ডিজিটেল বিবাহপৰ্ব ! বৈজাপুৰৰ কইনাক লণ্ডনৰ দৰাই ভাৰ্চুৱেলী পিন্ধালে আঙুঠি
এক ব্যতিক্ৰমী অনুষ্ঠান । কইনাক আঙুঠি পিন্ধাবলৈ আহিব নোৱাৰিলে দৰা ।

Published : October 29, 2025 at 12:27 PM IST
ছত্ৰপতি সম্ভাজিনগৰ: ইণ্টাৰনেটে সংকুচিত কৰিছে সমগ্ৰ পৃথিৱী । আপোনজন যিমানেই দূৰত নাথাকক কিয় পলকতে হ'ব পাৰি মুখামুখি । বন্ধুত্ব, প্ৰেমৰ কাহিনী, এই সকলোবোৰেই অনলাইনযোগে এতিয়া সূলভ । কিন্তু এইবাৰ কিছু ইয়াতকৈয়ো ব্যতিক্ৰম দৃশ্য দেখা গ'ল । হয়তো এয়া প্ৰথমবাৰৰ বাবে সম্ভৱ হৈছে । সম্পূৰ্ণৰূপে অনলাইনতে সম্পন্ন হ'ল আঙুঠি পিন্ধোৱা পৰ্ব । দৰা বহি থাকিল বিশ্বৰ কোনো এখন মহাদেশত আৰু কইনা ভাৰতত ।
যোৱাটো মাহত একলগ হৈছিল দুটা পৰিয়াল । একেবাৰে সাধাৰণভাৱে ল'ৰা-ছোৱালীৰ মুখামুখি হোৱাৰ অনুষ্ঠান অনুষ্ঠিত হৈছিল । সেইসমূহ সকলো ঠিকেই সম্পন্ন হ'ল । কিন্তু আঙুঠি পিন্ধোৱাৰ বাবে দৰাই নাপালে ছুটী । সেয়ে কিছু ব্যতিক্ৰম কৰাৰ কথা চিন্তা কৰিলে দৰাই । ভাৰ্চুৱেলীয়েই এই কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । বৈজাপুৰৰ বিধায়ক ৰমেশ বৌৰনাৰে নিজেই দৰাৰ লগত ফোনত কথাপাতি অনলাইনত এই কামফেৰা সম্পন্ন কৰে । অতিথিও আহিল, ৰভাতলীও সজোৱা হ'ল, সংগীতো বাজি উঠিল মাত্ৰ দৰা থাকিল স্ক্ৰীণত ।
এই বিশেষ অনুষ্ঠানৰ কইনা বৈজাপুৰৰ ফুলেৱাৰীৰ প্ৰগতি গণেশ গাইকোৱাড়, পেছাত এগৰাকী বৈদ্যুতিক অভিযন্তা । ইফালে দৰা আশুতোষ শিৱাজী পুণ্ড মূলতঃ আহিল্যানগৰৰ নন্দগাঁৱৰ শিংগাৱেৰ বাসিন্দা আৰু বৰ্তমান লণ্ডনত আমাজনত কৰ্মৰত । তেওঁ পৰিয়াল বৰ্তমান পুনেত থাকে ।

দীপাৱলীৰ পূৰ্বে আশুতোষ ছুটীত আহিছিল ভাৰতলৈ । প্ৰগতিৰ কথা গম পাই, তেতিয়াই দুয়োটা পৰিয়াল একলগ হৈছিল । দুয়ো শিক্ষিত, কৰ্মৰত আৰু পৰিপক্ক আছিল । তেওঁলোক লগ হ'ল, কথা-বতৰা পাতিলে আৰু দুয়োটা পৰিয়ালৰ মত মিলিল । দুয়োটা পৰিয়ালৰ আশীৰ্বাদত সম্পৰ্ক কটকটীয়া হ'ল ।
ইয়াৰ পিছতে পূৰ্বৰ দৰেই আশুতোষ পুনৰ উৰা মাৰিলে লণ্ডনলৈ । কিন্তু ইতিমধ্যে আঙুঠি পিন্ধোৱাৰ দিন ঠিৰাং কৰা হৈ গৈছিল । কিন্তু আশুতোষৰ বাবে পুনৰ ছুটী লোৱাটো সম্ভৱ নাছিল । কি কৰিব এতিয়া ? দুয়োটা পৰিয়ালে চিন্তা কৰিলে,'অনলাইনতে কৰিব পাৰি দেখোন' !
সেই অনুসৰিয়েই আৰম্ভ হ'ল । মণ্ডপ সজোৱা হ'ল, আত্মীয়-স্বজন গোট খালে, কইনাই নিজৰ সাজ পৰিধান কৰিলে । কিন্তু দৰা ক'ত ! অলপ পিছতে দৰা জিলিকি উঠিল এখন ডাঙৰ পৰ্দাত । লণ্ডনত হাঁহি হাঁহি বহি আছিল দৰা আৰু তেওঁক আৱৰি ধৰি আছিল বন্ধুবৰ্গই । পুৰোহিতে মন্ত্ৰ মাতিলে, ৰীতি-নীতি সম্পন্ন হ'ল আৰু সকলোৱে হাত-চাপৰি বজালে ।
গোটেই ৰভাতলী আনন্দত উঠলি উঠিল । এতিয়া অপেক্ষা বিবাহলৈ । প্ৰগতিৰ ককাক সুনীল গাইকোৱাড়ে এই আনন্দৰ মুহূৰ্তত হাঁহি হাঁহি ক'লে, "আশুতোষে পৰৱৰ্তী ছুটী পালেই নিৰ্ধাৰণ কৰা হ'ব বিবাহৰ তাৰিখ ।"

