ETV Bharat / bharat

প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বই ভাৰতৰ সামুদ্ৰিক পৰিৱেশত পৰিৱৰ্তন আনিছে : সৰ্বানন্দ সোণোৱাল

২৭ অক্টোৰৰ পৰা মুম্বাইত অনুষ্ঠিত হৈছে ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ । বিশ্বৰ ১ লাখতকৈও অধিক প্ৰতিনিধিৰ অংশগ্ৰহণ ।

India Maritime Week 2025
প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বই ভাৰতৰ সামুদ্ৰিক পৰিৱেশত পৰিৱৰ্তন আনিছে : সৰ্বানন্দ সোণোৱাল (ANI)
author img

By ANI

Published : October 30, 2025 at 8:07 AM IST

3 Min Read
Choose ETV Bharat

মুম্বাই : মুম্বাইত অনুষ্ঠিত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বই ভাৰতৰ সামুদ্ৰিক পৰিৱেশত পৰিৱৰ্তন আনিছে ।

মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "৮৫ খনতকৈও অধিক দেশ, ৪৫০ৰো অধিক বক্তা, ৫০০ৰো অধিক প্ৰদৰ্শক, ১৩ টা সমান্তৰাল আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান আৰু এক লাখতকৈ অধিক প্ৰতিনিধিৰ অংশগ্ৰহণেৰে সামুদ্ৰিক সপ্তাহৰ এই সংস্কৰণটো কেৱল পূৰ্বৰ তুলনাত পৰিসৰত ডাঙৰ হোৱা নাই, ই লক্ষ্যৰ ক্ষেত্ৰত চহকী আৰু গভীৰ হিচাপে বিবেচিত হৈছে । অংশগ্ৰহণৰ ক্ষেত্ৰতো ই অধিক অন্তৰ্ভুক্ত, ভাৰতৰ সামুদ্ৰিক পৰিৱেশ তন্ত্ৰৰ বিৱৰ্তনশীল বিশ্বব্যাপী গাঁথনিক প্ৰতিফলিত কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বই ভাৰতৰ সামুদ্ৰিক পৰিৱেশক ৰূপান্তৰিত কৰিছে ।"

তেওঁ লগতে কয় যে আজিৰ দিনত বিশ্বৰ নাৱিকৰ ১০ শতাংশতকৈ অধিক ভাৰতত আছে । মন্ত্ৰীগৰাকীয়ে কয়, "২০৩০ চনৰ ভিতৰত প্ৰতি ৫ জন বিশ্ব নাৱিকৰ ভিতৰত এজন ভাৰতীয় হ'ব । যাত্ৰীৰ যাতায়াত ১০ গুণ বৃদ্ধিৰে এছিয়া-পেচিফিক নেতা হোৱাৰ লক্ষ্যৰে আমি ক্ৰুজ পৰ্যটনতো আমাৰ উপস্থিতিত সম্প্ৰসাৰণ কৰিছো ।"

ইফালে অনুষ্ঠানত উপস্থিত থাকি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছে কয় যে সামুদ্ৰিক খণ্ডত ঘটি থকা পৰিৱৰ্তন আৰু ইয়াৰ পৰা লাভ কৰা সুবিধাসমূহ দেশ আৰু বিশ্বলৈ প্ৰেৰণ কৰিব পৰাকৈ এখন মঞ্চ স্থাপন কৰা হৈছে ।

তেওঁ কয়, "যোৱা ৩ দিন ধৰি এই সামুদ্ৰিক সন্মিলনত অবিৰত আৰু উৎকৃষ্ট প্ৰতিভাৰ অংশগ্ৰহণ আৰু চিন্তা-চৰ্চা চলি আহিছে । মোৰ বিশ্বাস যে ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ জৰিয়তে এনে এখন মঞ্চ স্থাপন কৰা হৈছে যিয়ে আমাক সামুদ্ৰিক খণ্ডত ঘটি থকা পৰিৱৰ্তন আৰু ইয়াৰ পৰা পোৱা সুবিধাসমূহ দেশ আৰু বিশ্বলৈ প্ৰেৰণ কৰিবলৈ সুবিধা কৰিব ।"

তেওঁ লগতে চৰকাৰৰ প্ৰশংসা কৰি কয়, "প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত স্বাধীন ভাৰতত আমি যি সামুদ্ৰিক শক্তি প্ৰত্যক্ষ কৰি আছো । য'ত দ্ৰুত উন্নয়ন আৰু বিশ্ব বাণিজ্য খণ্ডত ভাৰতৰ নতুন ভূমিকা দেখিছো । তাৰ বাবে মই প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছো ।"

উল্লেখ্য যে ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫য়ে ভাৰত চৰকাৰৰ প্ৰধান বিশ্বব্যাপী মঞ্চ হিচাপে কাম কৰে, যিয়ে জাহাজ, বন্দৰ, জাহাজ নিৰ্মাণ, ক্ৰুজ পৰ্যটন আৰু ব্লু ইক'ন'মি ফাইনেন্সৰ ক্ষেত্ৰত আগশাৰীৰ অংশীদাৰসকলক একত্ৰিত কৰে । ২০২৫ চনৰ ২৭ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ "ইউনিটিং অ'চেনছ, ৱান মেৰিটাইম ভিজন" শীৰ্ষক বিষয়বস্তুৰে অনুষ্ঠিত হোৱা আই এম ডব্লিউ ২০২৫ত ভাৰতৰ বিশ্বব্যাপী সামুদ্ৰিক কেন্দ্ৰ আৰু ব্লু ইক'ন'মিৰ আগশাৰীৰ হিচাপে আত্মপ্ৰকাশৰ কৌশলগত ৰোডমেপ প্ৰদৰ্শন কৰা হ'ব ।

লগতে পঢ়ক :ঘূৰ্ণীবতাহ মন্থাৰ প্ৰভাৱ: ওপচি পৰিছে নদীৰ বক্ষ, ব্যাহত যাতায়াত, বিদ্যুৎ সেৱা বিচ্ছিন্ন