ETV Bharat / bharat

চাব নাপালে গোপীনাথ বৰদলৈৰ মূৰ্তি ! ব্ৰহ্মপুত্ৰ-যোৰহাটৰ লাচিতৰ মূৰ্তিৰ ভাস্কৰ ৰাম সুতাৰ আৰু নাই

প্ৰখ্যাত ভাস্কৰ্য শিল্পী সুতাৰে বিশ্বখ্যাত 'ষ্টেচু অব ইউনিটী'কে ধৰি অসমত দুটা লাচিতৰ সুউচ্চ মূৰ্তি আৰু গুৱাহাটী বিমানবন্দৰৰ গোপীনাথ বৰদলৈৰ মূৰ্তি নিৰ্মাণ কৰিছে ।

RAM SUTAR PASSES AWAY
তদনীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী মোদীৰ পৰা এক বঁটা গ্ৰহণৰ মুহূৰ্তত ৰাম সুতাৰ (ETV Bharat Assam)
author img

By ANI

Published : December 18, 2025 at 3:26 PM IST

3 Min Read
Choose ETV Bharat

নতুন দিল্লী : গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিবলগীয়া ৮০ ফুট উচ্চতাৰ গোপীনাথ বৰদলৈৰ সুউচ্চ প্ৰতিমূৰ্তিৰ ভাস্কৰ্য শিল্পী ৰাম ভাঞ্জি সুতাৰ আৰু নাই । তেওঁৰ হাতৰ পৰশত প্ৰাণ পাই উঠা অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰীৰ প্ৰতিমূৰ্তিটো উন্মোচনৰ পিছত দেখাৰ সৌভাগ্য নোহোৱাকৈয়ে তেওঁ চিৰ বিদায় মাগে । বৃহস্পতিবাৰে বাৰ্ধক্য়জনিত কাৰণত নিজৰ বাসগৃহতে প্ৰখ্যাত ভাস্কৰ্য শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ।

উল্লেখ্য যে ইয়াৰ পূৰ্বে অসমৰ আন দুটা বিখ্যাত ভাস্কৰ্য শিল্পৰ সৈতেও জড়িত আছিল ৰাম ভাঞ্জি সুতাৰ । তেওঁ মোগলৰ বিৰুদ্ধে বিখ্যাত শৰাইঘাট ৰণত আহোমৰ বিজয়ৰ প্ৰতি সমৰ্পিত গুৱাহাটীৰ ফাঁচীবজাৰৰ ওচৰৰ লাচিত ঘাটত ব্ৰহ্মপুত্ৰ নদীত নিৰ্মিত আহোম সেনাপতি লাচিত বৰফুকন আৰু তেওঁৰ মুখ্য সেনাৰ প্ৰতিমূৰ্তিটো নিৰ্মাণ কৰিছিল । 'পৰাক্ৰমৰ মূৰ্তি' (Statue of Velour) নামেৰে নামকৰণ কৰা ৩৫ ফুট উচ্চতাৰ ব্ৰহ্মপুত্ৰৰ জলৰাশিত নিৰ্মাণ কৰা এই মূৰ্তিটো ২০১৬ চনত তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে উন্মোচন কৰিছিল ।

আনহাতে, যোৰহাটৰ হোলোঙাপাৰত ২০২৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰা ১২৫ ফুট উচ্চতাৰ লাচিতৰ মূৰ্তিটোও তেওঁ নিৰ্মাণ কৰিছিল ।

গুজৰাটৰ কেভাডিয়াৰ বিশ্বখ্যাত 'ষ্টেচু অব ইউনিটি'কে ধৰি ভাৰতৰ বহুকেইটা আইকনিক ভাস্কৰ্য নিৰ্মাণৰ আঁৰৰ ব্যক্তি, এগৰাকী সৃষ্টিশীল মনৰ প্ৰখ্যাত ভাস্কৰ্য শিল্পী ৰাম ভাঞ্জী সুতাৰৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰিছে । বৃহস্পতিবাৰে নয়ডাৰ বাসগৃহত মৃত্যুবৰণ কৰা প্ৰখ্যাত ভাস্কৰ্য শিল্পী ৰাম ভাঞ্জী সূতাৰৰ মৃত্যুৰ সময়ত বয়স আছিল ১০০ বছৰ ।

