ETV Bharat / bharat

ভাৰতত শিশুসকলে ব্যৱহাৰ কৰিব নোৱাৰিব সামাজিক মাধ্যম ! প্ৰধানমন্ত্ৰী মোদীয়ে দিলে তাৰেই ইংগিত

‘‘অষ্ট্ৰেলিয়াই আইটি আৰু ছ’চিয়েল মিডিয়াৰ বিৰূপ প্ৰভাৱৰ পৰা সমাজখনক যিদৰে ৰক্ষা কৰিছে, সেয়া বিশ্বৰ বাবে এক আদৰ্শ’’ - দেশখন ভ্ৰমণত ব্যস্ত প্ৰধানমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷

Social Media Ban For Minors
মেলব’ৰ্নত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন কৰাৰ সময়ত প্ৰধানমন্ত্ৰী মোদী (IANS)
author img

By ETV Bharat Assamese Team

Published : July 9, 2026 at 11:37 PM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী: সমগ্ৰ বিশ্বৰ বহুকেইখন দেশে শিশুসকলে সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে ৷ বিষয়টোক লৈ বিতৰ্ক হোৱাৰ পৰিৱৰ্তে সকলোৱে আদৰণিহে জনাইছে ৷

অত্যাধুনিক প্ৰযুক্তি আৰু সামাজিক মাধ্যমৰ বিৰূপ প্ৰভাৱৰ পৰা সমাজখনক ৰক্ষা কৰিবলৈ অষ্ট্ৰেলিয়াই একে পন্থা গ্ৰহণ কৰিছে ৷ বিশেষকৈ ১৬ বছৰৰ তলৰ কিশোৰ/কিশোৰী বা শিশুসকলে সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে ৷

সম্প্ৰতি অষ্ট্ৰেলিয়া ভ্ৰমণত ব্যস্ত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনৰ এনে নীতিৰ উচ্চ প্ৰশংসা কৰে ৷ তদুপৰি সেই একে নীতি ভাৰততো কাৰ্যকৰী কৰাৰ ইংগিত প্ৰদান কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

মেলব’ৰ্নত অনুষ্ঠিত হোৱা অষ্ট্ৰেলিয়া-ভাৰত নেতা বাৰ্ষিক সন্মিলনৰ এক বৈঠকত ভাষণ প্ৰদান কৰি অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজক প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘আপুনি আইন প্ৰণয়নৰ জৰিয়তে আইটি আৰু ছ’চিয়েল মিডিয়াৰ বিৰূপ প্ৰভাৱৰ পৰা সমাজখনক সুৰক্ষিত কৰাৰ বাবে যিদৰে কাম কৰিছে, তাৰ জৰিয়তে সমগ্ৰ বিশ্বৰ সন্মুখত এক আদৰ্শ দাঙি ধৰিছে ।’’ প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে আইটি আৰু ছ’চিয়েল মিডিয়াৰ নিয়ন্ত্ৰণ সন্দৰ্ভত ভাৰতে অষ্ট্ৰেলিয়াৰ পৰা বহু কথাই শিকিছে ।

উল্লেখ্য যে, অষ্ট্ৰেলিয়াৰ অনলাইন সুৰক্ষা সংশোধনী(ছ’চিয়েল মিডিয়াৰ নুন্যতম বয়স) আইন ২০২৪ ৰ অধীনত ১৬ বছৰৰ তলৰ কিশোৰ/কিশোৰী বা নাবালকসকলক সামাজিক মাধ্যমৰ প্লেটফৰ্মসমূহ ব্যৱহাৰৰ ক্ষেত্ৰত ধৰা পৰা বা লগ ইন কৰাত বাধা প্ৰদান কৰা হয় ৷

ভাৰতে নাবালক বা নাবালিকাৰ বয়সৰ ওপৰত ভিত্তি কৰি সামাজিক মাধ্যমৰ কিছুমান বিশেষ শ্ৰেণীৰ বিষয়বস্তুৰ ওপৰত ‘গ্ৰেড’ ভিত্তিত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা চিন্তা কৰিছে । এই কথা প্ৰায়ে ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ বিষয়াসকলে ৰাজহুৱা ভাষণত উল্লেখ কৰা শুনা গৈছে ৷

শিশুৰ মানসিক স্বাস্থ্যৰ ওপৰত সামাজিক মাধ্যমৰ বিৰূপ প্ৰভাৱৰ সন্দৰ্ভত উদ্বেগ সময়ৰ লগে লগে বৃদ্ধি পাইছে ৷ যিয়ে সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত নিষিদ্ধ ঘোষণা কৰাৰ দাবীক বিশ্বজুৰি ইন্ধন যোগাইছে । তেনেস্থলত অষ্ট্ৰেলিয়া ভ্ৰমণত ব্যস্ত থকা প্ৰধানমন্ত্ৰী মোদীৰ মন্তব্যই অধিক তাৎপৰ্য বহন কৰিছে ।

সমগ্ৰ দেশৰ ভিতৰত কৰ্ণাটকে শেহতীয়াকৈ ১৬ বছৰৰ তলৰ শিশুৰ বাবে সামাজিক মাধ্যম ব্যৱহাৰ নিষিদ্ধ কৰাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল ৷ অন্ধ্ৰপ্ৰদেশ চৰকাৰেও একেধৰণৰ ব্যৱস্থা গ্ৰহণৰ ইতিমধ্যে ইংগিত দিছে ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ ভাষণ শুনিবলৈ মেলব’ৰ্নত সমবেত ৩০ হাজাৰ লোক