ETV Bharat / bharat

পশ্চিম এছিয়াৰ পৰিস্থিতি সন্দৰ্ভত চৰকাৰী বিবৃতি : ইৰাণৰ পৰা আৰ্মেনিয়ালৈ ৫৫০ জনতকৈ অধিক ভাৰতীয়ক স্থানান্তৰ

২৮ ফেব্ৰুৱাৰীৰ পৰা পশ্চিম এছিয়া আৰু উপসাগৰীয় অঞ্চলৰ পৰা প্ৰায় ২২ লাখ যাত্ৰী ভাৰতলৈ উভতি আহিছে ।

Over 550 Indians Evacuated From Iran To Armenia
সুৰক্ষিত স্থানলৈ যোৱাৰ মুহূৰ্তত একাংশ লোক (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : March 16, 2026 at 11:31 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী: পশ্চিম এছিয়াত চলি থকা সংঘাতৰ মাজতে ভাৰতে নিজ দেশবাসীৰ সুৰক্ষা নিশ্চিত কৰাৰ বাবে প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে ৷ তাৰ মাজতে ইৰাণৰ পৰা ৫৫০ জনতকৈ অধিক ভাৰতীয় নাগৰিকে স্থল সীমান্তৰে আৰ্মেনিয়া পাৰ হোৱাৰ বিপৰীতে আন প্ৰায় ৯০ জন নাগৰিকে আজাৰবাইজানত প্ৰৱেশ কৰিছে ।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত ভাষণ প্ৰদান কৰি বৈদেশিক পৰিক্রমা মন্ত্রালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে এই অঞ্চলত বাস কৰা ভাৰতীয়সকলক সেই স্থানৰ পৰা নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে ৷

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ইৰাণৰ পৰা ভাৰতীয় নাগৰিকক নিৰাপদভাৱে স্থানান্তৰ কৰাত সহায় কৰাৰ বাবে আৰ্মেনিয়া চৰকাৰ আৰু দেশখনৰ জনসাধাৰণক ধন্যবাদ জনোৱাৰ পিছত জয়ছোৱালে এই মন্তব্য কৰে ৷ টেহৰাণ, ইয়েৰেভান আৰু বাকুত থকা ভাৰতীয় দূতাবাসসমূহে স্থানীয় প্ৰশাসনৰ সৈতে মিলি ট্ৰেনজিট, থকাৰ ব্যৱস্থা আৰু বিমান সেৱাৰ ব্যৱস্থা কৰিছিল বুলি মুখপাত্ৰগৰাকীয়ে জনায় ।

বিমানসেৱাত জন্মা ব্যাঘাতৰ মাজতে টেহৰাণ, ইয়েৰেভান আৰু বাকুত ভাৰতীয়সকলক স্থানান্তৰৰ প্ৰচেষ্টা চলিছিল ৷

১১ মাৰ্চৰ পৰা নেশ্বনেল মিডিয়া চেণ্টাৰত নিয়মীয়াকৈ অনুষ্ঠিত হৈ থকা পশ্চিম এছিয়াৰ উন্নয়নৰ ওপৰত আন্তঃমন্ত্ৰালয়ৰ দৈনন্দিন প্ৰতিবেদনৰ অংশ হিচাপে এই সংবাদমেলৰ অংশ হিচাপে পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়, বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয় আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ প্ৰতিনিধিয়ে শক্তি যোগান, সামুদ্ৰিক পৰিচালনা আৰু অঞ্চলটোৰ ভাৰতীয় নাগৰিকসকলৰ কল্যাণৰ বিষয়ে তথ্যসমূহ ভাগ-বতৰা কৰে ।

বিষয়াসকলে কয় যে টেহৰাণত থকা ভাৰতীয় দূতাবাস সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ আছে আৰু বিগত কিছুদিনত ভাৰতীয় ছাত্ৰ-ছাত্ৰীক টেহৰাণৰ বাহিৰৰ স্থানৰ পৰা ইৰাণৰ ভিতৰৰ সুৰক্ষিত অঞ্চললৈ স্থানান্তৰ কৰি আহিছে । ইৰাণত ভাৰতীয় নাৱিক আৰু মাছমৰীয়া সম্প্ৰদায়ৰ লোকসকলক নিয়োগ কৰা কোম্পানীসমূহৰ সৈতেও যোগাযোগ কৰি তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰিছে চৰকাৰে ।

