ETV Bharat / bharat

ভাৰত-দক্ষিণ কোৰিয়াৰ ৫০ বিলিয়ন মাৰ্কিন ডলাৰৰ বাণিজ্যিক চুক্তি স্বাক্ষৰৰ লক্ষ্য

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, লীৰ এই ভ্ৰমণ ভাৰত-দক্ষিণ কোৰিয়া বিশেষ কৌশলগত অংশীদাৰিত্বৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি ৷

South Korea President Lee Jae Myung
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ম্যুং (PTI)
author img

By ETV Bharat Assamese Team

Published : April 20, 2026 at 9:10 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী: তিনিদিনীয়া ভ্ৰমণসূচীৰে দেওবাৰে নতুন দিল্লীত উপস্থিত হৈছে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি লি জে-ম্যুং ৷ সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ম্যুঙক প্ৰথমটো ভাৰত ভ্ৰমণৰ বাবে আদৰণি জনাই তেওঁৰ জীৱনক সংগ্ৰাম আৰু নিষ্ঠাৰ প্ৰেৰণাদায়ক নিদৰ্শন বুলি অভিহিত কৰে ।

নতুন দিল্লীত প্ৰতিনিধি পৰ্যায়ৰ আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী মোদী আৰু লি জে-ম্যুঙে ভাৰত আৰু দক্ষিণ কোৰিয়াৰ মাজত দ্বিপাক্ষিক সহযোগিতা দৃঢ় কৰাৰ লক্ষ্যৰে কেইবাখনো বুজাবুজি চুক্তি স্বাক্ষৰিত কৰে ৷

হায়দৰাবাদ হাউছত অনুষ্ঠিত এক যৌথ প্ৰেছ বিজ্ঞপ্তিৰ সময়ত এই চুক্তি স্বাক্ষৰ কৰে দুয়োখন দেশৰ নেতাই ৷ যি দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কত এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে ৷

চুক্তিৰ আদান-প্ৰদানৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘ৰাষ্ট্ৰপতি লীৰ প্ৰথমটো ভাৰত ভ্ৰমণলৈ আদৰণি জনাই মই আনন্দিত হৈছো । ৰাষ্ট্ৰপতি লীৰ জীৱন সংগ্ৰাম, সেৱা আৰু নিষ্ঠা এক প্ৰেৰণাদায়ক নিদৰ্শন । প্ৰতিটো প্ৰত্যাহ্বানেই তেওঁৰ জনসাধাৰণৰ সেৱাৰ সংকল্পক অধিক শক্তিশালী কৰি তুলিছে । যদিও এয়া তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ, ভাৰতৰ প্ৰতি তেওঁৰ মৰম আমাৰ প্ৰথমখন বৈঠকৰ পৰাই স্পষ্ট হৈ পৰিছে ।’’

দুয়োখন দেশৰ সম্পৰ্কৰ কথা শ্বেয়াৰ কৰি গণতান্ত্ৰিক ভেটিৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই ভ্ৰমণ এক বৰ্ধিত দ্বি-পাক্ষিক কাঠামোৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ । প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘‘কোৰিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ অত্যন্ত গুৰুত্বপূৰ্ণ । গণতান্ত্ৰিক মূল্যবোধ, বজাৰ অৰ্থনীতি আৰু আইনৰ শাসনৰ প্ৰতি সন্মান আমাৰ দুয়োখন দেশৰ মূল নীতিত নিহিত হৈ আছে । ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰতিও আমাৰ দৃষ্টিভংগী একেধৰণৰ ।’’

প্ৰধানমন্ত্ৰী মোদীয়ে বিগত দশকত সম্পৰ্কৰ বিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে এই অংশীদাৰিত্ব এতিয়া অধিক উন্নত পৰ্যায়লৈ আগবাঢ়িছে । তেওঁ লগতে কয়, ‘‘এই সকলোবোৰৰ ভিত্তিত বিগত দশকত আমাৰ সম্পৰ্ক অধিক গতিশীল আৰু ব্যাপক হৈ পৰিছে ৷ আজি ৰাষ্ট্ৰপতি লীৰ ভ্ৰমণৰ জৰিয়তে আমি এই বিশ্বাসযোগ্য অংশীদাৰিত্বক আগন্তুক দৃষ্টিকোণলৈ ৰূপান্তৰিত কৰিবলৈ ওলাইছো ।’’

