অপাৰেশ্বন সেন্দূৰৰ বৰ্ষপূৰ্তি: অধিক শক্তিশালী আকাশী-চাইবাৰ যুদ্ধৰ প্ৰয়োজনীয়তাৰ দাবী বিশেষজ্ঞৰ
এই অভিযানত অতি নিখুঁতভাৱে ভাৰতীয় সৈন্যই উন্নত সামৰিক ক্ষমতা প্ৰদৰ্শন কৰি ড্ৰোণৰ সহায়ত পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলাইছিল ৷

Published : May 6, 2026 at 7:18 PM IST
নতুন দিল্লী: যোৱা ২২ এপ্ৰিলত পহলগামত পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদীয়ে চলোৱা বৰ্বৰ আক্ৰমণৰ এবছৰ সম্পূৰ্ণ হয় ৷ সন্ত্ৰাসবাদীক নিজৰ ভাষাতে প্ৰত্যুত্তৰ দিবলৈ ভাৰত চৰকাৰে আৰম্ভ কৰিছিল ‘অপাৰেশ্বন সেন্দূৰ’ ৷ যোৱা বছৰৰ ৬ মে’ৰ মাজনিশা আৰম্ভ হোৱা অপাৰেশ্বন সেন্দূৰেও পাৰ কৰিলে এবছৰীয়া পৰিক্ৰমা ৷ পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিশোধ হিচাপে ভাৰত চৰকাৰে চলোৱা অপাৰেশ্বন সেন্দূৰে পাকিস্তানৰ সন্ত্ৰাসবাদী আন্তঃগাঁথনি ধ্বংস কৰিছিল ৷
এই অভিযানত পাকিস্তানৰ ভূমিত থকা সন্ত্ৰাসবাদীৰ কেইবাটাও শিবিৰ ধ্বংস হৈছিল ৷ লগতে বহুসংখ্যক সন্ত্ৰাসবাদীৰো মৃত্যু ঘটিছিল ৷ অতি নিখুঁতভাৱে ভাৰতীয় সৈন্যই উন্নত সামৰিক ক্ষমতা প্ৰদৰ্শন কৰি ড্ৰোণৰ সহায়ত পাকিস্তানৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলাইছিল ৷
#PahalgamTerrorAttack
— ADG PI - INDIAN ARMY (@adgpi) May 6, 2025
Justice is Served.
Jai Hind! pic.twitter.com/Aruatj6OfA
এবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে বিশেষজ্ঞসকলে অপাৰেশ্বন সেন্দূৰ সম্পৰ্কত বহু অভিমত ব্যক্ত কৰিছে ৷ বিশেষজ্ঞসকলৰ মতে, এই অভিযানে সন্ত্ৰাসবাদমূলক কাৰ্যৰ বিপৰীতে ভাৰতৰ প্ৰত্যুত্তৰৰ ক্ষেত্ৰত স্থিতি পুনৰ দৃঢ় কৰাই নহয়, বায়ুশক্তিৰ যৌথ আৰু সমন্বিত ব্যৱহাৰ, ড্ৰোণ প্ৰযুক্তি শক্তিশালী কৰা আৰু এক শক্তিশালী যোগাযোগ ব্যৱস্থা গঢ়ি তোলাকে ধৰি বহু গুৰুত্বপূৰ্ণ সামৰিক শিক্ষাও প্ৰদান কৰিছিল ।
এনেধৰণৰ সামৰিক অভিযান ভৱিষ্যতে কেৱল আকাশমাৰ্গতে নহয়, চাইবাৰ আৰু জ্ঞানৰ ক্ষেত্ৰখনতো সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছিল বিশেষজ্ঞসকলে ৷ তদুপৰি প্ৰতিৰক্ষা আৰু কৌশলগত বিষয়ৰ সম্পৰ্কত কেইবাগৰাকীও বিশেষজ্ঞই একমতত উপনীত হৈছিল ৷
বাস্তৱিক ক্ষেত্ৰখনত চালে দেখা যায় যে, সঁচাকৈয়ে ভাৰতীয় সেনাই প্ৰায় চাৰিদিনীয়া এই সংঘাতৰ সময়ত দেশৰ পশ্চিম সীমান্তৰ সিপাৰে লেহৰ সমীপত বহুকেইবাৰ শত্ৰুপক্ষৰ ড্ৰোণ আক্ৰমণৰ সন্মুখীন হৈছিল ৷ সেনা আৰু জনসাধাৰণৰ মনোবল হ্ৰাস কৰিব পৰা বহু ধৰণৰ উৰাবাতৰিৰ বিৰুদ্ধেও ভাৰতীয় সেনাই যুঁজ দিবলগীয়া হৈছিল ৷

