পবন খেড়াৰ বাসগৃহত অসম আৰক্ষীৰ অভিযান কিয় ? ক্ষুব্ধ এনএছইউআই কৰ্মীৰ প্ৰতিবাদ
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ‘‘বিচলিত, হতাশ আৰু আতংকিত’’ বুলি কটাক্ষ কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশৰ ৷

By ANI
Published : April 8, 2026 at 5:40 PM IST
নতুন দিল্লী: কংগ্ৰেছ নেতা পৱন খেড়াৰ বাসগৃহত অসম আৰক্ষীয়ে চলোৱা অভিযানৰ বিৰুদ্ধে মঙলবাৰে দিল্লীৰ অসম ভৱনৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে এনএছইউআইৰ কৰ্মীসকলে । প্ৰতিবাদী দলটোৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কৰাৰ লগতে অসম আৰক্ষীৰ এই কাৰ্যৰ বিৰুদ্ধাচৰণ কৰে ।
ইয়াৰ পূৰ্বে কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে বিজেপি নেতৃত্বাধীন চৰকাৰখনক তীব্ৰ আক্ৰমণ চলাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ‘‘বিচলিত, হতাশ আৰু আতংকিত’’ বুলি কটাক্ষ কৰে । পৱন খেড়াৰ বাসগৃহত অসম আৰক্ষীৰ এটা দল উপস্থিত হোৱাৰ পিছতে মুখ্যমন্ত্ৰী শৰ্মাক এইদৰে কঠোৰ সমালোচনা কৰে দলটোৰ আগশাৰীৰ নেতা ৰমেশে ৷
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সৈতে জড়িত ‘পাছপ’ৰ্ট বিতৰ্ক’ ৰ অভিযোগৰ ভিত্তিতে অসম আৰক্ষীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছিল ৷ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই মানহানিৰ অভিযোগ দাখিল কৰাত নতুন দিল্লীৰ নিজামুদ্দিন ইষ্টত থকা খেড়াৰ ঘৰত আৰক্ষী উপস্থিত হৈছিল ।
সামাজিক মাধ্যম এক্সৰ পোষ্টত জয়ৰাম ৰমেশে পৱন খেড়াৰ বাসগৃহৰ বাহিৰত আৰক্ষী বিষয়া নিয়োজিত কৰাক লৈ সমালোচনা কৰি কয় যে মুখ্যমন্ত্ৰীৰ বহু কু-কৰ্ম উদঙাই দিয়া বিৰোধীৰ কণ্ঠ দমন আৰু নিস্তব্ধ কৰিবলৈ ৰাষ্ট্ৰযন্ত্ৰ ব্যৱহাৰ কৰা এজন লোকৰ এয়া গোড়ামী ৷
‘‘জনস্বাৰ্থত মৌলিক প্ৰশ্ন কৰা মোৰ সহকৰ্মী পৱন খেড়াক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী বিষয়াৰ এটা সম্পূৰ্ণ দল নিয়োগ কৰাটোৱে প্ৰমাণ কৰে যে অসমৰ মুখ্যমন্ত্ৰী বিচলিত, হতাশ আৰু আতংকিত । এয়া শুদ্ধ প্ৰক্ৰিয়া নহয়, প্ৰতিশোধমূলক কাৰ্যহে ৷ এজন শক্তিশালী ব্যক্তিয়ে চৰকাৰী যন্ত্ৰৰ অপব্যৱহাৰ কৰি নিজৰ বহু কু-কৰ্ম উদঙাই দিয়া বিৰোধীৰ কণ্ঠ দমন কৰি আছে । ভয়-ভাবুকিৰ আশ্ৰয় লোৱাসকলে আচলতে ভয় খাই থাকে আৰু লুকুৱাবলগীয়া বহুত আছে । মুখ্যমন্ত্ৰীয়ে যে পৰাজয়ৰ সন্মুখীন হৈছে তাৰো প্ৰমাণ এইটোৱেই ৷’’ এক্সত এনেদৰে লিখিছে জয়ৰাম ৰমেশে ।
কংগ্ৰেছ নেতা দীপক ভৰদ্বাজেও অসম আৰক্ষীৰ নিয়োগক সমালোচনা কৰি ইয়াক পুনৰাবৃত্তিমূলক বিষয় বুলি অভিহিত কৰে । তেওঁ কয় যে সমগ্ৰ ৰাজধানী চহৰৰ কংগ্ৰেছ কৰ্মীসকলে দলৰ শীৰ্ষ নেতাগৰাকীৰ প্ৰতি সমৰ্থন প্ৰদৰ্শন কৰিবলৈ পূৰ্ণশক্তিৰে সমবেত হৈছে ।
লগতে পঢ়ক: ৰাজনীতিকৰ প্ৰচাৰে অনা জোৱাৰে ভোটাৰক কিমান প্ৰভাৱিত কৰিলে ? গণভিত্তি কাৰ ? অপেক্ষা ৪ মে'লৈ !

