ৰাজ্যপাল ৰমেন ডেকাৰ ব্যংগাত্মক ছবি ! দুই যুৱকক ক্ষমা খুজিবলৈ ছত্তীশগড় উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ
প্ৰণৱ কলিতা আৰু লক্ষ্যধৰ ৰাজবংশী নামৰ যুৱকদ্বয়ৰ বিৰুদ্ধে এনে কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

Published : August 25, 2026 at 5:27 PM IST
গুৱাহাটী: সামাজিক মাধ্যমত অসমৰ জ্যেষ্ঠ ৰাজনীতিক তথা বৰ্তমানৰ ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাৰ ব্যংগাত্মক ছবি ৷ এই ছবি দুগৰাকী অসমীয়া যুৱকে তৈয়াৰ কৰা বুলি এক অভিযোগ উত্থাপিত হৈছে ৷
এনেধৰণৰ ব্যংগাত্মক ছবি সামাজিক মাধ্যমত প্ৰচাৰ কৰি যুৱকদ্বয়ে অসমৰ জ্যেষ্ঠ ৰাজনীতিক তথা ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাক অপমান কৰাৰ লগতে তেওঁৰ পদমৰ্যাদাৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷
প্ৰণৱ কলিতা আৰু লক্ষ্যধৰ ৰাজবংশী নামৰ যুৱকদ্বয়ৰ বিৰুদ্ধে এনে কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ যুৱক দুজনে নিজৰ নিজৰ সামাজিক মাধ্যমৰ একাউণ্ট ফেচবুকত ৰাজ্যপাল ৰমেন ডেকাৰ এনে ব্যংগাত্মক ছবি বা কাৰ্টুন প্ৰকাশ কৰি অসমীয়া ভাষাতে আপত্তিজনক কেপশ্বন ৰাখি ৰাজ্যপালগৰাকীক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে ৷
যুৱক দুজনে কৰা এনে কাণ্ডৰ বাবে অসম আৰু ছত্তীশগড়ৰ সম্পৰ্কত ব্যাঘাত জন্মাৰ সম্ভাৱনা আছে ৷ এই ঘটনাক কেন্দ্ৰ কৰি ছত্তীশগড়ৰ লোকসেৱা ভৱনে ৰায়পুৰস্থিত আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ৷ আৰক্ষীয়ে এই এজাহাৰৰ ভিত্তিত ২৩২/২০২৬ নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷ এই এজাহাৰৰ প্ৰতিলিপি ৰায়পুৰৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালততো দাখিল কৰা হৈছে ৷
আনহাতে, এই গোচৰক প্ৰত্যাহ্বান জনাই ১৪ আগষ্টত প্ৰণৱ কলিতা আৰু লক্ষ্যধৰ ৰাজবংশীয়ে ছত্তীশগড় উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল ৷ এই গোচৰৰ শুনানিৰ সময়ত আবেদনকাৰীয়ে বিনা চৰ্তে ক্ষমা বিচাৰিবলৈ, আপত্তিজনক ছবিসমূহ সামাজিক মাধ্যমৰ পৰা আঁতৰ কৰিবলৈ মান্তি হোৱাৰ বিপৰীতে তেওঁলোকৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনায় ৷ ছত্তীশগড় চৰকাৰৰ হৈ উচ্চতম ন্য়ায়ালয়ৰ বিশিষ্ট অধিবক্তা মনোজ গোৱেলে কয়, "আবেদনকাৰীদ্বয়ে কৰা এই কাম ক্ষমাৰ লগতে কোনো কাৰণতে গ্ৰহণযোগ্য নহয় ৷"
ইয়াৰ পিছতে পুনৰ ১৯ আগষ্টত আবেদনকাৰীয়ে এই গোচৰ উঠাই ল’বলৈ ক্ষমা বিচাৰি উচ্চ ন্যায়ালয়ত শপতনামা দাখিল কৰে ৷ তেতিয়া ৰাজ্য চৰকাৰৰ বিশিষ্ট অধিবক্তাগৰাকীয়ে চৰকাৰৰ হৈ কিছু চৰ্ত আগত ৰাখি গোচৰ প্ৰত্যাহাৰ কৰিবলৈ মান্তি হয় ৷
উল্লেখ্য যে, প্ৰণৱ কলিতা নামৰ ৩৫ বছৰীয়া যুৱকজন কামৰূপ জিলাৰ কেন্দুকোণাৰ বাসিন্দা হোৱাৰ বিপৰীতে লক্ষ্যধৰ ৰাজবংশী নামৰ প্ৰায় ৪১ বছৰীয়া যুৱকজন কামৰূপৰ কমলপুৰৰ অন্তৰ্গত বৰকুৰিহাৰ বাসিন্দা ৷
ছত্তীশগড় চৰকাৰৰ হৈ ন্যায়ালয়ে যুৱকদ্বয়ক লিখিতভাৱে ক্ষমা বিচাৰিবলৈ, নিজৰ নিজৰ সামাজিক মাধ্যমৰ জৰিয়তে ক্ষমা প্ৰাৰ্থনা বিচাৰি ভিডিঅ’ প্ৰকাশ কৰিবলৈ, গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতত ক্ষমা বিচাৰি আবেদন কৰাৰ সন্দৰ্ভত বিজ্ঞাপন প্ৰকাশ কৰিবলৈ, প্ৰণৱ কলিতা আৰু লক্ষ্যধৰ ৰাজবংশীৰ নামত থকা প্ৰতিটো সামাজিক মাধ্যমৰ একাউণ্টৰ পৰা এই ছবি স্থায়ীভাৱে ডিলিট কৰিবলৈ নিৰ্দেশ দিছে ৷ তদুপৰি পুনৰ যাতে তেওঁলোকে এনেধৰণৰ কোনো কাৰ্য সংঘটিত নকৰে তাৰ প্ৰতিও দায়বদ্ধ হ’বলৈ নিৰ্দেশনা জাৰি কৰিছে ৷
লগতে পঢ়ক: গ্ৰাহকক ধতুৰাগুটি খুৱাই বিপদত এমাজ'ন, ছুইগি, বিগ বাস্কেট: অনুজ্ঞাপত্ৰ বাতিল

