ইনষ্টাগ্ৰামত ১০০ মিলিয়ন ফ’ল’ৱাৰ অতিক্ৰম কৰা বিশ্বৰ প্ৰথম নেতা হিচাপে পৰিগণিত প্ৰধানমন্ত্ৰী মোদী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইনষ্টাগ্ৰামত ১০ কোটি ফ’ল’ৱাৰৰ সংখ্যা অতিক্ৰম কৰি এই কৃতিত্ব অৰ্জন কৰা বিশ্বৰ প্ৰথমজন নেতা আৰু ৰাজনীতিবিদ হিচাপে পৰিগণিত হৈছে ।

Published : February 26, 2026 at 9:16 AM IST
নতুন দিল্লী : সৰ্বত্ৰে চৰ্চিত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ দেশৰ লগতে বিভিন্ন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়েও তেওঁক বহু সন্মান কৰে ৷ বৰ্তমান সময়ত মোদীৰ সুনাম বহু দূৰলৈকে চৰ্চিত হৈ আছে ৷
শেহতীয়াকৈ দেখা গৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফ’ল’ৱাৰ ১০০ বিলিয়ন অৰ্থাৎ ১০ কোটিৰ ঘৰ স্পৰ্শ কৰিছে ৷ বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইনষ্টাগ্ৰামত ১০ কোটি ফ’ল’ৱাৰৰ ঐতিহাসিক মাইলৰ খুঁটি অতিক্ৰম কৰি ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এই কৃতিত্ব অৰ্জন কৰা প্ৰথমজন বিশ্ব নেতা আৰু ৰাজনীতিবিদ হিচাপে পৰিগণিত হৈছে ।
২০১৪ চনত ইনষ্টাগ্ৰামত যোগদান কৰা প্ৰধানমন্ত্ৰী মোদীয়ে বিগত দশকত নিজৰ একাউণ্টটোক বিশ্বৰ নেতাসকলৰ মাজত আটাইতকৈ সক্ৰিয় আৰু বহুলভাৱে অনুসৰণ কৰা ডিজিটেল প্লেটফৰ্মলৈ ৰূপান্তৰিত কৰিছে । ডিজিটেল প্লেটফৰ্মত তেওঁৰ উপস্থিতি ক্ৰমাগতভাৱে সম্প্ৰসাৰিত হৈছে, যিয়ে ভাৰত আৰু বিদেশ উভয়ৰে দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰা এক স্থায়ী কৌশল হিচাবে প্ৰতিফলিত কৰিছে ৷ এই কথা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে (PMO) জনায় ।

আন্তঃৰাষ্ট্ৰীয় প্ৰধান নেতাসকলৰ ভিতৰত প্ৰধানমন্ত্ৰী মোদীৰ ইনষ্টাগ্ৰামত বৰ্তমান সৰ্বাধিক ফ’ল’ৱাৰ আছে । তাৎপৰ্যপূৰ্ণভাৱে এই প্লেটফৰ্মত তেওঁৰ অনুগামীৰ সংখ্যা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ তুলনাত দুগুণতকৈও অধিক । দৰাচলতে পৰৱৰ্তী পাঁচগৰাকী প্ৰধান বিশ্ব নেতাৰ অনুগামীৰ মুঠ সংখ্যা প্ৰধানমন্ত্ৰী মোদীৰ একক ফ’ল’ৱাৰতকৈ কম ।
৪৩.২ মিলিয়ন ফ’ল’ৱাৰেৰে দ্বিতীয় স্থানত আছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, ইয়াৰ পিছতে আছে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰব’ও ছুবিয়ানটো ১.৫ কোটি অনুগামী, ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা লুলা ১ কোটি ৪৪ লাখ অনুগামী, তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টায়িপ এৰদোগানৰ ১ কোটি ১৬ লাখ অনুগামী আৰু আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিয়েলি ৬৪ লাখ অনুগামী ।

প্ৰধানমন্ত্ৰী মোদীৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ১০.৬২ মিলিয়ন ফ’ল’ৱাৰ থকাৰ বিপৰীতে ফেচবুকত তেওঁৰ ৫৪ মিলিয়ন ফ’ল’ৱাৰ আছে । এই পৰিসংখ্যাই সমগ্ৰ বিশ্বতে বিশেষকৈ বিশ্বৰ কনিষ্ঠ দৰ্শকৰ (younger audiences) মাজত প্ৰধানমন্ত্ৰী মোদীৰ বৃহৎ প্ৰসাৰ আৰু শক্তিশালী সংযোগ প্ৰতিফলিত কৰে ।
ভাৰতৰ ক্ষেত্ৰটো প্ৰধানমন্ত্ৰীয়ে ইনষ্টাগ্ৰামত শীৰ্ষ স্থানত আছে, আন নেতাতকৈ মাইল আগুৱাই, প্ৰায় ১ কোটি ৬১ লাখ অনুগামীৰে দ্বিতীয় স্থানত আছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, তাৰ পিছতে আছে কংগ্ৰেছৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী ৷ ৰাহুল গান্ধীৰ প্ৰায় ১ কোটি ২০ লাখ অনুগামীৰ আছে ।

