ভৱিষ্যৎ ৰূপৰেখা প্ৰস্তুত প্ৰধানমন্ত্ৰী মোদীৰ: ভাৰত-জাপান বায়’গেছ প্ৰকল্প ঘোষণা
প্ৰধানমন্ত্ৰী মোদীৰ আমন্ত্ৰণক্ৰমে ১ জুলাইৰ পৰা ৩ জুলাইলৈ তিনিদিনীয়া আনুষ্ঠানিক ভ্ৰমণসূচীত বৰ্তমান জাপানৰ প্ৰধানমন্ত্ৰী টাকাইচি ভাৰতত আছে ।

By ANI
Published : July 2, 2026 at 5:17 PM IST
নতুন দিল্লী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ভাৰত আৰু জাপানৰ মাজত প্ৰযুক্তিগত অংশীদাৰিত্বক দুয়োখন দেশৰ সম্পৰ্কৰ “আটাইতকৈ শক্তিশালী স্তম্ভ” হিচাপে উল্লেখ কৰে । লগতে জাপানৰ নিখুঁত প্ৰযুক্তিক ভাৰতৰ ছফ্টৱেৰ ক্ষমতাৰ সৈতে একত্ৰিত কৰাৰ বাবে অংশীদাৰিত্বৰ সংকল্পক দোহাৰে ।
ভাৰত আৰু জাপানৰ মাজত কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত সংবাদমেল সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত সহযোগিতাৰ সন্দৰ্ভত দুয়োখন ৰাষ্ট্ৰই মূল চুক্তি স্বাক্ষৰ কৰিছে । তেওঁ আশা প্ৰকাশ কৰে যে প্ৰযুক্তিগত অংশীদাৰিত্বৰ প্ৰতি ভাৰত আৰু জাপানৰ অংশীদাৰিত্বৰ প্ৰতি দায়বদ্ধতা আৰু প্ৰচেষ্টাই বিশ্বজনীনভাৱে এআই বিকাশত সহায় কৰিব পাৰে ।
"প্ৰধানমন্ত্ৰী টাকাইচি আৰু মই বিশ্বাস কৰোঁ যে প্ৰযুক্তিৰ অংশীদাৰিত্ব আমাৰ সহযোগিতাৰ আটাইতকৈ শক্তিশালী স্তম্ভ হৈ পৰিব । এই দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ আমি আজি এআইৰ ক্ষেত্ৰখনৰ ওপৰতো এক যৌথ বিবৃতি প্ৰকাশ কৰিছোঁ । ভাৰতীয় এআই পৰিৱেশতন্ত্ৰৰ অন্তৰ্গত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানেও আজি নিজৰ জাপানীজ অংশীদাৰৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে । জাপানৰ নিখুঁত প্ৰযুক্তি আৰু ভাৰতৰ ছফ্টৱেৰ ক্ষমতাৰ সম্প্ৰসাৰণে বিশ্বজনীন এআই বিকাশত নতুন গতি আৰু শক্তি প্ৰদান কৰিব ।" মোদীয়ে কয় ।

ইয়াৰ উপৰি প্ৰতিৰক্ষা খণ্ডত স্বাক্ষৰিত চুক্তি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰত আৰু জাপানৰ মাজত প্ৰথমটো সহ-উন্নয়ন প্ৰকল্পই প্ৰতিৰক্ষা প্ৰযুক্তিৰ বিকাশৰ লগতে “সামুদ্ৰিক নিৰাপত্তা আৰু আঞ্চলিক শান্তি” শক্তিশালী কৰাত সহায় কৰিব ।
তেওঁ কয়, "প্ৰতিৰক্ষা খণ্ডত আমি আজি ভাৰত আৰু জাপানৰ মাজত প্ৰথমটো সহ-উন্নয়ন প্ৰকল্প সন্দৰ্ভত এক চুক্তিত স্বাক্ষৰ কৰিছোঁ । নৌসেনাৰ ৰেডিঅ' এণ্টিনা 'ইউনিকৰ্ণ' জড়িত হৈ থকা এই প্ৰকল্পই আমাৰ প্ৰতিৰক্ষা প্ৰযুক্তি অংশীদাৰিত্বৰ এক নতুন অধ্যায় মুকলি কৰিব । আমি এতিয়া যৌথভাৱে প্ৰতিৰক্ষা প্ৰযুক্তি বিকশিত কৰিম, যিয়ে আঞ্চলিক শান্তি, সামুদ্ৰিক নিৰাপত্তা আৰু নিয়মভিত্তিক শৃংখলাক শক্তিশালী কৰিব ।"
