বিশ্ব পৰিৱেশ দিৱস : প্ৰধানমন্ত্ৰী মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ বাৰ্তা
পৰিৱেশ দিৱসত সকলো প্ৰকৃতিপ্ৰেমীক শুভেচ্ছা প্ৰধানমন্ত্ৰী মোদীৰ ৷ পৰিৱেশ সংৰক্ষণৰ বাবে সকলোকে দায়িত্ব গ্ৰহণ কৰিবলৈ অহ্বান অসমৰ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ ৷

Published : June 5, 2026 at 10:54 AM IST
হায়দৰাবাদ : আজি ৫ জুন, বিশ্ব পৰিৱেশ দিৱস ৷ পৰিৱেশ সুৰক্ষা সম্পৰ্কে সজাগতা সৃষ্টিৰ অৰ্থে ১৯৭৩ চনৰ পৰাই বৰ্তমান পৰ্যন্ত প্ৰতিবছৰে বিশ্বজুৰি এই দিৱসটি পালন কৰি অহা হৈছে ৷
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত দশকত চৰকাৰৰ বিভিন্ন প্ৰচেষ্টাক আলোকপাত কৰি উল্লেখ কৰে যে ক্ৰমাৎ ভাৰতত সেউজীয়া বাতাৱৰণ আৰু বহু দুষ্প্ৰাপ্য প্ৰাণীৰ জনসংখ্যা বৃদ্ধি হৈছে ।
প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো ভাৰতীয় নাগৰিকক উদ্দেশ্য কৰি এক্সত এক পোষ্ট কৰে ৷ তেওঁ কয়, "বিশ্ব পৰিৱেশ দিৱসত সকলোকে শুভেচ্ছা জনালো । পৰিৱেশ সংৰক্ষণৰ প্ৰতি আকৰ্ষিত সকলোকে মই শলাগ ল'ব বিচাৰিছো ।"
Guided by the principle of ‘One Earth, One Family and One Future’, we will continue working towards a cleaner, greener and more sustainable planet through the spirit of Mission LiFE. pic.twitter.com/SRj4Tr5swT
— Narendra Modi (@narendramodi) June 5, 2026
প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘‘আমাৰ পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক আগুৱাই নিয়াৰ সংকল্পক পুনৰ দৃঢ় কৰাৰ দিন এয়া । বিগত দশকত আমাৰ চৰকাৰে কৰা অসংখ্য প্ৰচেষ্টাৰ ফলত ভাৰতে কিছুমান ডাঙৰ সফলতা লাভ কৰিছে ৷ যাৰ ভিতৰত সেউজ আৱৰণৰ সম্প্ৰসাৰণ আৰু বহু প্ৰাণীৰ জনসংখ্যা বৃদ্ধি । সামূহিক প্ৰচেষ্টা, নীতি আৰু বিজ্ঞান আৰু উদ্ভাৱনৰ প্ৰতি থকা বিশ্বাসৰ দ্বাৰা আমাৰ পৰিৱেশ উন্নত কৰিব পৰা যায়, সেই কথা ভাৰতৰ জনসাধাৰণে প্ৰমাণ কৰিছে ।’’
বিশ্ব পৰিৱেশ দিৱস উপলক্ষে অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মায়ো সামাজিক মাধ্যমত এটা পোষ্ট কৰে ৷
তেওঁ পোষ্টটোত কয়, ‘‘প্ৰকৃতি আমাৰ অস্তিত্বৰ আধাৰ । সেয়েহে পৰিৱেশ সংৰক্ষণৰ দায়িত্বও আমাৰ সকলোৰে । আজি বিশ্ব পৰিৱেশ দিৱসৰ বিশেষ দিনটিত সেউজীয়া আৰু সুস্থ পৃথিৱী গঢ়াৰ বাবে আহক আমি সকলোৱে সংকল্প লওঁ । এগৰাকী সজাগ নাগৰিক হিচাপে অন্ততঃ এটিকৈ গছপুলি ৰোপণ কৰি প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ মনোভাবেৰে আহক আমি এক সেউজ, নিৰ্মল আৰু বাসযোগ্য ভৱিষ্যৎ গঢ়াৰ দিশে আগবাঢ়ো ।’’

