প্ৰধানমন্ত্ৰীৰ মন কি বাতত ২০০০ বছৰীয়া পুৰণি বৌদ্ধধৰ্মীয় স্থানৰ প্ৰসংগ
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ফ্ৰান্সৰ এটা সংগ্ৰহালয়ত থকা এখন পুৰণি আৰু ম্লানপৰা ফটোৱে কাশ্মীৰত অৱস্থিত বৌদ্ধধৰ্মীয় স্থানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে ।

Published : December 28, 2025 at 8:51 PM IST
নতুন দিল্লী: বছৰৰ শেষৰটো দেওবাৰে হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন কি বাতত চৰ্চা লাভ কৰিছে কাশ্মীৰৰ ২০০০ বছৰীয়া পুৰণি বৌদ্ধধৰ্মীয় এক স্থানে ৷ এই কাহিনী শ্বেয়াৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কেনেকৈ ফ্ৰান্সৰ সংগ্ৰহালয়ত তিনিটা স্তুপৰ পুৰণি, অস্পষ্ট এখন ফটোৱে উপত্যকাটোৰ গৌৰৱময় অতীতক পোহৰলৈ আনিছিল তাক বৰ্ণনা কৰে ৷
প্ৰতিটো মাহৰ শেষৰটো দেওবাৰে ৰেডিঅ’যোগে প্ৰচাৰিত ‘মন কি বাত’ত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে জম্মু-কাশ্মীৰত বৃহৎ আৰু মানৱসৃষ্ট স্তুপসমূহৰ আৱিষ্কাৰ এক গৌৰৱৰ মুহূৰ্ত ৷ কাৰণ ইয়াত অঞ্চলটোৰ চহকী সংস্কৃতি আৰু ঐতিহ্য প্ৰতিফলিত হৈছে ।
তেওঁ কয় যে বছৰ বছৰ ধৰি বাৰামুল্লাৰ জেহানপোৰাত অৱস্থিত ওখ ওখ এই টিলাবোৰৰ বিষয়ে মানুহ অজ্ঞাত আছিল ৷ এজন পুৰাতত্ত্ববিদে সেইবোৰ দেখাৰ পিছত অঞ্চলটোৰ বিষয়ে অধ্যয়ন আৰম্ভ কৰি ইয়াৰ অনন্য পটভূমিৰ কথা জানিব পাৰিলে ।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ‘‘এই টিলাবোৰৰ বৈজ্ঞানিক অধ্যয়ন আৰম্ভ হ'ল ৷ ওপৰৰ পৰা ফটো তুলিবলৈ ড্ৰোণ ব্যৱহাৰ কৰা হ'ল আৰু ভূমিৰ মানচিত্ৰ নিৰ্মাণ কৰা হ'ল । তাৰপিছত একাংশ আচৰিত তথ্য পোহৰলৈ আহিবলৈ ধৰিলে । দেখা গ’ল যে এই টিলাবোৰ প্ৰাকৃতিক নহয়, বৰং মানৱসৃষ্ট এক বিশাল গঠনৰ অৱশিষ্টহে আছিল ।’’
ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে এটা আমোদজনক সংযোগ আঙুলিয়াই দি কয় যে কাশ্মীৰৰ পৰা হাজাৰ হাজাৰ কিলোমিটাৰ দূৰৈত ফ্ৰান্সৰ এটা সংগ্ৰহালয়ৰ আৰ্কাইভত এখন পুৰণি, অস্পষ্ট ফটো পোৱা গৈছে ।
‘‘বাৰামুল্লাৰ সেই ফটোখনত তিনিটা বৌদ্ধস্তুপ দেখা গৈছিল । এইটোৱে টাৰ্ণিং পইণ্ট আছিল আৰু কাশ্মীৰৰ গৌৰৱময় অতীত আমাৰ আগত প্ৰকাশ পাইছিল । এই ইতিহাস প্ৰায় দুহাজাৰ বছৰ পুৰণি’’ - জেহানপোৰাত থকা বৌদ্ধ চৌহদটোক কাশ্মীৰৰ পৰিচয়ৰ এক মহান প্ৰতীক বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷
এই স্থানৰ বিষয়ে অধিক তথ্য
জেহানপোৰা স্থানটো কুশন বংশৰ সময়ত(খ্ৰীষ্টীয় প্ৰথম–তৃতীয় শতিকা) নিৰ্মিত বৌদ্ধধৰ্মৰ কেন্দ্ৰৰ অৱশিষ্ট বুলি বিশ্বাস কৰা হয় ৷ যিটো সময়ত কাশ্মীৰত বৌদ্ধ ধৰ্মৰ প্ৰসাৰ ঘটিছিল ।
এই স্থানৰ খনন কাৰ্যত বৌদ্ধ ধৰ্মৰ সৈতে জড়িত কাশ্মীৰৰ চহকী অতীতৰ কিছু নতুন তথ্য পোহৰলৈ আহে ৷ আনহাতে, ইয়াৰ শিপা জুয়ানজাঙৰ দৰে চীনা সন্ন্যাসীৰ পৰাই পোৱা যায়, যিসকলে উষ্কুৰ(হুষকাপুৰ)ৰ দৰে একেধৰণৰ স্থান ভ্ৰমণ কৰিছিল ।
লগতে পঢ়ক: ৰে’ল দুৰ্ঘটনা : লাইনচ্যুত প্ৰায় ১৬ টা দবা, বোৱতি নৈত উটি যায় কেবাটাও ৰে’লৰ দবা

