ভাৰতৰ জনসাধাৰণে বন্দে মাতৰমক অপমান কৰা সকলৰ চিন্তাধাৰা সলনি কৰিব : নীতিন নবীন
দিল্লীত আয়োজিত সন্ত গুৰু ৰবিদাসৰ ৬৫০ সংখ্যক জয়ন্তীত উপস্থিত নীতিন নবীন ৷ ভাষণত কংগ্ৰেছক সমালোচনা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ...

Published : August 24, 2026 at 6:51 PM IST
নতুন দিল্লী : বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবিনে সোমবাৰে বিৰোধী দলসমূহক “বিভাজনৰ মানসিকতা” লৈ কাম কৰা আৰু বন্দে মাতৰামক অপমান কৰাৰ বাবে তীব্ৰ সমালোচনা কৰে ৷ লগতে তেওঁ ভাৰতৰ জনসাধাৰণে নিজৰ মানসিকতা সলনি কৰিব বুলিও দৃঢ়তাৰে কয় ।
উল্লেখ্য যে, সোমবাৰে নতুন দিল্লীৰ টালকোটৰা ষ্টেডিয়ামত সন্ত গুৰু ৰবিদাসৰ ৬৫০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে সম্ৰাস্তা সংকল্প দিৱসৰ (Samrasta Sankalp Diwas) অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত ভাষণ দি নবিনে কয় যে ভাৰতৰ সংস্কৃতি আৰু ঐতিহ্যই বছৰ বছৰ ধৰি প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে, কিন্তু সেইবোৰ সহ্য কৰিব পৰাকৈ ইয়াৰ শিপা শক্তিশালী হৈ আছে ।
संत शिरोमणि श्री गुरु रविदास महाराज की 650वीं जयंती वर्ष के अवसर पर ‘समरसता संकल्प अभियान’ के तहत आयोजित कार्यक्रम को संबोधित कर रहा हूं। https://t.co/UoHxcu8i8l
— Nitin Nabin (@NitinNabin) August 24, 2026
"শ শ বছৰে এই দেশত মানুহে শাসন কৰিছিল, কিন্তু আমাৰ সংস্কৃতিৰ ভেঁটি উভালি পেলোৱাত ব্যৰ্থ হৈছিল । আজিও সমাজত বিভাজনৰ মানসিকতাৰে কাম কৰা কিছুমান মানুহ আছে ।" তেওঁ কয় ৷
‘‘ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ভেঁটি স্থাপন কৰা আৰু আমাৰ শ্বহীদ আৰু স্বাধীনতা সংগ্ৰামীসকলৰ বাবে দেশপ্ৰেমৰ গীতত পৰিণত হোৱা বন্দে মাতৰমক আজিও এই দেশৰ একাংশ লোকে অপমান কৰি আছে ৷’’ এই বুলিও বিজেপিৰ সভাপতিগৰাকীয়ে কয় ।
"কিন্তু মই তেওঁলোকক কওঁ : এই দেশৰ মাটিত ইমানেই শক্তি আছে যে যদি লোডী আৰু চিকন্দৰৰ দৰে মানুহৰ মন সলনি কৰিব পৰা গ'ল, তেন্তে আগন্তুক সময়ত ভাৰতৰ মাটিৰ শক্তিয়ে বন্দে মাতৰামক অপমান কৰাসকলৰ মনকো সলনি কৰিব পাৰিব । ভাৰতৰ জনসাধাৰণে তেওঁলোকৰ মানসিকতা সলনি কৰিব ।"
পূৰ্বৰ কংগ্ৰেছ চৰকাৰক তীব্ৰ সমালোচনা কৰি নবিনে কয় যে ধৰ্মীয় আৰু সামাজিক ভিত্তিত দেশৰ সম্পদ বিভাজন কৰাৰ প্ৰয়াস কৰা হৈছিল । ‘‘কিন্তু আমাৰ নেতাই কৈছিল যে দেশৰ সম্পদৰ ওপৰত প্ৰথম অধিকাৰ দুখীয়াৰ, যাৰ আশীৰ্বাদে এই চৰকাৰখনক ক্ষমতালৈ আনিছিল ।’’ তেওঁ কয় ৷ নবিনে কয় যে চৰকাৰী আঁচনিসমূহ সমাজৰ শেষৰ ব্যক্তিজনকো মনত ৰাখি আৰু জাতি, সম্প্ৰদায় বা পৰিচয়ৰ ভিত্তিত বৈষম্য নকৰাকৈ ফ্ৰেমৱৰ্ক কৰা হয় ।