যিকোনো সংঘাতৰ ফলাফল নিৰ্ণয় কৰাত বায়ুশক্তিৰ গুৰুত্ব স্বীকাৰ কৰে বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত কমাণ্ডাৰ গৌৰৱ এম ত্ৰিপাঠীয়ে ৷ তদুপৰি এই অভিযানত মূল ভূমিকা গ্ৰহণ কৰা ত্ৰিপাঠীয়ে ভৱিষ্যতৰ যিকোনো পৰিস্থিতিতে তিনিওটা সেৱাৰ সন্মিলিত ‘যৌথ বায়ুশক্তি’ক সহায় কৰি শত্ৰুৰ বিৰুদ্ধে একেলগে কাম কৰাৰ বিষয়টোত গুৰুত্ব আৰোপ কৰে ৷
ত্ৰিপাঠীয়ে কয়, ‘‘অপাৰেশ্বন সেন্দূৰৰ সময়ত আমি পাকিস্তানে প্ৰেৰণ কৰা অধিকাংশ ড্ৰোণ প্ৰত্যক্ষ কৰিছিলো ৷ অৱশ্যে ইয়াৰে অধিকাংশই নিৰাপদ আছিল ৷ ভৱিষ্যতে ভাৰতীয় সেনাৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলা-বাৰুদক লক্ষ্য কৰি শত্ৰুপক্ষই ড্ৰোণ আক্ৰমণ চলাব পাৰে ৷’’

বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত কমাণ্ডাৰ ত্ৰিপাঠীয়ে পিটিআইক কয়, ‘‘শত্ৰু কিন্তু অধিক চতুৰ । পৰৱৰ্তী সময়ত তেওঁলোকে আৰু অধিক উন্নত মানদণ্ডৰ ড্ৰোণ পঠিয়াব ৷ যিবোৰ হয়তো ধ্বংস কৰাটো অধিক কঠিন হ’ব পাৰে... সেইবোৰৰ জিপিএছৰ প্ৰয়োজন নহ’বও পাৰে আৰু তাত ইলেক্ট্ৰ’-অপ্টিকেল হোমিং ডিভাইচো থাকিব পাৰে । সেইবোৰে একেলগে কাম কৰাৰ সম্ভাৱনা আছে ৷’’
বিগত বৰ্ষৰ আগষ্ট মাহত কৰ্মজীৱনৰ সামৰণিৰ পূৰ্বেই অৱসৰ গ্ৰহণ কৰা ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বিষয়াগৰাকীয়ে বিভিন্ন ধৰণৰ যুদ্ধ বিমান উৰুৱাইছিল ৷ লগতে তেওঁ Hawk Mk 132 স্কোৱাড্ৰণ পৰিচালনা কৰাৰ লগতে যুদ্ধ বিমানঘাটিৰ মুখ্য অপাৰেশ্বন অফিচাৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ।

