলত তেওঁলোকে আন্তঃৰাষ্ট্ৰীয় মানদণ্ড মানি চলি আৰু প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰি বিশ্ব বজাৰৰ বাবে প্ৰস্তুতি চলাব পাৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ জনগাঁথনিগত লভ্যাংশক জাতিটোৱে হেৰুৱাব নোৱাৰা এক ঐতিহাসিক সুযোগ বুলি অভিহিত কৰে । তেওঁ গুণগত শিক্ষা, চাহিদা-চালিত দক্ষতা আৰু নিয়োগৰ সুযোগৰ জৰিয়তে যুৱক-যুৱতীসকলৰ বাবে সঠিক পৰিৱেশ তন্ত্ৰ সৃষ্টিৰ আহ্বান জনায় । তেওঁ কয়, "সবল যুৱক-যুৱতীয়েই হ'ব আমাৰ বিকশিত ভাৰতৰ যাত্ৰাৰ চালিকা শক্তি ।"

প্ৰধানমন্ত্ৰীয়ে মহিলা নেতৃত্বাধীন উন্নয়নক বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ মূল শিলাস্তম্ভ হিচাপেও চিহ্নিত কৰে । তেওঁ লক্ষ্য কৰে যে নাৰী শক্তিয়ে কৃষি আৰু ষ্টাৰ্টআপৰ পৰা আৰম্ভ কৰি বিজ্ঞান আৰু উদ্ভাৱনলৈকে বিভিন্ন ক্ষেত্ৰত অৰিহণা যোগাইছে ।

বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্রী, উপ-ৰাজ্যপাল আৰু কেন্দ্রীয় শাসিত অঞ্চলৰ প্রতিনিধিসকলে দেশৰ উন্নয়নৰ ৰোডমেপ সন্দর্ভত আলোচনাত অংশ লৈছে ৷ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, অসমৰ ড৹ হিমন্ত বিশ্ব শৰ্মা, বিহাৰৰ সম্ৰাট চৌধুৰী, হাৰিয়ানাৰ নায়ব সিং ছেইনী, তেলেংগানাৰ ৰেৱন্ত ৰেড্ডী আৰু অন্ধ্ৰ প্ৰদেশৰ এন চন্দ্ৰবাবু নাইডুৱেও বৈঠকত অংশ লয় । তাৰ ভিতৰত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীও আছে ।

উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী কার্যালয়ৰ তথ্য অনুসৰি বৈঠকত আলোচনা কৰা মূল বিষয়সমূহৰ ভিতৰত আছে বিকশিত ভাৰত ২০৪৭ৰ দৃষ্টিভংগী, সমবায় ফেডাৰেলিজম শক্তিশালী কৰা আৰু দেশজুৰি ৰাজ্যসমূহৰ সামগ্রিক আৰু সুষম উন্নয়ন নিশ্চিত কৰা ৷

বৈঠকৰ সময়ত ধামীয়ে উত্তৰাখণ্ডৰ উন্নয়নৰ সৈতে জড়িত কেইবাটাও বিষয়ৰ ওপৰত আলোকপাত কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে আন্তঃগাঁথনি, পৰ্যটন, বিনিয়োগ, নিয়োগ সৃষ্টি আৰু জনকল্যাণকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোকপাত কৰে বুলি কাৰ্যালয়ে জনাইছে ।

ৰাজ্যখনে কৃষি আৰু আনুষংগিক কাৰ্যকলাপকে ধৰি বিভিন্ন খণ্ডত অৰ্থনৈতিক বৃদ্ধি, আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু জীৱিকা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।

লগতে পঢ়ক :

কেন্দ্ৰৰ নীতিৰ বিৰুদ্ধে দেশজোৰা প্ৰতিবাদত নামিব কংগ্ৰেছ