পহলগাম ঘটনাত নিহত তাগে হাইলিয়াঙলৈ শ্ৰদ্ধাঞ্জলি, হাইলিয়াঙৰ প্ৰতিমূৰ্তি উন্মোচন কৰিলে তেওঁৰে পিতৃয়ে
অৰুণাচল প্ৰদেশটো তাজাং গাঁৱতো স্থানীয় ৰাইজে পহলগাম ঘটনাত নিহত লোকসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

Published : April 22, 2026 at 5:52 PM IST
ইটানগৰ : জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীৰ দ্বাৰা সংঘটিত নৃশংস কাণ্ডত নিহত লোকসকল বুধবাৰে সমগ্ৰ দেশবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিলে ৷ ২০২৫ৰ ২২ এপ্ৰিলতে পহলগামত নিৰপৰাধী ২৬ জনকৈ লোকক নৃশংসভাবে হত্যা কৰিছিল পাক-সন্ত্ৰাসবাদীয়ে ৷ বুধবাৰে পহলগাম ঘটনাৰ এটা বছৰ সম্পূৰ্ণ কৰে ৷ উল্লেখ্য যে, পহলগামত সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা সকলৰ ভিতৰত আছিল ভাৰতীয় বায়ুসেনা বাহিনীত কৰ্মৰত অৰুণাচল প্ৰদেশৰ তাগে হাইলিয়াং ৷
বুধবাৰে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাৰ তাজাং গাঁৱতো পহলগামত সন্ত্ৰাসবাদীৰ হাতত নিহতসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷ বিগত বৰ্ষত পহলগামত সন্ত্ৰাসবাদীৰ হাতত নিহত হোৱা ভাৰতীয় বায়ুসেনা বাহিনীত কৰ্মৰত কৰ্প'ৰেল তাগে হাইলিয়াঙলৈ শ্ৰদ্ধাঞ্জলি জনাই স্থানীয় লোকে ৷ লগতে তেওঁৰ সন্মানাৰ্থে এটা প্ৰতিমূৰ্তি উন্মোচন কৰে ৷ কৰ্প'ৰেল তাগে হাইলিয়াঙৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰে তেওঁৰ পিতৃ তাগে তাডেয়ে ৷
সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা নৃশংস ঘটনাক নিন্দা প্ৰকাশ কৰি তাগে তাডেয়ে কয়,"নিৰপৰাধী লোকক সন্ত্ৰাসবাদীয়ে হত্যা কৰা ঘটনা অতি নিন্দনীয় ৷ চৰকাৰে কঠোৰ ব্যৱস্থাৰে সন্ত্ৰাসবাদীক দমন কৰিব লাগে ৷ সন্ত্ৰাসবাদীয়ে কেতিয়াও শান্তি নানে ৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে সকলো নাগৰিকে মাৰবান্ধি ওলাই আহিব লাগে ৷"
উল্লেখ্য যে, জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীৰ নৃশংসতাৰ বলি হোৱা লোকসকলক স্মৰণ কৰি বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্স (X)ত কয় যে, ভাৰতে কেতিয়াও সন্ত্ৰাসবাদীৰ ওচৰত আত্মসমৰ্পণ নকৰে ৷ সন্ত্ৰাবাদৰ অভিসন্ধিবোৰ কেতিয়াও সফল হ'বলৈ দিয়া নহ'ব বুলি উল্লেখ কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে ৷ সমান্তৰালৈকে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পহলগাম ঘটনাত নিহত লোকসকল স্মৰণ কৰি এক্স (X)ত উল্লেখ কৰিছিল যে, সীমান্তৰ সিপাৰৰ পৰা চলা সন্ত্ৰাবাদৰ কাৰ্যক কোনো কাৰণত আৰু সহ্য কৰা নহ'ব ৷
লগতে তেওঁ কৈছিল, "সন্ত্ৰাসবাদীক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব ৷ জনসাধাৰণৰ মাজত শান্তি বিঘ্নিত কৰিব পৰা কাৰ্য বা আমাৰ দেশৰ সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা যিকোনো কাৰ্যক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব ৷"
লগতে পঢ়ক:ভাৰতে সন্ত্ৰাসবাদ বা সন্ত্ৰাসবাদীক কেতিয়াও সফল হ'ব নিদিয়েঃ প্ৰধানমন্ত্ৰী মোদী

