ভূটানৰ পৰা উভতিয়েই পোনে পোনে হাস্পতাললৈ: বিস্ফোৰণত আহতক সাক্ষাৎ প্ৰধানমন্ত্ৰী মোদীৰ
দিল্লীত সংঘটিত বিস্ফোৰণত আহত লোকসকলক সাক্ষাৎ কৰিবলৈ লোকনায়ক জয়প্ৰকাশ নাৰায়ণ(এল এন জে পি) চিকিৎসালয়ত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী ।

Published : November 12, 2025 at 7:00 PM IST
নতুন দিল্লী: দুদিনীয়া ভূটান ভ্ৰমণ সামৰি বুধবাৰে নিজৰ দেশত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ ইয়াৰ কিছু সময়ৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে শেহতীয়াকৈ দিল্লীত সংঘটিত বিস্ফোৰণত আহত লোকসকলক সাক্ষাৎ কৰিবলৈ লোকনায়ক জয়প্ৰকাশ নাৰায়ণ (এল এন জে পি) চিকিৎসালয়ত উপস্থিত হয় ।
ভূটানৰ পৰা আহি দিল্লীত অৱতৰণ কৰাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীয়ে পোনে পোনে চিকিৎসালয়লৈ যায় ৷ চিকিৎসালয়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে আহতসকলৰ সৈতে মত বিনিময় কৰে আৰু তেওঁলোকৰ স্বাস্থ্যৰ বুজ লৈ আশু আৰোগ্য কামনা কৰে । এই সাক্ষাতৰ সময়ত প্ৰধানমন্ত্ৰীক শীৰ্ষ বিষয়াসকলৰ লগতে চিকিৎসকে ভুক্তভোগীসকলৰ শাৰীৰিক অৱস্থা আৰু চিকিৎসা প্ৰদানৰ বিষয়ে অৱগত কৰে ।
সোমবাৰে সন্ধিয়া লালকিল্লা মেট্ৰ’ ষ্টেচনৰ সমীপত এখন হুণ্ডাই i20 বাহনত সংঘটিত বিস্ফোৰণত কমেও ৮ জন লোকৰ মৃত্যু ঘটিছিল । ইয়াৰ পিছতে দেশৰ আগশাৰীৰ চহৰসমূহত জাৰি কৰা হৈছে হাই এলাৰ্ট ৷
সূত্ৰ অনুসৰি দিল্লীৰ বিস্ফোৰণত নিহতসকলৰ প্ৰাৰম্ভিক মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত, হাড় ভঙাৰ লগতে মূৰত আঘাত পোৱাৰ তথ্য পোহৰলৈ আহিছে ।
বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে ইয়াত নিহত লোকসকলৰ হাওঁফাওঁ, কাণৰ পৰ্দা, অন্ত্ৰ, পেটৰ আন অংগ পৰ্যন্ত ফাটি যায় । গভীৰ ঘাঁ আৰু অত্যধিক ৰক্তক্ষৰণ আৰু আঘাতৰ পৰাই ভুক্তভোগীসকলে মৃত্যুমুখত পৰা বুলি মৰণোত্তৰ পৰীক্ষাত প্ৰকাশ পাইছে ৷
বুধবাৰে ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰে আই-২০ বাহনখন চলোৱা বুলি অভিযোগ উত্থাপন হোৱা সন্দেহযুক্ত নাগৰিক ডাঃ ওমৰ উন নবীৰ মাতৃৰ ডি এন এ নমুনা সংগ্ৰহ কৰে । ১০ নৱেম্বৰত লালকিল্লাৰ ওচৰত সংঘটিত বিস্ফোৰণত ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হৈছিল ইতিপূৰ্বে সূত্ৰই প্ৰকাশ কৰিছে ।
শেহতীয়াকৈ দিল্লীত সংঘটিত হোৱা কাৰ বোমা বিস্ফোৰণৰ তদন্তৰ বাবে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই (এন আই এ) এটা তদন্তকাৰী দল গঠন কৰিছে । ইতিমধ্যে এই বিস্ফোৰণ জইছ-ই-মহম্মদৰ সদস্য মডিউলে সংঘটিত কৰা সন্ত্ৰাসবাদী আক্ৰমণ হিচাপে চিহ্নিত কৰা হৈছে ।
এই দলটোৱে আৰক্ষী অধীক্ষক আৰু তাৰ ওপৰৰ পৰ্যায়ৰ শীৰ্ষ বিষয়াসকলৰ তত্বাৱধানত তদন্ত অব্যাহত ৰাখিব ৷ বিস্ফোৰণৰ আঁৰত সন্ত্ৰাসবাদী হাত থকাৰ আশংকা ব্যক্ত কৰি গৃহ মন্ত্ৰালয়ে আনুষ্ঠানিকভাৱে এন আই এক তদন্ত অৰ্পণ কৰাৰ এদিন পিছতে গ্ৰহণ কৰা হৈছে এই পদক্ষেপ । দিল্লী বিস্ফোৰণ সন্দৰ্ভত আলোচনাৰ বাবে কেবিনেট কমিটী অন ছিকিউৰিটি (চি চি এছ)ৰ বৈঠকো অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ৷
লগতে পঢ়ক: দিল্লী বিস্ফোৰণৰ তদন্তত অগ্ৰগতি: কাশ্মীৰত আটক আন এজন চিকিৎসক