বৃহস্পতিবাৰে স্বাক্ষৰিত চুক্তিসমূহৰ জৰিয়তে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত দুয়োখন দেশৰ অংশীদাৰিত্বই “গোলকীয় স্বাস্থ্য সুৰক্ষা”ত অৰিহণা যোগাব বুলিও তেওঁ দৃঢ়তাৰে কয় ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "আজি ফাৰ্মাচিউটিকেল, চিকিৎসা সঁজুলি আৰু জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰত স্বাক্ষৰিত চুক্তিসমূহৰ জৰিয়তে আমি বিশ্ব স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰতো অৰিহণা যোগাম । ভাৰতৰ পৰিসৰক জাপানৰ গুণমানৰ সৈতে সংযুক্ত কৰি আমি বিশ্বলৈ সুলভ মূল্যৰ, নিৰ্ভৰযোগ্য আৰু উন্নত স্বাস্থ্য সমাধান প্ৰদানৰ দিশত কাম কৰিম ।"
উল্লেখ্য যে প্ৰধানমন্ত্ৰী মোদীৰ আমন্ত্ৰণক্ৰমে ১ জুলাইৰ পৰা ৩ জুলাইলৈ তিনিদিনীয়া আনুষ্ঠানিক ভ্ৰমণসূচীত বৰ্তমান জাপানৰ প্ৰধানমন্ত্ৰী টাকাইচি ভাৰতত আছে । ভাৰত আৰু জাপানৰ মাজত শতিকাজুৰি চলি অহা সাংস্কৃতিক আৰু সভ্যতামূলক আদান-প্ৰদান, আধ্যাত্মিক আত্মীয়তা আৰু স্বাধীনতা, গণতন্ত্ৰ আৰু আইনৰ শাসনৰ প্ৰতি সন্মানৰ দৰে অংশীদাৰিত্বমূলক মূল্যবোধৰ ওপৰত ভিত্তি কৰা দীৰ্ঘদিনীয়া বন্ধুত্বৰ সম্পৰ্ক আছে । ২০১৪ চনত এই সম্পৰ্কক বিশেষ কৌশলগত আৰু বিশ্বজনীন অংশীদাৰিত্বলৈ উন্নীত কৰা হয় ।
১৯৫২ চনত ভাৰত-জাপান কূটনৈতিক সম্পৰ্ক স্থাপন হয়; ২০০০ চনত এই সম্পৰ্কটো গ্ল'বেল পাৰ্টনাৰশ্বিপ হিচাপে আৰম্ভ কৰা হৈছিল । আহাতে, ২০০৬ চনত ইয়াক কৌশলগত আৰু বিশ্বজনীন অংশসীদাৰিত্বলৈ উন্নীত কৰা হৈছিল আৰু ২০১৪ চনত প্ৰধঝানমন্ত্ৰী মোদী আৰু জাপানৰ পূৰ্বৰ প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ মাজত অনুষ্ঠিত শীৰ্ষ সন্মিলনৰ সময়ত বিশেষ কৌশলগত আৰু গ্ল'বেল পাৰ্টনাৰশ্বিপলৈ উন্নীত কৰা হয় । অৰ্থনৈতিক নিৰাপত্তাই এই সম্পৰ্কৰ এক মূল স্তম্ভ হিচাপে আত্মপ্ৰকাশ কৰিছে ।
২০২৪ চনৰ নৱেম্বৰ মাহত টকিঅ’ত অনুষ্ঠিত প্ৰথম অৰ্থনৈতিক সুৰক্ষা আলোচনাৰ (ইএছডি) সময়ত দুয়োপক্ষই কৌশলগত সহযোগিতাৰ বাবে অগ্ৰাধিকাৰ খণ্ড হিচাপে পাঁচটা খণ্ড চিনাক্ত কৰে । সেয়া হৈছে অৰ্ধপৰিবাহী, জটিল খনিজ পদাৰ্থ, ঔষধ, স্বচ্ছ শক্তি আৰু তথ্য আৰু যোগাযোগ প্ৰযুক্তি । জাপান-ভাৰত এআই সহযোগিতা পদক্ষেপ ২০২৫ চনত আৰম্ভ হৈছিল ।
প্ৰথম ভাৰত-জাপান কৌশলগত এআই আলোচনা ২০২৬ চনৰ ২১ এপ্ৰিলত মুম্বাইত অনুষ্ঠিত হয় । ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত নতুন দিল্লীত আয়োজিত এআই ইমপেক্ট ছামিটৰ বাবে প্ৰধানমন্ত্ৰী ছানাই টাকাইচিয়ে ভিডিঅ’ বাৰ্তা প্ৰদান কৰে । ইয়াৰ উপৰি উচ্চ পৰ্যায়ৰ প্ৰতিৰক্ষা বিনিময়ো নিয়মীয়া হৈ আহিছে । ২০২৪ চনৰ আগষ্ট মাহত জাপানৰ প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী জেনেৰেল নাকাটানীয়ে প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে আলোচনাৰ বাবে ভাৰত ভ্ৰমণ কৰিছিল । ২০২৫ চনৰ আগষ্ট মাহত বাৰ্ষিক শীৰ্ষ সন্মিলনৰ সময়ত নিৰাপত্তা সহযোগিতাৰ যৌথ ঘোষণা-পত্ৰত স্বাক্ষৰ কৰা হৈছিল ।
ভাৰত-জাপান বায়’গেছ পদক্ষেপ ঘোষণা প্ৰধানমন্ত্ৰীৰ
আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ভাৰত-জাপান বায়’গেছ পদক্ষেপৰ কথা ঘোষণা কৰে । ইয়াৰ জৰিয়তে ভাৰতত ১০০০টা বায়’গেছ আৰু জৈৱিক সাৰ উদ্যোগ স্থাপন কৰা হ’ব ।
