বাৰদিনীয়া কাৰ্যসূচীৰে আৰম্ভ মা দন্তেশ্বৰীৰ আশীৰ্বাদ মেলা
লাখ লাখ লোকে এই ঐতিহাসিক মেলাত অংশগ্ৰহণ কৰে, দৈনিক হাজাৰ হাজাৰ দৰ্শনাৰ্থীক আকৰ্ষণ কৰে ।

Published : February 22, 2026 at 1:34 PM IST
দান্তেৱাড়া (ছত্তীশগড়) : শীতৰ নিহালি গুচাই আকৌ আহিছে উন্মনা ফাগুন ৷ ধূলিয়ৰী বাটেৰে ফাগুন অহাৰ খবৰ পাই বননিত সৰাপাতে জুনুকা বাজাইছে ৷
ফাগুন বুলিলেই যেন চঞ্চল হৈ পৰে মন ৷ এই ফাগুনতেই আৰম্ভ হয় ফাগুন মড়াই মেলা ৷ দেওবাৰৰ পৰা আৰম্ভ হৈছে ফাগুন মড়াই মেলা । ছত্তীশগড়ৰ বস্তৰৰ পূজনীয় দেৱী দন্তেশ্বৰী দেৱীৰ বিশেষ প্ৰাৰ্থনা অনুষ্ঠানৰ অন্তত চলিত বৰ্ষৰ মড়াই মেলা আৰম্ভ হয় । ২২ ফেব্ৰুৱাৰীৰ পৰা ৫ মাৰ্চলৈ চলিব এই মেলা ।
লাখ লাখ লোকে এই ঐতিহাসিক মেলাত অংশগ্ৰহণ কৰে, দৈনিক হাজাৰ হাজাৰ দৰ্শনাৰ্থীক আকৰ্ষণ কৰে । চলিত বৰ্ষতো মন্দিৰ চৌহদত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে । মেলাৰ প্ৰথম দিনাই দেৱীক পূজা কৰি কলাছ স্থাপন কৰা হয় । মন্দিৰ চৌহদ আৰু চহৰখনত অনুষ্ঠিত হোৱা ১২ দিনীয়া এই ধৰ্মীয় উৎসৱত প্ৰতিদিনে বিভিন্ন ধৰণৰ ঝুলনা শোভাযাত্ৰা আৰু পৰম্পৰাগত অনুষ্ঠানৰ আয়োজন কৰা হ’ব ।
১২ দিন চলি থাকিব ফাগুন মড়াই
- আজি(পঞ্চমী) উলিয়াই দিয়া হ’ব প্ৰথম পালকী ।
- ২৩ ফেব্ৰুৱাৰী(ষষ্টী) সোমবাৰে নিশা ৯ বজাৰ পৰা দ্বিতীয় পালকীৰ অধীনত খোৰখুন্দনী কাৰ্যসূচী আয়োজন কৰা হ’ব ।
- ২৪ ফেব্ৰুৱাৰী অৰ্থাৎ মঙলবাৰে(সপ্তমী/অষ্টমী) নিশা ১০ বজাৰ পৰা তৃতীয় পালকীত নাচ মাণ্ডনিৰ আয়োজন কৰা হ'ব ।
- ২৫ ফেব্ৰুৱাৰী বুধবাৰে(নৱমী) দিনৰ ১ বজাৰ পৰা চতুৰ্থ পালকীৰ অধীনত লম্হামাৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব ।
- ২৬ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে(দশমী) পঞ্চম পালকীত বিয়লি ২ বজাৰ পৰা কোড্ৰিমাৰৰ আয়োজন কৰা হ’ব ।
- ২৭ ফেব্ৰুৱাৰী শুকুৰবাৰে(একাদশী) ষষ্ঠ পালকীত বিয়লি ৩ বজাৰ পৰা চিতলমাৰ কাৰ্যসূচী অনুষ্ঠিত হ'ব ।
- ২৮ ফেব্ৰুৱাৰী শনিবাৰে(দ্বাদশী) সপ্তম পালকীৰ অধীনত আবেলি ৪ বজাৰ পৰা গণৱাৰমাৰ কাৰ্যসূচীৰ আয়োজন কৰা হ'ব ।
- ১ মাৰ্চ দেওবাৰ(ত্ৰয়োদশী), অষ্টম পালকীত নিশা ১০ বজাৰ পৰা আমৱৰমাৰ আৰু গাৰী অনুষ্ঠান অনুষ্ঠিত হ’ব ।
- ২ মাৰ্চ সোমবাৰে(চতুৰ্দশী) নিশা ১০ বজাৰ পৰা নৱম পালকীৰ সৈতে হোলিকা দহন অনুষ্ঠিত কৰা হ’ব ।
- ৩ মাৰ্চ(পূৰ্ণিমা) মঙলবাৰে পুৱা ১০ বজাৰ পৰা ৰং-ভাং আৰু পাডুকা পূজনৰ আয়োজন কৰা হ'ব ।
- ৪ মাৰ্চ, বুধবাৰ (প্ৰতিপদ) দিনৰ ২ বজাৰ পৰা মেলা মড়াই আৰম্ভ হ'ব ।
- ৫ মাৰ্চ বৃহস্পতিবাৰে পুৱা ১০ বজাত আমন্ত্ৰিত দেৱতাসকলৰ বিদায়ৰ সৈতে সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব ।
ফাগুন মড়াইৰ সময়ত দন্তেৱাড়া চহৰখনৰ চৌদিশে দেখা যাব আধ্যাত্মিক পৰিৱেশ ৷ য’ত গ্ৰামাঞ্চলৰ পৰা অহা বৃহৎ সংখ্যক ভক্ত উপস্থিত থাকিব । মন্দিৰ সমিতিৰ উদ্যোক্তাসকলে ভক্তসকলক অনুষ্ঠানটোত উপস্থিত থাকি সকলো কাৰ্যসূচী সফল কৰি তুলিবলৈ আহ্বান জনাইছে ।
লগতে পঢ়ক: এআইক বিশ্বজুৰি গণতান্ত্ৰিক, সুৰক্ষিত আৰু পৰিমাপন কৰিবলৈ নতুন দিল্লী ঘোষণাপত্ৰ গ্ৰহণ ৮৮খন দেশৰ