এই অভিযানৰ পৰা লাভ কৰা অভিজ্ঞতাৰ ভিত্তিত ত্ৰিপাঠীয়ে কয় যে ভাৰতীয় বায়ুসেনাত ইতিমধ্যে শত্ৰুপক্ষৰ ড্ৰোণ প্ৰতিৰোধী ক্ষমতাত কিছু বিনিয়োগ কৰা হৈছে ৷ অৱশ্যে ড্ৰোণ প্ৰতিৰোধী ক্ষমতা অধিক শক্তিশালী কৰিব লাগিলে গুৰুত্বপূৰ্ণ সকলো দিশেই সামৰি ল’ব লাগিব ৷
ভাৰতৰ আকাশ সুৰক্ষিত কৰি শত্ৰুপক্ষক শক্তিশালীভাৱে আঘাত হনাৰ ক্ষেত্ৰত এছ-৪০০ আৰু আকাশ অস্ত্ৰ ব্যৱস্থা, ব্ৰহ্মছ আৰু অন্যান্য ক্ষেপণাস্ত্ৰৰ উচ্চ প্ৰশংসা কৰে ভাৰতীয় বায়ুসেনাৰ বিমান পৰিচালনাৰ দায়িত্ববাহী প্ৰাক্তন বিষয়াগৰাকীয়ে ৷ যাৰ জৰিয়তে ভাৰতীয় যুঁজাৰু বিমানেও যুদ্ধক্ষেত্ৰত নিজৰ ভূমিকা পালন কৰিবলৈ সক্ষম হয় ।
বিগত বৰ্ষত অপাৰেশ্বন সেন্দূৰৰ দৰে অভিযানৰ অংশ হোৱাৰ পিছত নিজৰ অভিজ্ঞতা ৰাজহুৱা কৰে ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন বিষয়াগৰাকীয়ে ৷ তেওঁ কয়, ‘‘হয়তো এই অভিযানত প্ৰথমবাৰৰ বাবে যি কৰা হৈছিল, মই ভাবো ই ভাৰতীয় বায়ুসেনাৰ অভিযানৰ ধাৰণাটোৰ অংশ হ’ব ৷ সেয়া হৈছে দীৰ্ঘদূৰত্বৰ পৃষ্ঠৰ পৰা বায়ুলৈ ক্ষেপণাস্ত্ৰৰ আক্ৰমণাত্মক ব্যৱহাৰ ৷’’

এই অভিযানৰ পৰা লাভ কৰা আন এক শিক্ষা হ’ল আকাশী অভিযানৰ পৰিসৰ ক্ষীপ্ৰ আৰু সম্পূৰ্ণ কৰা ৷ যিটো ভাৰতীয় বায়ুসেনাই ইয়াৰ পৰা লাভ কৰিব বুলি সামৰিক বিশেষজ্ঞসকলে মতপোষণ কৰে ৷
প্ৰাক্তন সেনা বিষয়া লেফটেনেণ্ট জেনেৰেল দুষ্যন্ত সিঙে কয়, ‘‘অপাৰেশ্বন সেন্দূৰে ভাৰতৰ সন্ত্ৰাসবাদ বিৰোধী স্থিতিৰ পৰিসৰ অধিক দৃঢ় কৰাৰ লগতে শত্ৰুৰ পাৰমাণৱিক ভাবুকিৰ সন্মুখীন হ’বলৈ নতুন দিল্লী সাজু বুলি প্ৰমাণ কৰিছে ।
সংবাদ সংস্থা পিটিআইৰ আগত সিঙে কয়, ‘‘অপাৰেশ্বন সেন্দূৰৰ পৰা লাভ কৰা এটা মূল সামৰিক শিক্ষা হ'ল আমি কৌশলগত সংযমৰ পৰা কৌশলগত সক্ৰিয়তালৈ গতি কৰিছো । পৰৱৰ্তী সময়ত যদি এনে কোনো আক্ৰমণ সংঘটিত হয়, তেন্তে অতি কম সময়ৰ ভিতৰতে আমি সঁহাৰি জনাবলৈ সাজু হ’ব পাৰিম ।’’

