ETV Bharat / bharat

কেউফালে মূল্যবৃদ্ধি, কিন্তু বৃদ্ধি হোৱা নাই দৰমহা : ভাৰতৰ মাত্ৰ ২৯ শতাংশ চাকৰিয়ালহে সন্তুষ্ট নিজৰ উপাৰ্জনক লৈ

জীৱন ধাৰণৰ মান সলনি, সামগ্ৰীৰ বৰ্ধিত মূল্য আদিয়ে জীৱন বিপৰ্যস্ত কৰি তুলিছে যদিও অধিকাংশ মানুহৰেই আয় বৃদ্ধি হোৱা নাই ৷

PAY LEVELS OF INDIAN EMPLOYEES
ভাৰতৰ মাত্ৰ ২৯ শতাংশ চাকৰিয়ালহে সন্তুষ্ট নিজৰ উপাৰ্জনক লৈ (প্ৰতিনিধিত্বমূলক ছবি) (IANS)
author img

By ANI

Published : May 28, 2026 at 10:58 AM IST

4 Min Read
Choose ETV Bharat

নতুন দিল্লী: সমগ্ৰ বিশ্বত এতিয়া এক অস্থিৰতাই গ্ৰাস কৰিছে ৷ কৰ’বাত যুদ্ধ, কৰ’বাত আভ্যন্তৰীণ সংঘাত, সামগ্ৰীৰ মূল্যবৃদ্ধি আদিয়ে সাধাৰণ মানুহৰ জীৱন যাপনৰ ধৰণ সলনি কৰিছে ৷ বহুতেই নিজৰ উপাৰ্জিত ধনেৰে পৰিয়াল চলাব নোৱাৰি জোৰা-টাপলি মাৰিবলগীয়াও হৈছে ৷ আজিৰ দুনিয়াত বাহিৰে মানুহবোৰ সুখী যদিও ভিতৰি যেন ভীষণ অসুখী হৈ পৰিছে ৷ এয়া আমাৰ কথা নহয়, বিভিন্ন জনে নিজৰ মনৰ ভিতৰত চলি থকা যুদ্ধখনৰ বিষয়ে আকাৰে ইংগিতে বিভিন্ন মাধ্যমত প্ৰকাশ কৰা দেখা গৈছে ৷

জীৱন ধাৰণৰ মান সলনি, সামগ্ৰীৰ বৰ্ধিত মূল্য আদিয়ে জীৱন বিপৰ্যস্ত কৰি তুলিছে যদিও অধিকাংশ মানুহৰেই আয় বৃদ্ধি হোৱা নাই ৷ বৰ্তমান যি পৰিমাণৰ ধন আপুনি উপাৰ্জন কৰে, সেয়াৰে জীৱন চলাবলৈ আপুনি সক্ষম নে বাৰু ? সেই দৰমহা বা উপাৰ্জনক লৈ আপুনি বাৰু সন্তুষ্টনে?

এছ’চিয়েচন অৱ চাৰ্টাৰ্ড চাৰ্টিফাইড একাউণ্টেণ্টছ নামৰ এটা সংস্থাৰ এক গৱেষণাত দেখা গৈছে যে, ভাৰতৰ মাত্ৰ ২৯ শতাংশ চাকৰিয়ালহে নিজৰ বৰ্তমানৰ দৰমহাৰ স্তৰক লৈ সুখী ৷ বাকী সৰহ অংশই অহা ১২ মাহৰ ভিতৰত চাকৰি সলনি কৰি অধিক দৰমহা লাভ কৰা এটি চাকৰি বিচৰাৰ আশা পুহি ৰাখিছে ৷ এই গৱেষণাৰ প্ৰতিবেদন অনুসৰি ২০২৬ চনতো জীৱন-যাপনৰ ব্যয় বিশ্বজুৰি কৰ্ম সম্পৰ্কীয় অন্যতম শীৰ্ষ চিন্তাৰ বিষয় হৈয়েই আছে আৰু আধুনিক প্ৰযুক্তিয়ে চাকৰিৰ ঠাই লোৱাৰ আশংকাৰ পিছত ভাৰতীয় কৰ্মচাৰীসকলৰ মাজত দ্বিতীয় বৃহত্তম চিন্তাৰ বিষয় হৈ পৰিছে সংস্থাপনৰ সুৰক্ষা আৰু নিশ্চয়তা ।