মন্ত্ৰালয়ে লগতে কয় যে পশ্চিম এছিয়া আৰু উপসাগৰীয় অঞ্চলৰ বিৱৰ্তনশীল পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি অব্যাহত ৰখা হৈছে ৷ ভাৰতীয় সম্প্ৰদায়ৰ সুৰক্ষা আৰু কল্যাণ চৰকাৰৰ সৰ্বোচ্চ অগ্ৰাধিকাৰ হৈয়ে আছে । ভাৰতীয় নাগৰিক আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰশ্নৰ উত্তৰ দিবলৈ মন্ত্ৰালয়ে স্থাপন কৰা এটা বিশেষ নিয়ন্ত্ৰণ কক্ষ কাৰ্যক্ষম হৈ আছে ৷ আনহাতে পূৰ্বে মুকলি কৰা ২৪×৭ হেল্পলাইন এতিয়াও সক্ৰিয় হৈ আছে ৷

মন্ত্ৰালয়ৰ তথ্য অনুসৰি, অঞ্চলটোৰ কিছু অংশত ক্ৰমান্বয়ে বিমান চলাচল পুনৰ আৰম্ভ হোৱাৰ বাবে ২৮ ফেব্ৰুৱাৰীৰ পৰা পশ্চিম এছিয়া আৰু উপসাগৰীয় অঞ্চলৰ পৰা প্ৰায় ২.২ লাখ যাত্ৰী বিমানযোগে ভাৰতলৈ উভতি আহিছে ।

সংযুক্ত আৰব আমিৰশ্বাহীত সোমবাৰৰ পৰা পূৰ্বে সাময়িকভাৱে স্থগিত ৰখাৰ পিছত ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা বিমান সেৱা আৰম্ভ হয় । ভাৰত আৰু ইউ এ ইৰ সীমিত বিমান সেৱাও আবুধাবি, ৰাছ আল খাইমা আৰু ফুজাইৰাৰ পৰা চলি আছে ৷ সোমবাৰে ভাৰতলৈ ৪৫ খনতকৈও অধিক বিমানে সেৱা আগবঢ়ায় ।

ছৌদি আৰব আৰু ওমানৰ বিমানবন্দৰৰ পৰাও বিমান সেৱা চলি থকাৰ বিপৰীতে কাটাৰে নিজৰ আকাশমাৰ্গ আংশিকভাৱে মুকলি কৰিছে ৷ পৰৱৰ্তী দুদিনত কাটাৰ এয়াৰৱেজে ভাৰতলৈ তিনিখন বিমান চলাচল কৰাৰ সম্ভাৱনা আছে ।

অৱশ্যে ২৮ ফেব্ৰুৱাৰীৰ পৰা কুৱেইটৰ আকাশমাৰ্গ বন্ধ হৈ আছে । আল কাইছুমা আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা জাজিৰা এয়াৰৱেজৰ বিশেষ বাণিজ্যিক বিমান ভাৰতলৈ যাত্ৰা কৰাৰ সম্ভাৱনা আছে । বাহৰেইন আৰু ইৰাকত থকা ভাৰতীয় নাগৰিকসকলৰ বাবে য’ত আকাশমাৰ্গ বন্ধ হৈ আছে, ছৌদি আৰৱৰ মাজেৰে চলাচলৰ সুবিধা প্ৰদান কৰা হৈছে ।

মন্ত্ৰালয়ে লগতে নিশ্চিত কৰিছে যে ১৩ মাৰ্চত সোহৰত সংঘটিত আক্ৰমণত নিহত হোৱা দুজন ভাৰতীয় নাগৰিকৰ পৰিয়ালক মাস্কাটত থকা ভাৰতৰ দূতাবাসে সহায় কৰি আছে । অতি সোনকালে মৃতদেহ ঘূৰাই অনাৰ সম্ভাৱনা আছে ৷ আনহাতে আহত ভাৰতীয় নাগৰিকৰ স্বাস্থ্যৰ ওপৰত নজৰ ৰখা হৈছে ৷

ইফালে, বছৰাত থকা ভাৰতীয় মিছনে ছেফেচিয়া বিষ্ণু জাহাজখনৰ ১৫ জন ভাৰতীয় ক্ৰু মেম্বাৰক সহায় কৰি আছে, যিসকলক নিৰাপদে স্থানান্তৰ কৰি বাছৰাৰ এখন হোটেলত ৰখা হৈছে ৷

লগতে পঢ়ক: ইৰাণ-ইজৰাইল-আমেৰিকাৰ সংঘাত : লেবাননত হিজবুল্লাহৰ বিৰুদ্ধে স্থল আক্ৰমণৰ ঘোষণা ইজৰাইলৰ