নুৰানং জলপ্ৰপাত: ইতিহাস, পৰম্পৰা আৰু পৰ্যটনৰ মেটমৰা সম্ভাৰ
প্ৰকৃতিৰ কোলাত বিস্তৃত এক ঐতিহাসিক স্বৰ্গ নুৰানং ৷ প্ৰতিবছৰে হাজাৰ হাজাৰ লোকৰ হৃদয় জয় কৰি অহা এক অমূল্য উপহাৰ ।

Published : November 14, 2025 at 5:08 PM IST
জং : পশ্চিম অৰুণাচল প্ৰদেশৰ এটা ঐতিহাসিক জলপ্ৰপাত । এই জলপ্ৰপাতটোৰ লগত সম্বন্ধ আছে ঐতিহাসিক ১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ সময়ৰ বিশেষ কাহিনীৰ । যি কাহিনী আজিও বহু লোকৰ বাবে অজ্ঞাত ।
পশ্চিম অৰুণাচলৰ ঐতিহাসিক আৰু মনোমোহা জলপ্ৰপাত
পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত অৱস্থিত নুৰানং জলপ্ৰপাত বা (জং ফল্ছ/বং বং ফল্ছ) হৈছে প্ৰায় ১০০ মিটাৰ উচ্চতাৰ এক মনোৰম প্ৰাকৃতিক সৌন্দৰ্য । টাৱাং চহৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ, জং ৰাজহ চক্ৰৰ ওচৰত আৰু অসমৰ তেজপুৰৰ পৰা প্ৰায় ৩২৫ কিঃমিঃ দূৰত্বত অৱস্থিত এই স্থানত উপস্থিত হওঁতেই ইয়াৰ ভৌগোলিক অৱস্থান পৰ্যটকৰ বাবে অধিক আকর্ষণীয় হৈ পৰে ।
স্থানীয় মনপা ভাষাত এই জলপ্ৰপাত ‘বং বং’ নামেৰে জনাজাত । চেলা পাছৰ পৰা উৎপত্তি হোৱা নুৰানং নদীয়ে এই জলপ্ৰপাতৰ সৃষ্টি কৰিছে ।
১৯৬২ চনৰ ভাৰত-চীন যুদ্ধৰ সাহসিক কাহিনী
নুৰানং বা জং জলপ্ৰপাতক আৱৰি থকা অঞ্চলটোৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে ১৯৬২ চনৰ যুদ্ধত সংঘটিত এক ঐতিহাসিক ঘটনা । গড়ৱাল ৰাইফলছৰ যশৱন্ত সিং ৰাৱতে এই স্থানত যুদ্ধকালীন অভিযানত অংশ লৈছিল । তেওঁক সহায় কৰিছিল দুজনী স্থানীয় মনপা যুৱতী— নুৰা আৰু চেলাই ।
ৰাৱতৰ কোম্পানীয়ে পিছলৈ যোৱাৰ সিদ্ধান্ত লোৱাৰ পিছতো ৰাৱতে সেই সময়তো যুদ্ধ চলাই যায় । নুৰা আৰু চেলাই ভাৰতীয় সৈন্যসকলক খাদ্য যোগান ধৰা আৰু অস্ত্ৰ কঢ়িয়াই নিয়াত সহায় আৰু যুদ্ধত গুৰুত্বপূর্ণ তথ্য যোগান ধৰি সহায় কৰিছিল । চেলা সেই যুঁজতেই নিহত হয় আৰু নুৰাক চীনা সৈন্যই ধৰি নিয়ে ।
স্থানীয় লোকৰ মতে, পৰৱৰ্তী সময়ত নুৰাৰ মৃতদেহ জলপ্ৰপাতৰ ওচৰতে পোৱা যায় । এই যুদ্ধত নুৰাৰ সাহস, ত্যাগ আৰু অৱদানৰ বাবে জলপ্ৰপাত আৰু নদী দুয়োটাৰ নাম নুৰানং বুলি নামকৰণ কৰা হয় ।
নামৰ উৎপত্তি
