পহলগাম আক্ৰমণৰ সময়ত আগবঢ়োৱা সঁহাৰিৰ বাবে ছুইডেনক কৃতজ্ঞতা মোদীৰ, সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ দৃঢ় সংকল্প
প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে প্ৰতিৰক্ষা খণ্ডত দুয়োখন দেশৰ মাজত সহযোগিতা ভাৰত আৰু ছুইডেনৰ মাজৰ সম্পৰ্কৰ প্ৰমাণ হিচাপে থিয় দিছে ৷

By ANI
Published : May 18, 2026 at 7:22 AM IST
|Updated : May 18, 2026 at 9:58 AM IST
গোটেনবাৰ্গ (ছুইডেন): সন্ত্ৰাসবাদে সমগ্ৰ মানৱতাৰ বাবে এক ভয়াৱহ প্ৰত্যাহ্বানৰ সৃষ্টি কৰা বুলি পুনৰবাৰ উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰীষ্টাৰছনক পাহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত সহায় আগবঢ়োৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে ৷ তেওঁ কয় যে দুয়োখন দেশেই সন্ত্ৰাসবাদ আৰু ইয়াৰ সমৰ্থকৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিব । গোটেনবাৰ্গত মুখ্য কাৰ্যবাহী বিষয়াৰ ঘূৰণীয়া মেজত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে বৰ্তমানৰ উত্তেজনাপূৰ্ণ পৰিৱেশত ছুইডেন আৰু ভাৰত দুয়োখন দেশৰ বিশেষ তাৎপৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "আজি বিশ্বজোৰা উত্তেজনাপূৰ্ণ পৰিৱেশত ভাৰত আৰু ছুইডেনৰ দৰে গণতন্ত্ৰৰ মাজত ঘনিষ্ঠ সহযোগিতাৰ বিশেষ তাৎপৰ্য আছে । ভাৰত আৰু ছুইডেনে এই কথাত একমত যে সন্ত্ৰাসবাদে সমগ্ৰ মানৱতাৰ বাবে এক গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে । যোৱা বছৰ পাহালগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত আমি ছুইডেনৰ পৰা লাভ কৰা সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰী ক্ৰীষ্টাৰছনক কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ । সন্ত্ৰাসবাদ আৰু ইয়াৰ সমৰ্থকসকলৰ বিৰুদ্ধে আমি আমাৰ যুঁজ অব্যাহত ৰাখিম ।"
Addressing the joint press meet with PM Kristersson of Sweden and President of the European Commission, Ms. Ursula von der Leyen.@SwedishPM@vonderleyen https://t.co/bvQ0Jw6Dma
— Narendra Modi (@narendramodi) May 17, 2026
২০২৫ চনৰ ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হৈছিল ৷ ইয়াৰ মাজত আছিল ২৫ জন ভাৰতীয় নাগৰিক আৰু এজন নেপালী নাগৰিক । পৰৱৰ্তী সময়ত ভাৰতে ৬ আৰু ৭ মে’ৰ মাজ নিশা অপাৰেচন সেন্দূৰ আৰম্ভ কৰে ৷ এই অভিযানত ভাৰতীয় বাহিনীয়ে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰত থকা ৯ টা সন্ত্ৰাসবাদী শিবিৰক লক্ষ্য কৰি লয় ।
প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে প্ৰতিৰক্ষা খণ্ডত দুয়োখন দেশৰ মাজত সহযোগিতা ভাৰত আৰু ছুইডেনৰ মাজৰ সম্পৰ্কৰ প্ৰমাণ হিচাপে থিয় দিছে ৷ এই সম্পৰ্ক কেৱল ক্ৰেতা আৰু বিক্ৰেতাৰ মাজতে সীমাবদ্ধ নহয়, বৰঞ্চ দীৰ্ঘম্যাদী ঔদ্যোগিক সম্পৰ্কৰ দিশত আগবাঢ়িছে ।
প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, ‘‘প্ৰতিৰক্ষা খণ্ডত আমাৰ সহযোগিতা ক্ৰমাগতভাৱে সম্প্ৰসাৰিত হৈ আছে । ছুইডেনৰ কোম্পানীসমূহে ভাৰতত উৎপাদন গোট স্থাপন কৰাটো এই কথাৰ প্ৰমাণ হিচাপে থিয় দিছে যে আমি ক্ৰেতা-বিক্ৰেতাৰ সম্পৰ্কৰ ঊৰ্ধলৈ গৈ দীৰ্ঘম্যাদী ঔদ্যোগিক অংশীদাৰিত্বৰ দিশত আগবাঢ়িছোঁ ।’’
