ETV Bharat / bharat

চিবিএছইৰ মূল্যায়ন ব্যৱস্থা শক্তিশালী আৰু সুৰক্ষিত: শিক্ষামন্ত্ৰী প্ৰধানৰ আশ্বাস

দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ মূল্যায়নত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ নস্যাৎ কৰি দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বিষয়টোক ৰাজনীতিকৰণ নকৰিবলৈ আহ্বান জনায় ৷

CBSE OSM Controversy
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান (File/PTI)
author img

By ETV Bharat Assamese Team

Published : May 28, 2026 at 6:36 PM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী: কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডৰ অন-স্ক্ৰীণ মাৰ্কিং(OSM) ব্যৱস্থাক লৈ চলি আছে বিতৰ্ক ৷ এই বিতৰ্ক সন্দৰ্ভত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বৃহস্পতিবাৰে কয় যে ছাত্ৰ-ছাত্ৰীৰ যিকোনো অসুবিধাৰ বাবে চৰকাৰে দায়িত্ব গ্ৰহণ কৰিব । ব’ৰ্ডে লগতে দৃঢ়তাৰে কয় যে ডিজিটেল মূল্যায়ন মঞ্চ নিৰাপদ আৰু শক্তিশালী আৰু ব্যৱস্থাটোত কোনো ত্ৰুটি বা দুৰ্বলতা নাই ।

দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ মূল্যায়নত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰী আৰু বিৰোধী নেতাসকলে দেখুওৱা উদ্বেগক নস্যাৎ কৰি দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে বিষয়টোক ৰাজনীতিকৰণ নকৰিবলৈ আহ্বান জনায় ৷ তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকলে যাতে অতিৰিক্ত মানসিক চাপৰ সন্মুখীন নহয়, তাৰ প্ৰতি লক্ষ্য ৰখা উচিত ।

চিবিএছইৰ মূল্যায়ন প্ৰক্ৰিয়া সন্দৰ্ভত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও অভিযোগ উত্থাপন কৰিছিল ৷ এই অভিযোগ খণ্ডন কৰি প্ৰধানে কয়, ‘‘চৰকাৰে সৃষ্টি কৰা যিকোনো অসুবিধাৰ বাবে মই দায়িত্ব ল’ম ৷ সকলোকে অনুৰোধ কৰিছো যে এয়া ৰাজনীতিৰ সময় নহয় ।’’

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে চিবিএছইয়ে ইতিমধ্যে এই বিষয়ত স্পষ্টীকৰণ প্ৰকাশ কৰিছে ৷ ব’ৰ্ডখনে ডিজিটেল মূল্যায়ন প্ৰক্ৰিয়াৰ সৈতে জড়িত চুক্তিখন ভাৰত চৰকাৰৰ ক্ৰয় নীতি অনুসৰি প্ৰদান কৰা হৈছিল বুলি সামাজিক মাধ্যমত স্পষ্ট কৰিছে । শিক্ষামন্ত্ৰীগৰাকীয়ে কোনোধৰণৰ অনিয়মৰ সম্ভেদ পালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰো আশ্বাস দিয়ে ।

মন্ত্ৰী প্ৰধানে কয়, ‘‘এই সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল এই ছাত্ৰ-ছাত্ৰী আৰু পৰীক্ষাৰ্থীসকলৰ মানসিক চাপ হ্ৰাস কৰাটো । আমি সকলোকে আহ্বান জনাইছো যে কাৰো কথা বা আচৰণৰ বাবে তেওঁলোকৰ মানসিক চাপ আৰু বৃদ্ধি কৰা নহ'ব ।’’

ইফালে, চিবিএছইয়ে স্পষ্ট কৰি দিছে যে এই প্লেটফৰ্ম তালিকাভুক্ত সুৰক্ষা অ’ডিটৰ জৰিয়তে পৰীক্ষা আৰু প্ৰমাণীকৰণ কৰা হৈছে ৷ তদুপৰি ইয়াক শক্তিশালী ডিজিটেল আন্তঃগাঁথনিৰ দ্বাৰা সমৰ্থন জনোৱা হৈছে, যিয়ে উত্তৰবহীৰ সুৰক্ষিত স্কেনিং আৰু প্ৰক্ৰিয়াকৰণৰ বাবে একাধিক গুণগত পৰীক্ষা আৰু সুৰক্ষা ব্যৱস্থা অন্তৰ্ভুক্ত কৰে । ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰি ব’ৰ্ডে কয় যে দশম শ্ৰেণীৰ উত্তৰবহীসমূহ সুৰক্ষিত আৰু ইয়াক একাধিক গুণগত নিয়ন্ত্ৰণ ব্যৱস্থাৰ জৰিয়তে প্ৰক্ৰিয়াকৰণ কৰা হয় ।

