ETV Bharat / bharat

"ইন্ধনৰ ব্য়ৱহাৰ হ্ৰাস কৰাৰ লগতে সোণ ক্ৰয় কম কৰক", কিয় ক'লে প্ৰধানমন্ত্ৰী মোদীয়ে

কৰ’না মহামাৰীৰ বিভীষিকাৰ পিছত আৰু সম্প্ৰতি চলি থকা পশ্চিমীয়া সংঘাতৰ ফলত বিশ্বৰ যোগান ব্যৱস্থা ক্ষতিগ্ৰস্ত হৈছে ৷ যাৰ উদ্দেশ্যে দেশবাসীলৈ বিশেষ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে ৷

PM NARENDRA MODI in telangana
ছেকেন্দৰাবাদ পেৰেড খেলপথাৰত বিজেপিৰ জনসভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 11, 2026 at 11:59 AM IST

5 Min Read
Choose ETV Bharat

হায়দৰাবাদ(তেলেংগানা): পশ্চিমীয়া সংঘাতে সমগ্ৰ বিশ্বতে প্ৰভাৱ পেলাইছে ৷ বিশ্বব্যাপী এই প্ৰভাৱ পৰিছে সামাজিক, অৰ্থনৈতিক, ৰাজনীতিৰ দৰে প্ৰতিখন ক্ষেত্ৰতে ৷ বিশেষকৈ বিশ্ব অৰ্থনীতি আৰু যোগান ব্যৱস্থা ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা দেখা গৈছে ৷ যাৰ ফলত ইন্ধনৰ নাটনি, মূল্যবৃদ্ধিৰ দৰে সমস্যাসমূহে গা কৰি উঠিছে ৷

চৰকাৰে বাৰে বাৰে জনসাধাৰণক যিকোনো সামগ্ৰী বিশেষকৈ পৰ্যাপ্ত পৰিমাণে ইন্ধন মজুত থকা বুলি আশ্বাস দি আহিলেও কিন্তু বাস্তৱত এক বিপৰীত ছবিহে দেখা গৈছে ৷ ভাৰততো প্ৰায় একেই অৱস্থা ৷ যাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইটামান বিশেষ বিষয়ক লৈ দেশবাসীক সম্বোধন কৰে ৷

প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰে দেশবাসীক সম্বোধন কৰি ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰাৰ উপৰিও এবছৰলৈ সোণৰ দৰে মূল্যবান ধাতু ক্ৰয় নকৰিবলৈ আহ্বান জনায় ৷ যুদ্ধ আৰু যোগান ব্যৱস্থাত জন্মা ব্যাঘাতৰ ফলত বিশ্বব্যাপী সৃষ্টি হোৱা অৰ্থনৈতিক চাপৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত ভাৰতক সহায় কৰিবলৈয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে এই আহ্বান জনায় । হায়দৰাবাদৰ ছেকেন্দ্ৰাবাদ পেৰেড খেলপথাৰত বিজেপিৰ এক সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেল আৰু সাৰৰ বিশ্বব্যাপী মূল্যবৃদ্ধিৰ প্ৰভাৱৰ পৰা জনসাধাৰণক ৰক্ষা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে এই প্ৰচেষ্টা হাতত লৈছে ৷

২০২০ চনৰ পিছৰে পৰা দেশত কৰ’না মহামাৰীৰ পিছত সৃষ্টি হোৱা পৰিৱেশ আৰু বৰ্তমানে চলি থকা যুদ্ধৰ ফলত সৃষ্টি হোৱা অৰ্থনৈতিক চাপৰ কথা প্ৰধানমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰি কয়, ‘‘সমগ্ৰ বিশ্বৰ যোগান ব্যৱস্থাত যথেষ্ট প্ৰভাৱ পৰিছে ৷ যাৰ ফলত চুবুৰীয়া দেশতো মূল্যবৃদ্ধি হৈছে । তেলৰ মূল্য বৃদ্ধিৰ বোজা যাতে ভাৰতৰ জনসাধাৰণৰ ওপৰত নপৰে, তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে উপযুক্ত ব্যৱস্থা হাতত লৈছে ৷’’

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘আমি বিভিন্ন দেশৰ সৈতে আলোচনা কৰি দেশৰ পেট্ৰ’ল-ডিজেলৰ সমস্যা দূৰ কৰিম । দীঘলীয়া সময়লৈকে আমি তেলৰ ব্যৱহাৰ হ্ৰাস কৰা উচিত ।’’ চৰকাৰে বৈদ্যুতিক বাহনৰ জৰিয়তে ইন্ধনৰ ব্য়ৱহাৰ হ্ৰাস কৰাৰ ৰে’লখণ্ডতো ডিজেলৰ ব্যৱহাৰ যথেষ্ট কমোৱা হৈছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণত উল্লেখ কৰে ৷ তেওঁ কয় যে অদূৰ ভৱিষ্যতে ভাৰতৰ পেট্ৰ’ল-ডিজেলৰ ওপৰত নিৰ্ভৰশীলতা যথেষ্ট পৰিমাণে হ্ৰাস পাব ৷ বিদেশী মুদ্ৰা বচাই ভাৰতক সকাহ দিয়াৰ উদ্দেশ্যৰে দেশবাসীলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে এই আহ্বান জনায় ৷

