১০ দিন নৌহওতেই তৃতীয়বাৰলৈ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য
পেট্ৰ’লত প্ৰতি লিটাৰত ৮৭ পইচা আৰু ডিজেলত ৯১ পইচা বৃদ্ধি ৷ পূৰ্বে ১৫ মে’ আৰু ১৯ মে’ত পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি কৰা হৈছিল ৷

By PTI
Published : May 23, 2026 at 7:28 AM IST
|Updated : May 23, 2026 at 8:02 AM IST
নতুন দিল্লী : মধ্যপ্ৰাচ্যৰ সংকট আৰু তেল আৰু গেছৰ নাটনিৰ পিছত দেশত পুনৰ বৃদ্ধি পাইছে পেট্ৰ’ল-ডিজেলৰ মূল্য ৷ বিগত ১০ দিনত পেট্ৰ’ল-ডিজেলৰ মূল্য তৃতীয়বাৰৰ বাবে বৃদ্ধি পাইছে ৷ এইবাৰ প্ৰতি লিটাৰ পেট্ৰ’লত ৮৭ পইচা আৰু প্ৰতি লিটাৰ ডিজেলত ৯১ পইচা বৃদ্ধি কৰা হৈছে ৷ ইয়াৰ লগতে দিল্লীত পেট্ৰ’লৰ মূল্য ৯৮.৬৪ টকাৰ পৰা ৯৯.৫১ টকা আৰু ডিজেলৰ মূল্য ৯১.৫৮ টকাৰ পৰা ৯২.৪৯ টকালৈ বৃদ্ধি পাইছে ৷
মে’ মাহত কিমানবাৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ নিৰিখ ?
মধ্যপ্ৰাচ্যৰ সংকট আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে পেট্ৰ’ল কোম্পানীসমূহে চৰকাৰক মূল্য বৃদ্ধিৰ বাবে অহৰহ হেঁচা প্ৰয়োগ কৰি আহিছিল ৷ ইয়াৰ পিছতে ১৫ মে’ত চাৰি বছৰৰ মূৰত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য ৷ সেইবাৰ পেট্ৰ’লত প্ৰতি লিটাৰত ৩ টকা আৰু ডিজেলত প্ৰতি লিটাৰত ৩ টকা বৃদ্ধি কৰা হয় ৷
As per sources, Diesel prices increased by 91 paise per litre and petrol by 87 paise per litre. Diesel in Delhi hiked to Rs 92.49 per litre, and Petrol hiked to Rs 99.51.
— ANI (@ANI) May 23, 2026
RSP (Retail Selling Price) of four Metro cities for 19.05.26 are as follows:
MS (petrol) prices
Delhi…
ইয়াৰ পিছত ১৯ মে’ত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ক্ৰমে ৮৭ পইচা আৰু ৯১ পইচা বৃদ্ধি কৰা হয় ৷ আজি পুনৰ বৃদ্ধি পাইছে ইন্ধনৰ মূল্য ৷ সামগ্ৰিকভাৱে যোৱা কেইদিনমানত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত প্ৰায় ৫-৫ টকাকৈ বৃদ্ধি পাইছে ৷ তেলৰ মূল্য বৃদ্ধিয়ে পুনৰবাৰ মালবাহী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যয় বৃদ্ধি কৰিব ৷
দেশৰ চাৰিখন মহানগৰত কিমান হ’ল পেট্ৰ’ল-ডিজেলৰ মূল্য ?
| ৰাজ্য | পেট্ৰ’লৰ মূল্য (প্ৰতি লিটাৰ) | ডিজেলৰ মূল্য (প্ৰতি লিটাৰ) |
| দিল্লী | ৯৯.৫১ | ৯২.৪৯ |
| মুম্বাই | ১০৮.৪৯ | ৯৫.০২ |
| কলকাতা | ১১০.৬৪ | ৯৭.০২ |
| চেন্নাই | ১০৫.৩১ | ৯৬.৯৮ |