নুৰাৰ সাহসৰ স্মৃতি হৈছে এই বিখ্যাত জলপ্ৰপাত । ‘নুৰানং’ নামটো আহিছে নুৰা নামৰ সাহসী এগৰাকী মনপা যুবতীৰ পৰা । ১৯৬২ চনত ভাৰত আৰু চীনৰ মাজত সংঘটিত নুৰানং যুদ্ধত ৰাৱতৰ সহায়ত যুঁজ দিয়া নুৰা অঞ্চলটোৰ ইতিহাসত এক গৌৰৱময় চিহ্ন । পৰৱৰ্তী সময়ত তেওঁক সন্মান জনাই নদী আৰু জলপ্ৰপাত দুয়োটাৰ নাম তেওঁৰ নামথ উছৰ্গা কৰে ।

চলচ্চিত্ৰ জগতত নুৰানং জলপ্ৰপাত
অৰুণাচল প্ৰদেশৰ সৌন্দৰ্য বিশ্বমঞ্চত উন্মোচন কৰাত এই জলপ্ৰপাতেও গুৰুত্বপূর্ণ ভূমিকা লৈছে । ১৯৯৭ চনত নিৰ্মিত বলীউডৰ ‘কয়লা’ ছবিখনৰ বিশ্বখ্যাত গান ‘তনহাই, তনহাই, তনহাই’ৰ ইয়াত আৰু ছাংগেষ্টাৰ হৃদত দৃশ্যগ্ৰহণ কৰা হৈছিল । এয়াই আছিল অৰুণাচল প্ৰদেশত দৃশ্যগ্ৰহণ কৰা প্ৰথমখন বলীউডৰ ছবি ।
পৰৱৰ্তী সময়ত ২০০০ চনত অসমীয়া ছবিৰ জনপ্রিয় গান ‘মিঠা মিঠা’ও (হিয়া দিয়া নিয়া) চিত্ৰায়িত কৰা হৈছিল এই জলপ্ৰপাতৰ কাষতে । বৰ্তমান সময়ত নুৰানং জলপ্ৰপাত আৰু পৰিৱেশৰ অপূৰ্ব শোভাৰ বাবে পৰ্যটনৰ সম্ভাৱনা বৃদ্ধি পাইছে । বিশেষকৈ অৰুণাচল চৰকাৰে আনুষ্ঠানিকভাৱে পৰ্যটন স্থান হিচাপে বিকাশ কৰিছে । দেশী-বিদেশী পৰ্যটকৰ উল্লেখযোগ্য পৰ্যটন গন্তব্যস্থান হিচাপে ইয়াৰ খ্যাতি বৃদ্ধি পাইছে ।
পৰ্যটকৰ অভিমত
অসমৰ এজন পৰ্যটকৰ মতে, “চাৰিওফালে ওখ ওখ পাহাৰ আৰু কুলু কুলু পানীৰ শব্দই স্বৰ্গীয় অনুভৱৰ সৃষ্টি কৰে । প্ৰকৃতিৰ ভূস্বৰ্গ, চাৰিওফালে ওখ ওখ পাহাৰৰ মাজত এই কুলু কুলু পানীৰ শব্দ, ইয়ালৈ নাহিলে কোনেও উপলব্ধি কৰিব নোৱাৰে । জলপ্ৰপাতটো দেখিলে অনুভৱ হয় যেন মহাদেৱৰ জঁটাৰ পৰা যেন এই পানী বৈ আহিছে । এক সুন্দৰ পৰিৱেশ ।"
আনহাতে, পশ্চিমবংগৰ এজন পৰ্যটকৰ মতে, "আগতে কেতিয়াও এই ঠাই ভ্ৰমণ কৰা নাই । কিন্তু ইয়াত উপস্থিত হৈ যথেষ্ট সুখ অনুভৱ কৰিছোঁ, যথেষ্ট ভাললগা ঠাই ।"
নুৰানং জলবিদ্যুৎ প্রকল্প
নুৰানং জলপ্ৰপাতৰ পানীৰ উৎস— নুৰানং নদীৰ ওপৰত নিৰ্মিত জং জলবিদ্যুৎ প্ৰকল্পই অঞ্চলটোৰ বিদ্যুৎ যোগানতো গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে । নুৰানং জলপ্ৰপাত কেৱল প্ৰাকৃতিক সৌন্দৰ্যই নহয়, ই সাহস, ত্যাগ, ইতিহাস আৰু পৰিচয়ৰ এটা অমূল্য স্মৃতিস্তম্ভ । প্ৰত্যেকটোপা পানীয়ে আজিও যেন অনুভৱ কৰায় নুৰা, চেলা আৰু যশৱন্ত সিং ৰাৱতৰ সেই অমৰ সাহসিকতাৰ কাহিনী ।
এই স্থানটুকুৰা প্ৰকৃতিৰ কোলাত বিস্তৃত এক ঐতিহাসিক স্বৰ্গ, প্ৰতিবছৰে হাজাৰ হাজাৰ লোকৰ হৃদয় জয় কৰি অহা এক অমূল্য উপহাৰ ।

