প্ৰধানমন্ত্ৰী মোদীৰ ভিডিঅ’ৰ ইণ্টাৰনেটত আলোড়ন, এদিনতে ১০ কোটিতকৈ অধিক ভিউজ
‘‘পি এম মোডী ইফেক্ট’’ কেৱল ছ'চিয়েল মিডিয়াতে সীমাবদ্ধ নাছিল; ই এই বিশেষ খাদ্যবিধৰ প্ৰতি জনসাধাৰণৰ কৌতুহলতো ইন্ধন যোগাইছিল ।

By ANI
Published : April 21, 2026 at 1:07 AM IST
নতুন দিল্লী: ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা ভিডিঅ’ই ইণ্টাৰনেটত খলকনি তুলিছে ৷ নিৰ্বাচনী প্ৰচাৰৰ বাবে পশ্চিমবংগ ভ্ৰমণ কৰা প্ৰধানমন্ত্ৰী মোদীয়ে জনপ্ৰিয় ষ্ট্ৰীটফুড ঝালমুৰিৰ সোৱাদ উপভোগ কৰিবলৈ এখন বিপণিলৈ যোৱাৰ এটা বিশেষ দৃশ্যৰ ভিডিঅ’ শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল ৷ এই ভিডিঅ’টোৱে বেছ চৰ্চা লাভ কৰাৰ লগতে ডিজিটেল জগতত প্ৰধানমন্ত্ৰীগৰাকীৰ জনপ্ৰিয়তাক পুনৰবাৰ প্ৰমাণিত কৰে ।
ইনষ্টাগ্ৰামত পোষ্ট কৰাৰ এদিনৰ ভিতৰতে ভিডিঅ’টোৱে ১০ কোটিতকৈ অধিক ভিউছ লাভ কৰাৰ বিপৰীতে ফেচবুকত ভিডিঅ’টোৱে প্ৰায় ৯ কোটি ভিউছ লাভ কৰে । ‘‘পি এম মোডী ইফেক্ট’’ কেৱল ছ'চিয়েল মিডিয়াতে সীমাবদ্ধ নাছিল; ই এই বিশেষ খাদ্যবিধৰ প্ৰতি জনসাধাৰণৰ কৌতুহলতো ইন্ধন যোগাইছিল । গুগলত "ঝালমুৰি"ৰ সন্ধানে ২২ বছৰৰ ভিতৰত সৰ্বোচ্চ স্তৰত উপনীত হোৱাৰ ফলত এই ষ্ট্ৰীটফুড নিশাটোৰ ভিতৰতে চৰ্চাৰ বিষয় হৈ পৰে ।
বিশ্বৰ আগশাৰীৰ ৰাজনৈতিক নেতাসকলৰ তুলনাত সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰী মোদীৰ জনপ্ৰিয়তা অতুলনীয় । ইনষ্টাগ্ৰামত এক কোটিতকৈ অধিক ফ’ল’ৱাৰ্ছৰ সৈতে এই কৃতিত্ব অৰ্জন কৰা প্ৰথমগৰাকী বিশ্ব নেতাত পৰিণত হৈছে প্ৰধানমন্ত্ৰীগৰাকী ৷
ফেচবুকত প্ৰধানমন্ত্ৰী মোদীৰ ৫ কোটিতকৈ অধিক ফ’ল’ৱাৰ্ছ আছে । ইয়ে তেওঁৰ জনপ্ৰিয়তাক প্ৰমাণ কৰিছে ৷ সামাজিক মাধ্যম এক্সত প্ৰধানমন্ত্ৰীগৰাকীৰ ১ কোটি ১০ লাখ অনুগামীয়ে নেতাগৰাকীৰ সামগ্ৰিক প্ৰভাৱ আৰু অধিক বৃদ্ধি কৰে ।
উল্লেখ্য যে, ২৩ আৰু ২৯ এপ্ৰিলত পশ্চিমবংগত অনুষ্ঠিত হ’বলগীয়া দুটা পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ প্ৰচাৰ অব্যাহত থকাৰ মাজতে ঝাৰগ্ৰামৰ এখন স্থানীয় বিপণিৰ সমীপত প্ৰধানমন্ত্ৰীগৰাকীৰ এই বিশেষ মুহূৰ্তটো দেখা যায় ।
