মুখ্যমন্ত্ৰীৰ কি যে বিড়ম্বনা ! কনভয়ৰ লগত যাবলৈ ষ্টাৰ্টেই নহ'ল পাইলট গাড়ী-ইণ্টাৰচেপ্টৰ
ঠেলি ঠেলি ষ্টাৰ্ট কৰিবলগীয়া হ'ল কনভয়ৰ গাড়ী ৷ সচিবালয়ৰ গেটত এখন ব্যক্তিগত গাড়ী ৰখাই থোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ কনভয়ো ৰৈ থাকিবলগীয়া হ'ল আধাঘণ্টা ৷

Published : December 18, 2025 at 5:17 PM IST
ডেৰাডুন (উত্তৰাখণ্ড) : সৰু-সুৰা নেতা নহয়, এইবাৰ স্বয়ং মুখ্যমন্ত্ৰীৰ নিৰাপত্তা ব্যৱস্থাত ত্ৰুটি ! ঠেলি ঠেলি ষ্টাৰ্ট কৰিবলগীয়া হ'ল মুখ্যমন্ত্ৰীৰ কনভয়ৰ দুখনকৈ গাড়ী ৷ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ নিৰাপত্তাৰ সৈতে জড়িত অসংখ্য ত্ৰুটি ইয়াৰ পূৰ্বেও কেইবাবাৰো উন্মোচিত হৈছে । বৃহস্পতিবাৰেও আন এক বৃহৎ নিৰাপত্তাজনিত ভুল দেখা গ’ল মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ নিৰাপত্তা ব্যৱস্থাত ।
মুখ্যমন্ত্রী সচিবালয়ৰ পৰা ৰাওনা হোৱাৰ সময়তে মুখ্যমন্ত্রীৰ কনভয়ৰ পাইলট গাড়ীখন বিকল হৈ পৰে । গাড়ী ষ্টাৰ্ট নোহোৱা হ'ল ৷ ফলত মুখ্যমন্ত্রীয়ে পাইলট গাড়ী অবিহনেই উক্ত স্থানৰ পৰা ৰাওনা হয় ।

আশ্চৰ্যজনকভাৱে মুখ্যমন্ত্ৰীয়ে সচিবালয়ৰ পৰা ওলাই অহাৰ পিছতে সচিবালয়ৰ গেটত ৰখাই থোৱা তেওঁৰ কনভয়ত যাবলগীয়া ইণ্টাৰচেপ্টৰ (Interceptor) গাড়ীখনো বিকল হৈ পৰে । ফলত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ পাইলট গাড়ী আৰু ইণ্টাৰচেপ্টৰখন ঠেলি দিহে পুনৰ ষ্টাৰ্ট কৰিবলগীয়া হয় ।

মুখ্যমন্ত্ৰী ধামীয়ে বৃহস্পতিবাৰে সচিবালয়ত ৰাজহ লাভৰ ওপৰত এক পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰিছিল । বৈঠকৰ অন্তত মুখ্যমন্ত্রী পুষ্কৰ সিং ধামী গড়ী কাণ্টৰ হিমালয়ান সাংস্কৃতিক কেন্দ্ৰত আয়োজিত বিশ্ব সংখ্যালঘু অধিকাৰ দিৱসৰ কাৰ্যসূচীলৈ ৰাওনা হৈছিল । সেই সময়তেই ঘটে এই অঘটন ৷ পিছত আৰক্ষী-প্ৰশাসনৰ লোকে মিলি ইণ্টাৰচেপ্টৰ আৰু পাইলট গাড়ীখনখন ঠেলে ।
এনে পৰিস্থিতিত এটা ডাঙৰ প্ৰশ্নৰ উত্থাপন হয়- সঘনাই মুখ্যমন্ত্ৰীগৰাকীৰ নিৰাপত্তাৰ সন্দৰ্ভত এনে গাফিলতি কেনেকৈ বাঢ়িছে ? যিহেতু মুখ্যমন্ত্ৰীৰ সুৰক্ষাৰ বাবে ব্যৱহাৰ কৰা বাহনসমূহ সদায় ভাল অৱস্থাত থকা উচিত ।
উল্লেখ্য যে, উত্তৰাখণ্ড চৰকাৰে আৰক্ষী বিভাগৰ উন্নতি আৰু আধুনিকীকৰণৰ বাবে প্ৰতি বছৰে বৃহৎ বাজেট আবণ্টন দিয়ে । ইয়াৰ পিছতো মুখ্যমন্ত্ৰী ধামীৰ কনভয়ত নিম্নমানৰ বাহন মোতায়েন কৰা হৈছে, যাৰ বাবে ৰাজ্যখনৰ আৰক্ষী বিভাগক লৈও প্ৰশ্ন উত্থাপন হৈছে ।
চলিত বৰ্ষৰ জুলাই মাহত উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কৰবেট টাইগাৰ ৰিজাৰ্ভ পৰিদৰ্শন কৰিছিল । মুখ্যমন্ত্ৰীৰ ছাফাৰীৰ বাবে ব্যৱহাৰ কৰা জিপছীখনৰ ফিটনেছৰ ম্যাদ পাঁচ বছৰ আগতেই শেষ হৈছিল । পৰৱৰ্তী সময়ত বন বিভাগে বিষয়টোৰ তদন্ত কৰি জড়িত চালক আৰু কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে ।
আজিও মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ কনভয় সচিবালয়ৰ গেটৰ পৰা ওলাই যোৱাৰ সময়তো একেধৰণৰ অৱহেলা দেখা গৈছিল । গেটত ৰখাই থোৱা এখন ব্যক্তিগত গাড়ীৰ বাবে মুখ্যমন্ত্ৰীৰ কনভয় গেটত আধা ঘণ্টা ৰৈ থাকিব লগা হৈছিল ।
- কনভয়ত পাইলট আৰু ইণ্টাৰচেপ্টৰ গাড়ীৰ ভূমিকা :
পাইলট গাড়ী হ’ল যিকোনো ভি ভি আই পি কনভয়ৰ সন্মুখত থকা বাহনখন, য’ত থাকে আৰক্ষীৰ লোক । যেতিয়াই কোনো ভি ভি আই পি অহা-যোৱা কৰে তেতিয়াই পাইলট গাড়ীখনে ছাইৰেণ বজাই আগে আগে যায় । ভি ভি আই পিৰ নিৰাপত্তাৰ বাবে সাধাৰণতে দুখনকৈ পাইলট গাড়ী নিয়োগ কৰা হয়, এখন সন্মুখত আৰু এখন পিছফালে । ইয়াৰ বিপৰীতে ইণ্টাৰচেপ্টৰ গাড়ীখন কনভয়ত থাকে ৰাস্তা মুকলি কৰাৰ বাবে ।

