ETV Bharat / bharat

এ আই ইমপেক্ট সন্মিলনত কংগ্ৰেছৰ অৰ্ধ-উলংগ প্ৰতিবাদক লৈ ক্ষুৰধাৰ সমালোচনা প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘কংগ্ৰেছে এটা বিশ্বব্যাপী অনুষ্ঠানক নিজৰ লেতেৰা আৰু নিৰ্লজ্জ ৰাজনীতিৰ প্লেটফৰ্মলৈ ৰূপান্তৰিত কৰিলে ।’’

PM MODI MEERUT METRO
প্ৰধানমন্ত্ৰী মোদী (IANS)
author img

By ETV Bharat Assamese Team

Published : February 22, 2026 at 6:24 PM IST

2 Min Read
Choose ETV Bharat

মীৰুট(উত্তৰ প্ৰদেশ): ভাৰত মণ্ডপমত অনুষ্ঠিত এ আই ইমপেক্ট সন্মিলনৰ সময়ত ভাৰতীয় যুৱ কংগ্ৰেছে সাব্য়স্ত কৰা অৰ্ধ-উলংগ প্ৰতিবাদক ক্ষুৰধাৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ ৷ দেওবাৰে কংগ্ৰেছ দলক তীব্ৰ বাক্যবাণেৰে আক্ৰমণ চলায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ।

প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ প্ৰদেশৰ মীৰুটত ভাৰতৰ প্ৰথমটো নমো ভাৰত আৰ টি এছ উদ্বোধন কৰি সমগ্ৰ দিল্লী-মীৰুট নমো ভাৰত কৰিড’ৰ দেশবাসীলৈ উৎসৰ্গা কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘কংগ্ৰেছে এটা বিশ্বব্যাপী অনুষ্ঠানক নিজৰ লেতেৰা আৰু নিৰ্লজ্জ ৰাজনীতিৰ ক্ষেত্ৰলৈ ৰূপান্তৰিত কৰিলে ।’’

পূৰ্বৰ কংগ্ৰেছ চৰকাৰে মেট্ৰ’ সম্প্ৰসাৰণত লেহেমীয়া কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে । প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, ‘‘২০১৪ চনৰ পূৰ্বে ভাৰতত মেট্ৰ' সম্প্ৰসাৰণ অতি লেহেমীয়া আছিল । কংগ্ৰেছ চৰকাৰৰ সময়ত মাত্ৰ পাঁচখন চহৰতে মেট্ৰ' চলিছিল । বিজেপি চৰকাৰৰ অধীনত এতিয়া ২৫ খনতকৈও অধিক চহৰত মেট্ৰ' চলি আছে আৰু ভাৰতে বিশ্বৰ তৃতীয় বৃহত্তম মেট্ৰ' নেটৱৰ্ক গঢ়ি তুলিছে ।’’

প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ কয় যে উত্তৰ প্ৰদেশত মীৰুটৰ বাহিৰেও আন কেইবাখনো চহৰত মেট্ৰ’ প্ৰকল্পৰ নিৰ্মাণকাৰ্য চলি আছে । প্ৰধানমন্ত্ৰীয়ে কয়, ‘‘যোৱা ১০-১১ বছৰত মেট্ৰ’ সেৱা কেইবাখনো চহৰত উপনীত হৈছে ৷ কিয়নো বিজেপি চৰকাৰে নাগৰিকসকলক সুবিধাজনক, দ্ৰুতবেগী আৰু প্ৰদূষণমুক্ত পৰিবহণৰ সুবিধা প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷’’

প্ৰধানমন্ত্ৰীয়ে যোগী আদিত্যনাথ নেতৃত্বাধীন চৰকাৰৰ অধীনত উত্তৰ প্ৰদেশৰ আইন-শৃংখলা উন্নত হোৱা বুলিও দাবী কৰে ।

মীৰুট মেট্ৰ'ত যাত্ৰা কৰাৰ সময়ত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীকে ধৰি যাত্ৰীসকলৰ সৈতে হোৱা মত বিনিময়ৰ কথা মনত পেলাই প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘সকলোৱে কৈছিল যে তেওঁলোকে ইমান উৎকৃষ্ট কাম কেতিয়াও কল্পনা কৰা নাছিল । কেইবছৰমানৰ আগতে মানুহে পুৰণি দিনৰ কথা মনত পেলাইছিল আৰু বিশেষকৈ মহিলা যাত্ৰীসকলে মোক কৈছিল যে সন্ধিয়ালৈকে সমগ্ৰ পথটো নিৰ্জন হৈ পৰিব, যাৰ ফলত ভয়ৰ পৰিৱেশৰ সৃষ্টি হ’ব ৷’’

তেওঁ লগতে কয়, ‘‘এতিয়া আইন-শৃংখলাৰ উন্নতি হৈছে আৰু মানুহৰ ওচৰত ভ্ৰমণৰ সুবিধাজনক আৰু নিৰাপদ উপায়ো আছে । মই সুখী যে নমো ভাৰত ৰেপিড ৰে’ল মহিলা সবলীকৰণৰ প্ৰতীকত পৰিণত হৈছে । আমাৰ কন্যাই ৰে’ল পৰিচালক আৰু ষ্টেচন নিয়ন্ত্ৰণ কৰ্মচাৰীকে ধৰি অধিকাংশ পদৰ নেতৃত্ব দিব ।’’

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীয়ে মুকলি কৰা নমো ভাৰত আৰ আৰ টি এছ আৰু দ্ৰুততম মেট্ৰ'ৰ বিষয়ে জানো আহক...