অৰ্থনৈতিক প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ অৱদানক উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে যিকোনো উৎসৱ আৰু শুভ অনুষ্ঠানৰ সময়ত সোণ ক্ৰয়ৰ মাত্ৰা হ্ৰাস কৰিবলৈও আহ্বান জনাইছে । ‘‘এবছৰৰ বাবে সোণ কিনা বন্ধ কৰোঁ আহক ৷ সোণৰ আমদানি হ্ৰাস হ’লে বৈদেশিক মুদ্ৰা বৃদ্ধি পাব’’- বুলি প্ৰধানমন্ত্ৰীয়ে কয় ৷

আনহাতে, কেন্দ্ৰীয় চৰকাৰৰ ৰাজসাহায্য ব্যৱস্থাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অধিকাংশ দেশতে ইউৰিয়াৰ এটা বেগৰ দাম প্ৰায় ৩০০০ টকা ৷ ভাৰতত ৰাজসাহায্য ব্যৱস্থা থকাৰ বাবে ৩০০ টকাতকৈও কম মূল্যত ইউৰিয়া পোৱা যায় ।

প্ৰধানমন্ত্ৰীয়ে এই ভাষণৰ জৰিয়তে তেলেংগানাত কংগ্ৰেছ আৰু বিআৰএছক কঠোৰ সমালোচনা কৰে । শেহতীয়াকৈ পশ্চিমবংগত বিজেপিয়ে অভূতপূৰ্ব বিজয়ৰে চৰকাৰ গঠন কৰাৰ দাবী তুলি প্ৰধানমন্ত্ৰী মোদীয়ে তেলেংগানাৰ জনসাধাৰণৰ মাজতো একেধৰণৰ উৎসাহ দেখিবলৈ পোৱা বুলি ভাষণত উল্লেখ কৰে ৷ তদুপৰি পৰৱৰ্তী সময়ত এইখন ৰাজ্যতো বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ দাবী কৰে ৷

প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘পশ্চিমবংগৰ জনসাধাৰণে চৰকাৰ গঠনৰ একনায়কত্ববাদী ধাৰাক ধূলিস্যাৎ কৰিছে ৷ সমগ্ৰ দেশৰ মানুহে ৰাজনীতিত আৰু ‘নেপটিজিম’ নিবিচাৰে । কংগ্ৰেছ আৰু বিএছপি দুয়োটা পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰে পৰিচালিত দল ৷ আনহাতে এনডিএ চৰকাৰ তেলেংগানাৰ উন্নয়নৰ বাবে দায়বদ্ধ ।’’

বিজেপিলৈ তেলেংগানাৰ আগতীয়া অৱদানৰ কথা সুঁৱৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰাষ্ট্ৰীয় পৰ্যায়ত দলটোৰ মাত্ৰ দুগৰাকী সাংসদ থকাৰ সময়তে ৰাজ্যখনে বিজেপিৰ পৰা এজন সাংসদ নিৰ্বাচিত কৰিছিল ।

প্ৰধানমন্ত্ৰীয়ে তেলেংগানাৰ জাহিৰাবাদ ঔদ্যোগিক কৰিড’ৰত অনুমোদন জনোৱাৰ কথা এই ভাষণত ব্যক্ত কৰে ৷ লগতে দেশজুৰি আবণ্টিত ৭ খনকৈ পিএম মিত্ৰ বস্ত্ৰ উদ্যানৰ ভিতৰত এখন তেলেংগানাক প্ৰদান কৰা হৈছে বুলিও প্ৰধানমন্ত্ৰীয়ে কয় । কাকতলীয়ভাৱে বস্ত্ৰ উদ্যানৰ কথা ভাষণত উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই প্ৰকল্পসমূহে কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লগতে তেলেংগানাৰ উদ্যোগিক উন্নয়নত উত্থান ঘটোৱাৰ সম্ভাৱনা জাৰি কৰা বুলি সদৰী কৰে ৷

কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দক্ষিণৰ অন্যতম গুৰুত্বপূৰ্ণ ৰাজ্য কৰ্ণাটকত দলটো ক্ষমতালৈ অহাৰ পিছৰে পৰা জনসাধাৰণ লোকচানৰ সন্মুখীন হৈছে ৷ তেলেংগানাতো একেধৰণৰ সমস্যা থকা বুলি প্ৰধানমন্ত্ৰীয়ে দাবী কৰে ৷ কংগ্ৰেছৰ নীতি প্ৰথমে ভোট লাভ কৰা আৰু তাৰপিছত ৰাইজক পাহৰি যোৱা দলটোৰ মিত্ৰজোঁট উন্নয়ন বিৰোধী বুলি প্ৰধানমন্ত্ৰীয়ে কটাক্ষ কৰে ৷

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে এছপিজিৰ জোৱানসকলক বিজেপি কৰ্মী, সমৰ্থকসকলে তেওঁলৈ অনা ছবি বা উপহাৰ সংগ্ৰহ কৰিবলৈ নিৰ্দেশ দিয়ে ৷ লগতে এই সংক্ৰান্তত ব্যক্তিগতভাৱে শিল্পীসকলক যোগাযোগ কৰাৰো আশ্বাস প্ৰদান কৰে ৷ এই অনুষ্ঠানত তেলেগু ভাষাতে ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে তেলেংগানাৰ জনসাধাৰণক সম্বোধন কৰে ৷ প্ৰধানমন্ত্ৰীৰ এই কাৰ্যই সভাস্থলীত সমবেত হোৱা বিজেপি সমৰ্থকসকলৰ মাজত তীব্ৰ উল্লাসৰ সৃষ্টি কৰে ।

লগতে পঢ়ক: Out of Stock, পেট্ৰ’ল পাম্প বন্ধৰ বিপৰীতে আৰক্ষীৰ নিৰাপত্তাৰ মাজেৰে চলিছে ইন্ধনৰ বিক্ৰী