ৰাম সুতাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে X পোষ্টত লিখিছে, "শ্ৰী ৰাম সুতাৰজীৰ মৃত্যুত গভীৰভাৱে দুখী । তেওঁ এগৰাকী অসাধাৰণ ভাস্কৰ্য শিল্পী আছিল, যাৰ কলাত্মক নিপুণতাই ভাৰতক কেভাডিয়াৰ 'ষ্টেচু অব ইউনিটী'কে ধৰি বহুকেইটা উল্লেখনীয় ভাস্কৰ্য প্ৰদান কৰিছে । তেওঁৰ কৰ্মৰাজিক ভাৰতৰ ইতিহাস, সংস্কৃতি আৰু সামূহিক চেতনাত শক্তিশালী প্ৰকাশ হিচাপে সদায় প্ৰশংসা কৰা হ’ব । তেওঁ ভৱিষ্যত প্ৰজন্মৰ বাবে ৰাষ্ট্ৰীয় গৌৰৱক অমৰত্ব প্ৰদান কৰি গৈছে । তেওঁৰ কৰ্মৰাজিয়ে শিল্পী তথা সাধাৰণ নাগৰিকক সমানভাৱে অনুপ্ৰাণিত কৰি যাব । তেওঁৰ পৰিয়াল, অনুৰাগী আৰু তেওঁৰ উল্লেখনীয় জীৱন আৰু কৰ্মৰ দ্বাৰা প্ৰভাৱিত সকলোৰে প্ৰতি মোৰ আন্তৰিক সমবেদনা । ওম শান্তি ।"

ৰাম ভি সুতাৰ জে জে স্কুল অব আৰ্ট, বম্বেৰ পৰা স্বৰ্ণপদক বিজয়ী আছিল । ব্ৰঞ্জ আৰু বাস্তৱিক ভাস্কৰ্যৰ ওপৰত তেওঁৰ পাৰদৰ্শিতাৰ বাবে সুতাৰে বিশ্বজুৰি স্বীকৃতি লাভ কৰিছে । তেওঁৰ দ্বাৰা নিৰ্মিত মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তি বিশ্বৰ ৪৫০ খনতকৈও অধিক চহৰত স্থাপন কৰা হৈছে । সুতাৰৰ সৃষ্টিয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা লাভ কৰিছে, শিল্পীসকলক তেওঁৰ ষ্টুডিঅ’লৈ আকৰ্ষণ কৰিছে । তেওঁক প্ৰায়ে ৰডিন আৰু মাইকেল এঞ্জেলোৰ দৰে বিখ্যাত শিল্পীৰ সৈতে তুলনা কৰা হয় ।

তেওঁ গুজৰাটৰ ৫২২ ফুট উচ্চতাৰ চৰ্দাৰ বল্লভভাই পেটেলৰ মূৰ্তি, অযোধ্যাৰ ৬০০ ফুট উচ্চতাৰ ভগৱান ৰামৰ মূৰ্তি আৰু মুম্বাইৰ ৪০০ ফুট উচ্চতাৰ ছত্ৰপতি শিৱাজী মহাৰাজৰ দৰে বিখ্যাত প্ৰতিমূৰ্তি নিৰ্মাণ কৰি গৈছে ।

লগতে পঢ়ক :ঝাৰখণ্ডত মাওবাদীৰ আক্ৰমণত গুৰুতৰভাৱে আহত অসমৰ ২ জোৱান, হেৰুৱালে ভৰি
লগতে পঢ়ক :পৰিচয়বিহীন মৃতকক সসন্মানেৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা এগৰাকী মহিলা