It was a delight to meet you in Gothenburg, President Ursula von der Leyen. Fully agree with you on the strong potential of India-Europe ties, especially in the wake of the India-EU Free Trade Agreement. @vonderleyen https://t.co/JIppBw0mLV
— Narendra Modi (@narendramodi) May 17, 2026
প্ৰধানমন্ত্ৰীয়ে ইউৰোপীয় আয়োগৰ মুৰব্বী উৰ্চুলা ভন ডেৰ লেয়েনক এই অনুষ্ঠানত উপস্থিত থকাৰ বাবেও ধন্যবাদ জনায়, আৰু চলিত বৰ্ষৰ জানুৱাৰী মাহত তেওঁৰ ভাৰত ভ্ৰমণৰ বিষয়েও আলোকপাত কৰে । ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই চুক্তিয়ে উদ্যোগ, বিনিয়োগকাৰী আৰু উদ্ভাৱকৰ বাবে নতুন সুযোগ মুকলি কৰিব ।
"আজি উৰ্চুলা ভন ডেৰ লেয়েনৰ উপস্থিতিয়ে এই অনুষ্ঠানটোক আৰু অধিক বিশেষ কৰি তুলিছে । যোৱা জানুৱাৰী মাহত তেওঁৰ ভাৰত ভ্ৰমণৰ সময়ত আমি ভাৰত-ইউৰোপীয় সংঘৰ সম্পৰ্কক নতুন উচ্চতালৈ উন্নীত কৰাৰ লক্ষ্যৰে কেইবাটাও ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ । সেই সকলোবোৰ ফলাফলৰ ক্ষেত্ৰত অগ্ৰগতি হৈছে । ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিয়ে উদ্যোগ, বিনিয়োগকাৰী আৰু উদ্ভাৱকসকলৰ বাবে নতুন সুযোগ মুকলি কৰিব । ই হৈছে 'সকলো চুক্তিৰ মূল ।" এই মন্তব্য প্ৰধানমন্ত্ৰীৰ ।
ভলভো গ্ৰুপে আয়োজন কৰা ইউৰোপীয় চিইঅ’ ঘূৰণীয়া মেজমেলত প্ৰধানমন্ত্ৰী মোদীৰ উপৰিও ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰীষ্টাৰছন, ইউৰোপীয় আয়োগৰ সভানেত্ৰী উৰ্চুলা ভন ডেৰ লেয়েন, ইউৰোপৰ জ্যেষ্ঠ উদ্যোগ নেতা আৰু আগশাৰীৰ ইউৰোপীয় আৰু ভাৰতীয় কোম্পানীসমূহৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে ।
A short while ago, I was conferred with the ‘Royal Order of the Polar Star, Degree Commander Grand Cross.’ This is not just an honour for me, but for the 140 crore people of India. It’s equally a tribute to all our friends in Sweden who have enriched India-Sweden relations and… pic.twitter.com/5AKtEAbqIe
— Narendra Modi (@narendramodi) May 17, 2026
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ছুইডেনৰ সন্মানীয় "ৰয়েল অৰ্ডাৰ অৱ পোলাৰ ষ্টাৰ কমাণ্ডাৰ গ্ৰেণ্ড ক্ৰছ" প্ৰদান কৰা হয়, যিটো স্ক্যাণ্ডিনেভিয়ান ৰাষ্ট্ৰই বিদেশী চৰকাৰৰ মুৰব্বীক প্ৰদান কৰা সৰ্বোচ্চ সন্মান । প্ৰধানমন্ত্ৰীৰ ছুইডেন ভ্ৰমণৰ সময়ত প্ৰদান কৰা এই ব্যতিক্ৰমী সন্মান ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে বিদেশী ৰাষ্ট্ৰৰ পৰা লাভ কৰা ৩১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান । প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ পাঁচখন দেশ ভ্ৰমণৰ অংশ হিচাপে ১৮ মে’ত নৰৱেলৈ ৰাওনা হ’ব । (ANI)
লগতে পঢ়ক: কৌশলগত অংশীদাৰিত্ব বৃদ্ধিৰ লক্ষ্যৰে ভাৰত-নেডাৰলেণ্ডৰ মাজত ১৭ খন চুক্তি স্বাক্ষৰ

