ETV Bharat / bharat

এয়া ভৱিষ্যতলৈ চাই আগবঢ়াৰ সময়, বিদেশৰ পৰা আহিয়েই মন্ত্ৰীমণ্ডলক নিৰ্দেশ প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেবিনেট বৈঠকত ভাষণ দি নিজৰ মন্ত্ৰীসকলক স্পষ্ট বাৰ্তা দিয়ে যে এতিয়া পিছলৈ ঘূৰি চোৱাৰ সময় নহয় ।

PM Modi Chairs Crucial Council Of Ministers Meeting
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (ANI)
author img

By ETV Bharat Assamese Team

Published : May 22, 2026 at 8:46 AM IST

|

Updated : May 22, 2026 at 12:44 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী: পশ্চিম এছিয়াৰ সংকট আৰু বিশ্ব শক্তি সুৰক্ষাক লৈ ক্ৰমাৎ উদ্বেগ বৃদ্ধি পোৱাৰ মাজতে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত আৰব আমিৰশ্বাহী, নেডাৰলেণ্ড, ছুইডেন, নৰৱে’ আৰু ইটালী ভ্ৰমণৰ পৰা উভতি অহাৰ পিছতে বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় ৰাজধানীৰ সেৱা তীৰ্থত মন্ত্ৰী পৰিষদৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় । প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হয় এই বৈঠক ৷

সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেবিনেট বৈঠকত ভাষণ দি নিজৰ মন্ত্ৰীসকলক স্পষ্ট বাৰ্তা দিয়ে যে এতিয়া পিছলৈ ঘূৰি চোৱাৰ সময় নহয় । সূত্ৰ অনুসৰি তেওঁ কয় যে ২০১৪ চনৰ পৰা চৰকাৰখন ক্ষমতাত আছে, কিন্তু এতিয়া ২০২৬ চন, গতিকে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যৰ ওপৰত গুৰুত্ব দিয়া উচিত ।

সূত্ৰসমূহে লগতে কয় যে প্ৰধানমন্ত্ৰীয়ে সকলো সহকৰ্মীক যিমান পাৰি সোনকালে বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিয়ে । বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা বৈঠকখন প্ৰায় পাঁচ ঘণ্টা ধৰি চলিছিল, এই বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে কেবিনেট সতীৰ্থসকলৰ পৰা প্ৰতিবেদন প্ৰতি কৰি দিহা-পৰামৰ্শ আগবঢ়ায় বুলি তেওঁলোকে জানিবলৈ দিয়ে ।

সূত্ৰ অনুসৰি বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে "কোনো কাম বাকী থাকিব নালাগে, আৰু তেওঁৰ কেবিনেট সতীৰ্থসকলক অপ্ৰয়োজনীয় বিবাদ পৰিহাৰ কৰি নিজৰ কামত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰিবলৈ আহ্বান জনায় ।"

২০৪৭ চনৰ ভিতৰত উন্নত ভাৰতৰ লক্ষ্যৰ পুনৰাবৃত্তি কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এয়া কোনো শ্লোগান নহয় বৰঞ্চ দৃঢ় প্ৰতিশ্ৰুতিহে । তেওঁ সকলো মন্ত্ৰণালয়ে সংস্কাৰ, জীৱন-যাপনৰ সহজতা আৰু জনস্বাৰ্থক অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । সূত্ৰই জনোৱা মতে, প্ৰধানমন্ত্ৰী তেওঁলোকক অপ্ৰয়োজনীয়ভাৱে আগলৈ পিছলৈ চোৱাৰ পৰিৱৰ্তে ফাইলৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ, কম সময়ত অধিক কাম সম্পন্ন কৰিবলৈ আৰু প্ৰতিটো প্ৰক্ৰিয়া সৰল কৰিবলৈ নিৰ্দেশ দিছিল ।