‘‘আমি নাওৰ পৰা আৰম্ভ কৰি জাহাজলৈকে, প্ৰতিভাৰ পৰা প্ৰযুক্তিলৈকে, পৰিৱেশৰ পৰা শক্তিলৈকে প্ৰতিটো ক্ষেত্ৰতে সহযোগিতাৰ নতুন সুযোগ অন্বেষণ কৰিম আৰু দুয়োখন দেশৰ বাবে একেলগে অগ্ৰগতি আৰু সমৃদ্ধি নিশ্চিত কৰিম’’ - অংশীদাৰিত্বৰ অৰ্থনৈতিক মাত্ৰাক আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে দ্বি-পাক্ষিক বাণিজ্যৰ বাবে অভিলাষী লক্ষ্যসমূহ ভাগ-বতৰা কৰাৰ লগতে বাণিজ্যৰ সুবিধাৰ বাবে কেইবাটাও নতুন ব্যৱস্থা আৰম্ভ কৰে ।

‘‘আজি ভাৰত আৰু কোৰিয়াৰ মাজত দ্বি-পাক্ষিক বাণিজ্য ২৭ বিলিয়ন ডলাৰ হৈছেগৈ । আজি আমি ২০৩০ চনৰ ভিতৰত ইয়াক ৫০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছো’’ বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈ এই লক্ষ্যত উপনীত হ’বলৈ বিত্তীয় আৰু উদ্যোগিক সম্পৰ্ক সুশৃংখলিত কৰাৰ লক্ষ্যৰে নতুন মঞ্চ মুকলি কৰাৰ কথা ঘোষণা কৰে ।

তেওঁ লগতে কয় যে দুয়োখন দেশৰ মাজত বিত্তীয় প্ৰবাহৰ সুবিধাৰ বাবে আমি ভাৰত-কোৰিয়া বিত্তীয় মঞ্চ আৰম্ভ কৰিছো । ব্যৱসায়িক সহযোগিতা শক্তিশালী কৰাৰ বাবে আমি এখন ঔদ্যোগিক সহযোগিতা সমিতি গঠন কৰিছো । প্ৰধানমন্ত্ৰীয়ে প্ৰযুক্তিৰ যোগান শৃংখল সুৰক্ষিত কৰাৰ লগতে ভাৰতীয় বজাৰত প্ৰৱেশ কৰিব বিচৰা ক্ষুদ্ৰ উদ্যোগসমূহক সহায় কৰাৰ পৰিকল্পনাও বিতংভাৱে প্ৰকাশ কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আমি জটিল প্ৰযুক্তি আৰু যোগান শৃংখলৰ সহযোগিতা বৃদ্ধিৰ বাবে অৰ্থনৈতিক সুৰক্ষা আলোচনা আৰম্ভ কৰিছো । কোৰিয়ান কোম্পানী বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ(এছএমই) ভাৰতত প্ৰৱেশৰ সুবিধাৰ বাবে কোৰিয়ান ঔদ্যোগিক টাউনশ্বিপ’ স্থাপন কৰিম আৰু অহা বছৰৰ ভিতৰত ভাৰত-কোৰিয়া বাণিজ্য চুক্তিও উন্নীত কৰিম ।

দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিৰ আদৰণি অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী মোদী । ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে পত্নী কিম হ্যে কিউঙেও উপস্থিত থাকে । ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিকভাৱে আদৰণি জনোৱাৰ পিছতে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিগৰাকীয়ে মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনাবলৈ ৰাজঘাট পৰিদৰ্শন কৰে ।

লীয়ে ভাৰতত বাস কৰা কোৰিয়ান লোকসকলক সাক্ষাৎ কৰি কয় যে আগন্তুক ভাৰত-কোৰিয়া শীৰ্ষ সন্মিলনে দ্বি-পাক্ষিক সম্পৰ্কৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হ’ব পাৰে ।

লগতে পঢ়ক: পথৰ পৰা বাগৰি দ খাৱৈত পৰিল বাছ : নিহত ২১, আহত ৬১