ETV Bharat / bharat

ভাৰতে সন্ত্ৰাসবাদ বা সন্ত্ৰাসবাদীক কেতিয়াও সফল হ'ব নিদিয়ে: প্ৰধানমন্ত্ৰী মোদী

পহলগামত সংঘটিত জঘন্য ঘটনাৰ বুধবাৰে এটা বছৰ সম্পূৰ্ণ হ'ল ৷ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সন্ত্ৰাসবাদীৰ সেই জঘন্য ঘটনাত নিহত লোকসকল শ্ৰদ্ধাৰে স্মৰণ কৰে ৷

Pahalgam Attack Anniversary
সন্ত্ৰাসবাদীৰ কাৰ্যক সফল হ'বলৈ দিয়া নহ'ব: প্ৰধানমন্ত্ৰী মোদী (PTI)
author img

By ETV Bharat Assamese Team

Published : April 22, 2026 at 10:43 AM IST

2 Min Read
Choose ETV Bharat

নতুন দিল্লী : বুধবাৰে পহলগাম ঘটনাৰ এটা বছৰ সম্পূৰ্ণ হ'ল ৷ সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ মিনি ছুইজালেণ্ডৰ হিচাপে খ্যাত পহলগামত নিৰপৰাধী ২৬ জনকৈ লোকক নৃশংসভাবে হত্যা কৰি যি অমানৱীয় কাণ্ড সংঘটিত কৰিলে তাৰ পাছতে ভাৰতীয় সেনাই 'অপাৰেশ্যন সেন্দূৰ'ৰ দ্বাৰা পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলাইছিল ৷

জম্মু-কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীৰ নৃশংসতাৰ বলি হোৱা লোকসকলক স্মৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্স (X)ত কয়,"পহলগামত আজিৰ দিনটোতে নিৰপৰাধী লোকক নৃশংসভাবে সন্ত্ৰাবাদীয়ে হত্যা কৰিছিল আৰু নিহতসকলৰ প্ৰতি শ্ৰদ্ধাৰে স্মৰণ কৰিছো ৷ সেই ঘটনা কেতিয়াও পাহৰি যাব নোৱাৰি ৷"

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়,"এই দুখৰ সময়ত দেশবাসী একত্ৰিত হওক আৰু সংকল্প লওক ৷ ভাৰতে কেতিয়াও সন্ত্ৰাসবাদীৰ ওচৰত আত্মসমৰ্পণ নকৰে ৷ সন্ত্ৰাবাদৰ অভিসন্ধিবোৰ কেতিয়াও সফল হ'বলৈ দিয়া নহ'ব ৷"

কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পহলগাম ঘটনাত নিহত লোকক শ্ৰদ্ধাৰে স্মৰণ কৰি এক্স(X)ত কয়,"২০২৫ চনৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত কপুৰুষভাবে সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণত প্ৰাণ হেৰুওৱা নিৰীহ লোকসকলক স্মৰণ আৰু গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছো ৷ সন্ত্ৰাসবাদীয়ে কৰা জঘন্য ঘটনাবোৰ কেতিয়াও আমি পাহৰিব নোৱাৰো ৷"

Pahalgam Attack Anniversary
পহলগামৰ বাৰ্ষিকীত চিত্ৰকৰৰ ৰোমন্থন (PTI)
Pahalgam Attack Anniversary
পহলগামত পৰ্যটক (PTI)
Pahalgam Attack Anniversary
নিৰাপত্তাৰক্ষীয়ে পহৰা দি থকা অৱস্থাৰ ফটো (PTI)

তেওঁ লগতে কয়, "দীৰ্ঘ সময় ধৰি ভাৰতে সীমান্তৰ সিপাৰৰ পৰা চলা সন্ত্ৰাবাদৰ কাৰ্যক সহ্য কৰি আছিল ৷ কিন্তু আমি এতিয়াৰ পৰা কোনো কাৰণত সহ্য নকৰি সন্ত্ৰাসবাদীক প্ৰত্যুত্তৰ দিয়া হ'ব ৷ জনসাধাৰণৰ মাজত শান্তি বিঘ্নিত কৰিব পৰা কাৰ্য বা আমাৰ দেশৰ সুৰক্ষাৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা যিকোনো কাৰ্যক উচিত প্ৰত্যুত্তৰ দিয়া হ'ব ৷"

Pahalgam Attack Anniversary
পহলগামত নিৰাপত্তাৰক্ষী (PTI)
Pahalgam Attack Anniversary
পহলগামত পৰ্যটক (PTI)

উল্লেখ্য যে, ২০২৫ ৰ ২২ এপ্ৰিলত জম্মুু-কাশ্মীৰৰ পহলগামত পাক সন্ত্ৰাসবাদীয়ে নিৰপৰাধী ২৬ গৰাকীকৈ লোকক নৃশংসভাবে হত্যা কৰিছিল ৷ সেই ঘটনাৰ প্ৰত্যুত্তৰ হিচাপে ৬ আৰু ৭ মে'ত ভাৰতীয় সেনাই অপাৰেশ্যন সেন্দূৰৰ দ্বাৰা পাকিস্তান আৰু পাক অধীকৃত কাশ্মীৰত থকা সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ কৰি উচিত প্ৰত্যুত্তৰ দিছিল ৷

লগতে পঢ়ক: পহলগাম আক্ৰমণৰ এবছৰ: এটা নৃশংস ঘটনাই সম্পূৰ্ণ সলনি কৰিলে পহলগামৰ ছবি