নতুন দিল্লীৰ হায়দৰাবাদ হাউছত জাপানীজ প্ৰধানমন্ত্ৰী ছানাই টাকাইচিৰ সৈতে দ্বিপাক্ষিক আলোচনাৰ অন্তত এক যৌথ বিবৃতিত তেওঁ কয়, "আজি আমি শক্তি সুৰক্ষাৰ ক্ষেত্ৰতো কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ । ইয়াৰ দ্বাৰা ভাৰতৰ গাঁওসমূহৰ বহনক্ষমতা, সমৃদ্ধি আৰু গ্ৰাম্য জীৱিকাৰ ক্ষেত্ৰত নতুন শক্তি লাভ কৰিব ।"
"ভাৰত-জাপান বায়'গেছ পদক্ষেপৰ জৰিয়তে আমি ভাৰতত ১০০০ বায়'গেছ আৰু জৈৱিক সাৰ উদ্যোগ স্থাপনৰ ক্ষেত্ৰত সহায় লাভ কৰিম । ইয়াৰ দ্বাৰা আমাৰ গোবৰ-ধন পদক্ষেপ আৰু অধিক শক্তিশালী হ'ব ।" প্ৰধানমন্ত্ৰী মোদীয়ে কয় ।
কেইবাখনো সহযোগিতা চুক্তিৰ আদান-প্ৰদানৰ ভিতৰত ভাৰতৰ সহযোগিতা মন্ত্ৰণালয় আৰু পশুপালন আৰু দুগ্ধ পালন বিভাগ আৰু জাপানৰ অৰ্থনীতি, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়ৰ মাজত জৈৱ গেছ আৰু জৈৱিক সাৰ উৎপাদন সম্প্ৰসাৰণ আৰু গ্ৰাম্য সমৃদ্ধি, শক্তি সুৰক্ষা আৰু বহনক্ষম গতিশীলতাৰ বাবে ব্যৱহাৰৰ সন্দৰ্ভত সহযোগিতা চুক্তিও আছে ।
আহাতে, জাপানৰ প্ৰধানমন্ত্ৰীয়ে নিজৰ প্ৰেছ বিবৃতিত কয়, "শক্তিৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত ভাৰতে সমবায়সমূহৰ সহায় লৈ গৰুৰ গোবৰৰ পৰা শক্তি লাভ কৰি ১০০০টা জৈৱ গেছ উদ্যোগ নিৰ্মাণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে । ইয়াৰ সাফল্যৰ বাবে অৰিহণা যোগোৱাৰ উদ্দেশ্যে আমি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰৱৰ্তন কৰা 'জাপান-ভাৰত কোঅপাৰেটিভ বায়'গেছ ফৰ গ্ৰ'থ' বা চিবিজি পদক্ষেপ আৰম্ভ কৰিছোঁ ।"
ইয়াৰ পূর্বে দিয়া ভাষণত প্রধানমন্ত্রী মোদীয়ে ষোড়শ ভাৰত-জাপান বার্ষিক সন্মিলনৰ বাবে প্রথমবাৰ ভাৰত ভ্ৰমণলৈ অহা জাপানৰ প্রথমগৰাকী মহিলা প্রধানমন্ত্রী টাকাইচিক আদৰণি জনায় ৷ তেওঁ টাকাইচিক তেওঁৰ কনিষ্ঠ ভগ্নী (চোটি বেহেন) বুলি উল্লেখ কৰে ।
প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "তেওঁ হৈছে জাপানৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী আৰু এগৰাকী দূৰদৰ্শী, জনপ্ৰিয় নেত্ৰী । তদুপৰি তেওঁ ভাৰত আৰু জাপানৰ মাজত অংশীদাৰিত্ব কৰা বৌদ্ধ ঐতিহ্যৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ জাপানৰ নাৰা প্ৰিফেকচাৰৰ পৰা আহিছে...।"
বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ এক বিবৃতি অনুসৰি, ১-৩ জুলাইত অনুষ্ঠিত ১৬ সংখ্যক ভাৰত-জাপান বাৰ্ষিক সন্মিলনত দুয়োপক্ষই দ্বিপাক্ষিক সহযোগিতাৰ সম্পূৰ্ণ দিশ পৰ্যালোচনা আৰু শক্তিশালী কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বিশ্বজনীন বিষয়সমূহৰ ওপৰত মত বিনিময়ৰ সুযোগ প্ৰদান কৰিব ।
২০২৫ চনৰ আগষ্ট মাহত প্ৰধানমন্ত্ৰী মোদীয়ে ১৫ সংখ্যক ভাৰত-জাপান বাৰ্ষিক সন্মিলনৰ বাবে টকিঅ’ ভ্ৰমণৰ পিছত টাকাইচিৰ এইটো প্ৰথম আনুষ্ঠানিক ভাৰত ভ্ৰমণ ।