ভিডিঅ'টোত প্ৰধানমন্ত্ৰী মোদীয়ে দোকানীজনৰ সৈতে আড্ডা দিয়াৰ ভংগীমাৰে দুই-এষাৰ কথা পাতে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে দোকানীক উদ্দেশ্যি কয়, ‘‘ভাই আপোনাৰ ঝালমুৰি আমাক খুৱাওক ।’’ এই কথা-বতৰাৰ সময়ত পিঁয়াজ খায় নেকি বুলি সোধাত প্ৰধানমন্ত্ৰী মোদীয়ে ধেমালিতে উত্তৰ দিয়ে, ‘‘মই পিঁয়াজ খাওঁ, কিন্তু মই মগজু নাখাও ৷’’ প্ৰধানমন্ত্ৰীৰ কথা শুনি দোকানীজনে নাহাঁহি নোৱাৰিলে । দোকানীজনে অতি বিনম্ৰতাৰে ঝালমুৰিৰ বিনিময়ত প্ৰধানমন্ত্ৰীয়ে যঁচা ১০ টকাটো ল’বলৈ দ্বিধাবোধ কৰে যদিও প্ৰধানমন্ত্ৰীৰ অনুৰোধ এৰাব নোৱাৰি তাক গ্ৰহণ কৰে ৷
প্ৰধানমন্ত্ৰীয়ে উক্ত স্থানত সমবেত স্থানীয় ৰাইজৰ মাজত ঝালমুৰি বিলোৱাও দেখা গৈছিল ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ ভ্ৰমণৰ সময়ত ঝালমুৰিৰ বিপণিখন এনেদৰে হঠাতে চৰ্চালৈ আহে আৰু সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷
ৰাজ্যখনৰ প্ৰধান খাদ্য হিচাপে পৰিচিত মুৰিৰ লগতে বিভিন্ন জলপান আৰু মিশ্ৰণৰ পেকেট পৰিপাটিকৈ বাকচত ভৰাই থোৱা সৰু বিপণিখনত প্ৰধানমন্ত্ৰীৰ পদাৰ্পণে অভাৱনীয় হুলস্থুলৰ সাক্ষী হৈ পৰে ।
ৰাজ্যখনত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰচাৰ চলোৱাৰ সময়ত নিজৰ স্বাক্ষৰযুক্ত সাজ-পোছাক পৰিধান কৰে ৷ তেওঁৰ পিন্ধনত আছিল বগা কুৰ্তা, গাঢ় নীলা পিনষ্ট্ৰাইপযুক্ত জেকেট আৰু বগা ৰঙেৰ বিজেপিৰ পদুমৰ চিহ্ন এম্ব্ৰয়ডাৰী কৰা ডাঠ ৰঙা স্কাৰ্ফ । দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক এনেদৰে হঠাতে নভবাকৈ কাষতে দেখি তাত উপস্থিত প্ৰত্যেকে ফটো উঠিবলৈ হেতা-ওপৰা লগায় ৷
ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এই বিশেষ ক্ষণৰ ভিডিঅ’টো শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লিখিছে, ‘‘পশ্চিমবংগৰ ব্যস্ত দেওবাৰে চাৰিটাকৈ ৰেলীৰ মাজতে ঝাৰগ্ৰামত কিছু সুস্বাদু ঝালমুৰি উপভোগ কৰিলোঁ ।’’
লগতে পঢ়ক: ভাৰত-দক্ষিণ কোৰিয়াৰ ৫০ বিলিয়ন মাৰ্কিন ডলাৰৰ বাণিজ্যিক চুক্তি স্বাক্ষৰৰ লক্ষ্য