জানিব পৰা মতে, এই বৈঠকত ৯ টা মন্ত্ৰণালয়ে প্ৰতিবেদন দাখিল কৰে । ইয়াৰ ভিতৰত আছিল কৃষি, বন, শ্ৰম, পথ পৰিবহণ, কৰ্পৰেট পৰিক্ৰমা, বৈদেশিক পৰিক্ৰমা, বাণিজ্য আৰু শক্তি মন্ত্ৰণালয় । কেবিনেট সচিব আৰু নীতি আয়োগেও প্ৰতিবেদন দাখিল কৰে ।

সূত্ৰসমূহে লগতে জনোৱা মতে, বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড৹ এছ জয়শংকৰেও প্ৰধানমন্ত্ৰীৰ শেহতীয়া বিদেশ ভ্ৰমণ আৰু ভাৰতৰ বাবে ইয়াৰ তাৎপৰ্য সন্দৰ্ভত বিশদভাৱে ব্যাখা কৰে । ফাইলসমূহ সৰ্বাধিক দ্ৰুত প্ৰক্ৰিয়াকৰণ কৰা মন্ত্ৰণালয়সমূহক প্ৰশংসা কৰে । কেন্দ্ৰীয় চৰকাৰৰ ১২ বছৰ আৰু তৃতীয় কাৰ্যকালৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীসকলক চৰকাৰৰ সাফল্য আৰু সংস্কাৰসমূহ জনসাধাৰণৰ মাজত ফলপ্ৰসূভাৱে অৱগত কৰিবলৈ আহ্বান জনায় ।

লগতে বায়’গেছ উৎপাদন বৃদ্ধিৰ ক্ষেত্ৰতো বিশেষ মনোযোগ দিবলৈ আহ্বান জনায় । বৈঠকত প্ৰধানমন্ত্ৰীৰ স্পষ্ট বাৰ্তা আছিল, ‘‘এতিয়া আগলৈ চোৱাৰ সময় । অতীতৰ সাফল্যত সন্তুষ্ট হোৱাৰ পৰিৱৰ্তে ভৱিষ্যতৰ লক্ষ্যত উপনীত হ’বলৈ দ্ৰুত গতিত কাম কৰক ।’’ এই বৈঠকত উন্নত ভাৰত 2047 ৰ বিষয়ে আলোচনা কৰা হয় বুলি সূত্ৰই জানিবলৈ দিয়ে ।

এই বৈঠকত কেবিনেট মন্ত্ৰী, স্বতন্ত্ৰ দায়িত্বত থকা ৰাজ্যিক মন্ত্ৰী আৰু ৰাজ্যিক মন্ত্ৰীকে ধৰি সকলো কেন্দ্ৰীয় মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে । পশ্চিম এছিয়াত উত্তেজনা আৰু সামুদ্ৰিক বাণিজ্যিক মূল পথ হৰমুজ জলদ্বীপৰ আশে-পাশে হোৱা ব্যাঘাতৰ বাবে শক্তি সুৰক্ষাৰ ওপৰত বিশ্বব্যাপী উদ্বেগ তীব্ৰতৰ হোৱাৰ সময়তে এই উচ্চ পৰ্যায়ৰ পৰ্যালোচনা কৰা হৈছে ।

প্ৰধানমন্ত্ৰীৰ এই পাঁচখন দেশ ভ্ৰমণৰ লক্ষ্য আছিল ইউৰোপৰ গুৰুত্বপূৰ্ণ দেশসমূহৰ সৈতে ভাৰতৰ অৰ্থনৈতিক আৰু কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰা । চৰকাৰী সূত্ৰ অনুসৰি প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণৰ কেন্দ্ৰবিন্দু আছিল ইউৰোপীয় অংশীদাৰৰ সৈতে বাণিজ্য, প্ৰযুক্তি, উদ্ভাৱন, সেউজ শক্তি আৰু সংযোগৰ পদক্ষেপৰ ক্ষেত্ৰত সহযোগিতা সম্প্ৰসাৰণ ।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত মন্ত্ৰী পৰিষদৰ গুৰুত্বপূৰ্ণ বৈঠক: পশ্চিম এছিয়াৰ সংকটৰ ওপৰত গুৰুত্ব দিয়াৰ সম্ভাৱনা

Last Updated : May 22, 2026 at 12:44 PM IST