ETV Bharat / bharat

পথৰ পৰা বাগৰি দ খাৱৈত পৰিল বাছ : নিহত ২১, আহত ৬১

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে এককালীন সাহাৰ্য প্ৰদানৰ কথা ঘোষণা কৰে । ৰাষ্ট্ৰপতিja শোক প্ৰকাশ ৷

KASHMIR BUS ACCIDENT
পথৰ পৰা বাগৰি দ খাৱৈত পৰিল বাছ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 20, 2026 at 3:20 PM IST

5 Min Read
Choose ETV Bharat

উধমপুৰ (জম্মু-কাশ্মীৰ) : জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত সোমবাৰে পুৱা এখন যাত্ৰীবাহী বাছ খাৱৈত বাগৰি পৰাত কমেও ২১ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৬১ জন আহত হয় । সোমবাৰে পুৱা প্ৰায় ১০ বজাত বাছখনে ৰাম নগৰ অঞ্চলৰ কাগোৰ্ট গাঁৱৰ সমীপত কেঁকুৰি এটা ঘূৰোতেই এই দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বাছখন উধমপুৰ অভিমুখে গৈ আছিল ।

দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় লোক সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে আৰু দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ পৰা যাত্ৰীসকলক উলিয়াই আনে । ইয়াৰ পাছতেই আৰক্ষী আৰু অন্যান্য জৰুৰীকালীন দলসমূহ সেইস্থানত উপস্থিত হৈ উদ্ধাৰ অভিযানত সহযোগ কৰে আৰু হতাহত লোকসকলক উদ্ধাৰ কৰে ৷

উধমপুৰৰ অতিৰিক্ত উপ-আয়ুক্ত (এডিচি) প্ৰেম সিং চিবে জনোৱা মতে, এই দুৰ্ঘটনাত নিহতসকলৰ উপৰি ৩৩ জনকৈ লোক আহতও হৈছে ।

কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে তেওঁৰ কাৰ্যালয়ৰ পৰা এই ঘটনাক তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি আছে আৰু এক্সৰ শেহতীয়া পোষ্টত তেওঁ এই দুৰ্ঘটনাত ২১ জন লোকৰ মৃত্যু হোৱাৰ লগতে আৰু ৬১ জন আহত হোৱাৰ কথা জানিবলৈ দিয়ে ।

মন্ত্ৰীগৰাকীয়ে কয়, "ৰামনগৰ-উধমপুৰ দুৰ্ঘটনা সন্দৰ্ভত শেহতীয়া তথ্য: এতিয়ালৈকে ২১ জন লোকৰ মৃত্যু হৈছে আৰু ৬১ জন আহত হৈছে । আহতসকলক উধমপুৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে, আনহাতে গুৰুতৰভাৱে আহত এজন ব্যক্তিক জম্মুৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ বিমানযোগে প্ৰেৰণ কৰা হৈছে । নিহতসকলৰ পৰিয়াললৈ মোৰ গভীৰ সমবেদনা । সকলো সম্ভাব্য সহায় আগবঢ়োৱা হৈছে । মোৰ কাৰ্যালয়ে অহৰহ নিৰীক্ষণত ৰাখিছে ।"

অতিৰিক্ত উপ-আয়ুক্ত (এডিচি) প্ৰেম সিং চিবে কয়, "এয়া আমাৰ উধমপুৰ জিলাৰ বাবে অতি দুখজনক খবৰ । বাছখন ৰামনগৰৰ পৰা উধমপুৰলৈ গৈ আছিল । বাছখনত ছাত্ৰ-ছাত্ৰী, কৰ্মচাৰী আৰু অন্যান্য যাত্ৰী আছিল । কমেও ৩৩ জন লোক আহত হৈছে । ইয়াৰে ২০ জন ৰামনগৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । মই মাত্ৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সৈতে কথা পাতিলোঁ । তেওঁলোকে মোক জনাইছিল যে তেওঁলোকে দুজন আহত লোকক উন্নত চিকিৎসাৰ বাবে আন এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰি আছে । একেদৰে, ১৩ জন লোকক উধমপুৰৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছে আৰু তেওঁলোকক এই নিৰ্দেশনাও দিয়া হৈছে যে যদি কাৰোবাক বিশেষ চিকিৎসাৰ প্ৰয়োজন হয়, তেন্তে তেওঁলোকক তৎক্ষণাত স্থানান্তৰ কৰা হ’ব ৷"