চলিত বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ ব’ৰ্ড পৰীক্ষাৰ উত্তৰবহীৰ ডিজিটেল মূল্যায়নৰ সৈতে জড়িত চুক্তিখন এটা প্ৰতিষ্ঠানক প্ৰদান কৰাৰ লগতে সামাজিক মাধ্যমত তেওঁলোকৰ অ’এছএম ব্যৱস্থাত বেমেজালি সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন কৰাৰ সময়তে এই বিবৃতিটো প্ৰকাশ পায় ।

বুধবাৰে ব’ৰ্ডে ক’মপ্ট এডুটেকক চুক্তি প্ৰদানৰ সন্দৰ্ভত উত্থাপিত অভিযোগ নস্যাৎ কৰি কোনোধৰণৰ ভুল, বিভ্ৰান্তিকৰ আৰু ভিত্তিহীন বাতৰিত বিশ্বাস নকৰাৰ আহ্বান জনায় ৷ ব’ৰ্ডে কয় যে স্বাভাৱিক বিত্তীয় নিয়মৰ অধীনত যথাযথ প্ৰক্ৰিয়াৰ পিছত চুক্তিখন প্ৰদান কৰা হৈছে ।

তাৎপৰ্যপূৰ্ণভাৱে দ্বাদশ শ্ৰেণীৰ কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীয়ে নম্বৰৰ অমিল আৰু ব’ৰ্ডে আপলোড কৰা স্কেন কৰা উত্তৰবহীৰ মাজত মিল নথকাৰ অভিযোগ উত্থাপন কৰিছিল ৷ তেওঁলোকে ব’ৰ্ডৰ অ’এছএম ব্যৱস্থাক লৈও সন্দেহ প্ৰকাশ কৰিছিল ৷

ইয়াৰ পিছতে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে সমগ্ৰ কেলেংকাৰীৰ আঁৰৰ সত্য উন্মোচন কৰিবলৈ স্বতন্ত্ৰ ন্যায়িক তদন্তৰ লগতে বিশেষ তদন্তকাৰী দল(এছআইটি) গঠনৰ দাবী জনায় ৷ কংগ্ৰেছ সাংসদগৰাকীয়ে অভিযোগ কৰে যে তেলেংগানাৰ সন্দেহজনক অতীত থকা এটা প্ৰতিষ্ঠানক ব’ৰ্ডে এই চুক্তি প্ৰদান কৰিছিল ।

ৰাহুল গান্ধীয়ে কয় যে চিবিএছইৰ ছাত্ৰ-ছাত্ৰী আৰু তেওঁলোকৰ অভিভাৱকসকল এই কাণ্ডত স্তম্ভিত হৈ পৰিছে ৷ তাৰপিছতো কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নীৰৱ ভূমিকা অৱলম্বন কৰিছে ৷ সামাজিক মাধ্যমৰ একাউণ্টৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি গান্ধীয়ে কয় যে দ্বাদশ শ্ৰেণীৰ চিবিএছই পৰীক্ষাক লৈ বিশ্বাস কৰিব নোৱাৰা কিছু অনিয়ম সংঘটিত হৈছে ৷

লোকসভাত বিৰোধী দলপতিগৰাকীয়ে কয়, ‘‘এই পৰীক্ষাৰ বাবে অন স্ক্ৰীন মাৰ্কিং চমুকৈ OSM কৰা কোম্পানীটো হৈছে Coempt, যাক প্ৰথমে গ্ল'বাৰেনা নামেৰে নামাকৰণ কৰা হৈছিল । পূৰ্বেও তেলেংগানাত দুবাৰকৈ ২০১৯ চনত এবাৰ তেলেংগানা ব'ৰ্ড পৰীক্ষাত আৰু তাৰপিছত ২০২৩ চনত পুনৰ তেলেংগানাত এই কেলেংকাৰী সংঘটিত হৈছিল । OSM ত হোৱা ভুলৰ বাবে ২৩ জন যুৱকে তেলেংগানাত চৰম পন্থা গ্ৰহণ কৰিছিল ৷’’

লগতে পঢ়ক: বিজেপিয়ে সলালে চাৰি ৰাজ্যৰ সভাপতি: দিল্লীৰ দায়িত্ব মালহোত্ৰাক