প্ৰতিবেদন অনুসৰি ভাৰতৰ ৮১ শতাংশ লোকে অহা ১২ মাহত নিজৰ নিয়োগকৰ্তাৰ পৰা বৰ্ধিত দৰমহা বিচৰাৰ পৰিকল্পনা কৰিছে । প্ৰতিবেদনত কোৱা হৈছে, ‘‘বিশ্ব আৰু ভাৰত উভয়তে ২০২৫ চনৰ পৰা দৰমহা বৃদ্ধি বিচৰা কৰ্মচাৰীৰ অনুপাত বৃদ্ধি পাইছে ৷ ভাৰতৰ ৮১ শতাংশ কৰ্মচাৰীয়ে অহা ১২ মাহত নিজৰ নিয়োগকৰ্তাৰ পৰা বৰ্ধিত দৰমহা বাবে বিচৰাৰ পৰিকল্পনা কৰিছে, যিটো ২০২৫ চনৰ ৬৭ শতাংশ আৰু ২০২৬ চনৰ বিশ্ব গড় (৬২ শতাংশ)তকৈ অধিক ।’’

এই তথ্যই নিয়োগকৰ্তাসকলৰ ওপৰত বৃদ্ধি পোৱা হেঁচা প্ৰতিফলিত কৰে ৷ কাৰণ মুদ্ৰাস্ফীতি আৰু জীৱন-যাপনৰ বৰ্ধিত খৰচে সমগ্ৰ দেশতে পৰিয়ালৰ বাজেটত প্ৰভাৱ পেলাইছে । সমীক্ষাৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ভাৰতীয় উত্তৰদাতাসকলৰ মাত্ৰ ২৯ শতাংশইহে তেওঁলোকৰ বৰ্তমানৰ দৰমহাৰ স্তৰত সন্তুষ্ট বুলি কয়, যিটো বিশ্বৰ গড় ৩৬ শতাংশ ।

বিভিন্ন বয়সৰ গোটৰ ভিতৰত মিলেনিয়েলসকলে দৰমহা বৃদ্ধি বিচৰাৰ আটাইতকৈ শক্তিশালী উদ্দেশ্য দেখুৱাইছিল, ৯০ শতাংশই অহা বছৰৰ ভিতৰত দৰমহা বৃদ্ধিৰ বাবে দাবী কৰা বা অন্য আধিক দৰহমহাৰ চাকৰি বিচৰাৰ পৰিকল্পনা কৰিছে । ৭৭ শতাংশ জেন-জি আৰু ৭৫ শতাংশৰ জেন-এক্স তুলনাত এই পৰিমাণ অধিক ।

প্ৰতিবেদনত এই কথাও আলোকপাত কৰা হৈছে যে ভাৰতীয় কৰ্মচাৰীৰ মাজত দৰমহাৰ আশা বিশ্বৰ গড়তকৈ যথেষ্ট বেছি । প্ৰায় ৬৮ শতাংশ ভাৰতীয় উত্তৰদাতাই ১০ শতাংশতকৈ অধিক দৰমহা বৃদ্ধিৰ আশা কৰিছে, যিটো বিশ্বজুৰি ৩৭ শতাংশ । ১০ শতাংশৰ ওপৰত বৃদ্ধিৰ আশা কৰা কৰ্মচাৰীসকলৰ ভিতৰত জেন-এক্সৰ কৰ্মচাৰীৰ সংখ্য়া সৰ্বাধিক ৭৬ শতাংশ ৷ তাৰ পিছতে ৬০ শতাংশ জেন-জেড আৰু ৫৫ শতাংশ মিলেনিয়েল ।

প্ৰতিবেদন অনুসৰি, বিশেষকৈ কম বয়সীয়া পেছাদাৰীসকলৰ মাজত যিসকলে অধিক টেক-হোম পে’ৰ ওপৰত গুৰুত্ব আৰোপ কৰে, তেওঁলোকৰ বাবে ক্ষতিপূৰণ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰক হৈয়েই আছে । কিন্তু মিড কেৰিয়াৰ পেছাদাৰীসকলে পাৰিতোষিক আৰু অৰ্থপূৰ্ণ কামক সমান গুৰুত্ব দিছে । প্ৰতিবেদনত কোৱা হৈছে যে নিয়োগকৰ্তাসকলে লাভ আৰু ধৰি ৰখা কৌশলৰ সৈতে বৃদ্ধি পোৱা দৰমহাৰ আশাৰ মাজত ক্ৰমান্বয়ে ভাৰসাম্য ৰক্ষাৰ চাপৰ সন্মুখীন হৈছে । (ANI)

লগতে পঢ়ক: আসন্ন দুঃসময়! মুদ্ৰাস্ফীতিয়ে অতি বিধ্বস্ত পৰ্যায়লৈ লৈ যাব পাৰে জনজীৱন