এডিচিয়ে আৰু কয়, “তদুপৰি, সংমণ্ডল আয়ুক্ত আৰু ডিচিয়ে এইটোও নিৰ্দেশ দিছে যে যদি কোনো আঘাতপ্ৰাপ্ত লোকক নিবলৈ হেলিকপ্টাৰৰ প্ৰয়োজন হয়, তেন্তে তৎক্ষণাত উপলব্ধ কৰা হ’ব যাতে আমি আহতসকলক সম্ভৱপৰ উত্তম চিকিৎসা প্ৰদান কৰি তেওঁলোকৰ জীৱন ৰক্ষা কৰিব পাৰো ।”

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে আৰু মৃত লোকৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে ।

'এক্স'ৰ এটা পোষ্টত মুৰ্মুৱে কয়, "জম্মু-কাশ্মীৰৰ উধমপুৰ জিলাত সংঘটিত হোৱা বাছ দুৰ্ঘটনাত কেইবাজনো লোকে প্ৰাণ হেৰুওৱাৰ খবৰ পাই মই গভীৰ দুখ প্ৰকাশ কৰিছো । এই মৰ্মান্তিক ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো । আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো ।"

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও মৃতকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা এককালীন সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে এক্সত কয়, "জম্মু-কাশ্মীৰৰ উধমপুৰত সংঘটিত হোৱা বাছ দুৰ্ঘটনাত কেইবাজনো লোকে প্ৰাণ হেৰুৱাৰ কথা শুনি মই গভীৰভাৱে দুখী হৈছো । আপোনজনক হেৰুওৱাসকলৰ প্ৰতি গভীৰ সমবেদনা জনাইছো ৷ আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো । এই মৰ্মান্তিক দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিজন ব্যক্তিৰ নিকটাত্মীয়ই পিএমএনআৰএফৰ পৰা ২ লাখ টকাৰ এককালীন সাহাৰ্য লাভ কৰিব ৷ আহতসকলকো ৫০ হাজাৰ টকাৰ অনুদান প্ৰদান কৰা হ’ব ।

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা আৰু মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লায়ো এই পথ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰাৰ লগতে লগতে মৃতকৰ পৰিয়ালক সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিয়ে ।

এক্সৰ এটা পোষ্টত উপ-ৰাজ্যপালগৰাকীয়ে কয়, "উধমপুৰৰ এই মৰ্মান্তিক পথ দুৰ্ঘটনা হৃদয়বিদাৰক । শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা । ভগৱানে তেওঁলোকক শক্তি প্ৰদান কৰক । আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছো ।"

সিনহাই কয় যে তেওঁ জিলা প্ৰশাসন, আৰক্ষী, ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজি (এছডিআৰএফ) আৰু স্বাস্থ্য বিভাগক ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়াবলৈ নিৰ্দেশ দিছে ।

মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায় ।

এক্সৰ এটা পোষ্টত আব্দুল্লাই কয়, “এই দুখৰ সময়ত চৰকাৰে ভুক্তভোগী আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে দৃঢ়তাৰে থিয় দিছে আৰু তেওঁলোকক প্ৰয়োজনীয় সকলো সহায় আগবঢ়োৱা হৈছে ।”

প্ৰাক্তন মুখ্যমন্ত্ৰী তথা পিডিপিৰ সভাপতি মেহবুবা মুফতি আৰু কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়েও এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰে ।

লগতে পঢ়ক : তীব্ৰবেগী বলেৰ’ৰ খুন্দাত নিহত দুজন যুৱক, কাকপথাৰত ৰাইজৰ প্ৰতিবাদ

বিহুৰ আনন্দ-উল্লাসৰ মাজতে যোৰহাটত পথ দুৰ্ঘটনাত নিহত 2

মন্দিৰ দৰ্শন কৰিবলৈ নাপালে, আদবাটতে যমে নিলে ৮ ভক্তৰ প্ৰাণ, চিকিৎসালয়ত জীৱন-মৃত্যুৰ সৈতে যুঁজ ১২ জনৰ