দিল্লীস্থিত থিংক টেংক চেণ্টাৰ ফৰ লেণ্ড ৱাৰফেয়াৰ ষ্টাডিজ(চিএলডব্লিউএছ)ৰ সঞ্চালকপ্ৰধান হিচাপে কৰ্মৰত অৱসৰপ্ৰাপ্ত সেনা বিষয়াগৰাকীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে ‘‘প্ৰতিক্ৰিয়াৰ গতি, গভীৰতা আৰু সঁহাৰিৰ স্তৰ বৃদ্ধি পাইছে’’ আৰু ইয়াৰ বাবে সামৰিক প্ৰস্তুতিৰ প্ৰয়োজন ।
পহলগামৰ সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণৰ পিছত ভাৰতে প্ৰত্যুত্তৰ হিচাপে অপাৰেশ্বন সেন্দূৰ আৰম্ভ কৰিছিল ৷ ইয়াৰ দ্বাৰা ভাৰতে পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰৰ কেইবাটাও স্থানত থকা সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণ চলাইছিল ৷
এই সামৰিক অভিযান আৰম্ভ কৰাৰ পিছত ৭ মে’ৰ মাজনিশা ১.৫১ বজাত এক্সত ভাৰতীয় সেনাই ‘‘#PhalgamTerrorAttack Justice is Served জয় হিন্দ !’’ বুলি এটা পোষ্ট কৰিছিল ৷

পাছলৈ পাকিস্তানেও ভাৰতৰ বিৰুদ্ধে আক্রমণ আৰম্ভ কৰে ৷ তাৰপাছত ভাৰতে অপাৰেশ্বন সেন্দূৰৰ অধীনত পাকিস্তানৰ বিৰুদ্ধে আক্ৰমণ অব্যাহত ৰাখে ৷প্ৰায় ৮৮ ঘণ্টা ধৰি দুয়োখন চিৰবৈৰী দেশৰ মাজত চলা সামৰিক সংঘাতৰ ১০ মে’ৰ সন্ধিয়া সামৰণি পৰে ৷
পহলগাম আক্ৰমণৰ প্ৰথম বৰ্ষপূৰ্তিত ভাৰতীয় সেনাই এক্সত এটা পোষ্ট শ্বেয়াৰ কৰে ৷ এখন ডিজিটেল পোষ্টাৰত বৃহৎ ৰঙা বৃত্ত চিত্ৰিত কৰা আছিল, য’ত লিখা আছিল ‘‘OPERATION SINDOOR CONTINUES...।’’
কাৰ্নেগী ইণ্ডিয়াৰ নিৰাপত্তা অধ্যয়ন শীৰ্ষক কাৰ্যসূচীৰ গৱেষক দিননাকৰ পেৰীয়ে ‘‘অপাৰেশ্বন সেন্দূৰ ভাৰত আৰু উপ-মহাদেশখনৰ মাজৰ এক টাৰ্ণিং পইণ্ট আছিল ৷ যিদৰে ই সামৰিক সীমা স্থাপন কৰাৰ লগতে ভাৰত-পাকিস্তানৰ মাজত বৈষম্যতাক পোহৰলৈ আনিছিল’’ বুলি ক’ব খোজে ৷

পেৰীয়ে লগতে কয়, ‘‘অৱশ্যে ইয়াৰ দ্বাৰা ভাৰতে আগন্তুক যিকোনো সময়তে হ’ব পৰা সংঘাত বা আক্ৰমণত নিজৰ শ্ৰেষ্ঠত্ব বজাই ৰাখিবলৈ কেইবাটাও শিক্ষাও লাভ কৰে । পাকিস্তান আৰু চীনেও ভাৰতীয় সেনাৰ সামৰ্থ আৰু সীমাবদ্ধতাৰ কথা ভালদৰেই জানে । পৰৱৰ্তী সংঘাত বা অপাৰেশ্বন সেন্দূৰ ২.০ পূৰ্বৰ সংঘাতৰ দৰে নহ'ব ।’’
এই অভিযানৰ কিছুদিন পিছতে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে কেইবাটাও জৰুৰীকালীন অস্ত্ৰ-শস্ত্ৰ ক্ৰয়ত অনুমোদন জনায় ৷
লগতে পঢ়ক: দুটাকৈ বিস্ফোৰণত পঞ্জাবত হাই এলাৰ্ট: সেনা ছাউনি, বিএছএফৰ মুখ্য কাৰ্যালয়ৰ ওচৰত বিস্ফোৰণ

