ETV Bharat / bharat

UAEৰ ৰাষ্ট্ৰপতিক আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; দুয়োখন দেশৰ মাজত বন্ধুত্ব শক্তিশালী হোৱাৰ আশা

মধ্য় প্ৰাচ্য়ৰ অস্থিৰ পৰিস্থিতিৰ মাজতেই তৃতীয় ভাৰত ভ্ৰমণ সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাষ্ট্ৰপতিৰ ।

PM Modi receives UAE President Sheikh Mohamed bin Zayed Al Nahyan at Delhi airport
বিমানবন্দৰত ইউএইৰ ৰাষ্ট্ৰপতিক আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : January 20, 2026 at 8:01 AM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী: তৃতীয় ভাৰত ভ্ৰমণৰ বাবে দিল্লীত উপস্থিত সংযুক্ত আৰব আমিৰশ্বাহী (UAE)ৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ান । সংযুক্ত আৰব আমিৰশ্বাহী (UAE)ৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সোমবাৰে দিল্লীত উপস্থিত হোৱাৰ পিচতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁক বিমানবন্দৰত আদৰণি জনায় । ইউ এ ইৰ ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে লোক কল্যাণ মাৰ্গৰ বাসগৃহত দ্বিপাক্ষিক আলোচনাত মিলিত হয় প্ৰধানমন্ত্ৰী মোদী । এই বৈঠকতেই দুয়োখন দেশৰ মাজত স্বাক্ষৰিত হয় বুজাবুজি চুক্তি ।

উল্লেখ্য় যে এই আলোচনাৰ পূৰ্বে বিমানবন্দৰত ইউ এ ইৰ ৰাষ্ট্ৰপতিক আদৰণি জনোৱাৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত কয়, "মই মোৰ ভাতৃ ইউ এ ইৰ ৰাষ্ট্ৰপতি হিজ হাইনেছ শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানক আদৰণি জনাবলৈ বিমানবন্দৰলৈ গৈছিলো । তেওঁৰ এই ভ্ৰমণে ভাৰত-ইউ এ ইৰ শক্তিশালী বন্ধুত্বক তেওঁ কিমান গুৰুত্ব দিয়ে সেই কথাকেই প্ৰতিফলিত কৰিছে । আমাৰ আলোচনাৰ বাবে অপেক্ষা কৰিলো ।"

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে ফটোও শ্বেয়াৰ কৰিছে, য’ত এখন গাড়ীৰ ভিতৰত নেতা দুগৰাকীক দেখুওৱা ফটোও আছে । আন এখন ছবিত দুয়োগৰাকী নেতাকেই ইজনে-সিজনক সাৱটি ধৰা দেখুৱাইছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে(MEA) প্ৰকাশ কৰা তেওঁৰ সূচী অনুসৰি আল নাহিয়ানে দুঘণ্টাৰো কম সময়ৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীত উপস্থিত থাকে । ইৰাণ-আমেৰিকাৰ সম্পৰ্কত তীব্ৰ অৱনতি হোৱা, য়েমেনক লৈ চৌদি আৰব আৰু সংযুক্ত আৰব আমিৰশ্বাহীৰ মাজত বৃদ্ধি পোৱা উত্তেজনা আৰু গাজাৰ অশান্ত ৰাজনৈতিক পৰিস্থিতিকে ধৰি মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক অৱনতি হোৱাৰ সময়তে ইউ এ ইৰ ৰাষ্ট্ৰপতিৰ এই ভ্ৰমণে অধিক গুৰুত্ব লাভ কৰিছে । অতি শীঘ্ৰে আল দুয়োগৰাকী নেতাই একাধিক বিষয়ত আলোচনা কৰিব বুলিও বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে ।

ইউ এ ইৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণৰ সৈতে পৰিচিত লোকসকলে কয় যে ভাৰতীয় নেতৃত্বৰ সৈতে তেওঁৰ আলোচনাৰ কাৰ্যসূচীত বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা উদ্যোগত সহযোগিতা, শক্তি সম্পৰ্কীয় পদক্ষেপ আদি অন্তৰ্ভুক্ত হ’ব বুলি আশা কৰা হৈছে । তদুপৰি মধ্যপ্ৰাচ্যৰ পৰিস্থিতিও আলোচনাত স্থান পাব পাৰে বুলি তেওঁলোকে কয় ।

উল্লেখ্য় যে ইউ এ ইৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত শ্বেখ মহম্মদৰ এয়া তৃতীয় ভাৰত ভ্ৰমণ । অৱশ্যে যোৱা দশকত এয়া তেওঁৰ পঞ্চমটো ভ্ৰমণ । মধ্য় প্ৰাচ্য়ৰ অশান্ত পৰিস্থিতিৰ মাজতেই ভাৰত-ইউ এ ইৰ সম্পৰ্কত এই ভ্ৰমণ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হৈছে । বিগত কেইবা বছৰত ভাৰত-ইউ এ ইৰ মাজত কেইবাবাৰো উচ্চ পৰ্যায়ৰ ভ্ৰমণ হৈছে ।

কাঠৰ দোলনা উপহাৰ :

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত আৰব আমিৰশ্বাহীৰ ৰাষ্ট্ৰপতিগৰাকীক ৰজাঘৰীয়া খোদিত কাঠৰ দোলনা উপহাৰ দিয়ে । গুজৰাটৰ পৰা অহা এই সুন্দৰকৈ খোদিত কাঠৰ দোলনা বহু গুজৰাটী পৰিয়ালৰ ঘৰৰ কেন্দ্ৰীয় বৈশিষ্ট্য । ইয়াত হাতেৰে খোদিত আৰু ফুল আৰু পৰম্পৰাগত ডিজাইন জটিলভাৱে খোদিত কৰা হৈছে । গুজৰাটী সংস্কৃতিত দোলনাক প্ৰজন্মৰ মাজত একেলগে থকা, পাৰস্পৰিক ক্ৰিয়া-কলাপ আৰু বন্ধনৰ প্ৰতীক হিচাপে গণ্য় কৰা হয় ।

প্ৰধানমন্ত্ৰী মোদীয়ে এটা ধুনীয়া ৰূপৰ বাকচত পশ্মিনা চাদৰ উপহাৰ দিয়ে । তেলেংগানাত নিৰ্মিত ৰূপৰ সজ্জাগত বাকচত এই চাদৰখন ৰখা হৈছে । এইবোৰে একেলগে ভাৰতৰ হস্ততাঁত আৰু হস্তশিল্পৰ চহকী পৰম্পৰাক প্ৰতিনিধিত্ব কৰে। শ্বেখা ফাতিমা বিন্ত মুবাৰক আল কেতবিকো এটা সুন্দৰ ৰূপৰ বাকচত এই চাদৰ প্ৰদান কৰা হয় । লগতে ৰূপৰ ধুনীয়া বাকচ এটাত কাশ্মীৰী কেশৰ উপহাৰ দিয়ে ।

লগতে পঢ়ক:বহুত্ববাদী-গণতান্ত্ৰিক ৰাষ্ট্ৰত বিচ্ছিন্নতাবাদক উৎসাহিত কৰিবলৈ ক্ষমতাৰ অপব্যৱহাৰ কৰিব নালাগে: ৰাষ্ট্ৰসংঘত পাকিস্তানক তীব্ৰ সমালোচনা ভাৰতৰ

ভাৰত-আমেৰিকা সম্পৰ্ক: বাণিজ্য আৰু প্ৰতিৰক্ষা সহযোগিতাৰ ওপৰত ফোনযোগে আলোচনা জয়শংকৰ-ৰুবিঅ'ৰ